পাঁচশ বছৰীয়া পৰম্পৰাৰে মাজুলী সত্ৰানুষ্ঠানত ভোগালী উৎসৱ…

পাঁচশ বছৰীয়া পৰম্পৰাৰে মাজুলী সত্ৰানুষ্ঠানত ভোগালী উৎসৱ…

ডিজিটেল সংবাদ, মাজুলীঃ আজি ভোগৰ উৎসৱ ভোগালী । অসমীয়াৰ বাপতি সাহন বিহুতি সমগ্ৰ অসমৰ লগতে সত্ৰপীঠ মাজুলীতো অতি আধ্যাত্মিক ৰীতি নীতি পৰম্পৰাগত ভাৱে পালন কৰে । ৫শ বছৰীয়া ঐতিহ্যৰে মহীয়ান শংকৰ মাধৱ গুৰু দুজনাৰ পদৰেনুৰে ৰঞ্জিত মাজুলীৰ ৩৫ খন সমূহৰ লগতে গ্ৰামাঞ্চলত স্বকীয় পৰম্পৰা লোকৰীতি আধ্যাত্মিক তাৰে ভোগালী বিহু পালন কৰে ।

সত্ৰানুষ্ঠানত পূৱা সত্ৰাধিকাৰ সহিতে সমূহ বৈষ্ণৱ সকলে স্নান কৰি মেজীত অগ্নিস্পৰ্শ কৰে। বৰগায়নৰ হৰি ধ্বনি দিয়ে । ঐক্য সম্প্ৰীতিৰ এনাজৰী গঢ়ি তোলাৰ লগতে সমাজৰ অশান্তি বিনাসৰ বাবে সকলোৱে অগ্নিক সেৱা প্ৰাৰ্থনা আগবঢ়ায়। ঐতিহাসিক দক্ষিনপাট সত্ৰত সমূহ ভকত বৈষ্ণৱ সকলে কাহিলি পুৱাতে উঠি স্নান কৰি মেজিৰ ওচৰত সকলো বৈষ্ণৱ একত্ৰিত হৈ ধৰ্মীয় পৰম্পৰাৰে মেজিত অগ্নিস্পৰ্শ কৰাই হৰিধ্বনি দিয়াৰ লগতে গায়ন বায়ন সংকীত্তন আদি পৰিবেশন কৰে।

সত্ৰাধিকাৰ ননীগোপাল গোস্বামীয়ে অসমবাসীলৈ ভোগালীৰ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে সমাজত শান্তি সম্প্ৰীতি বৰ্তি থকাৰ লগতে অসূয়া অপ্ৰীতি নাশৰ বাবে যাদৱৰায় ওচৰত প্ৰাৰ্থনা কৰে । দিনযোৰা সাংস্কৃতিক কাৰ্যসুচীৰে দক্ষিনপাট সত্ৰত ভোগালী উৎসৱ উদযাপিত হৈছে। আনহাতে উত্তৰ কমলাবাৰী সত্ৰৰ সমূহ ভকত বৈষ্ণৱ সত্ৰাধিকাৰ সকলে পূৱা স্বকীয় ৰীতি নীতি পৰম্পৰা ৰে বৰগায়নে মেজীত জুই দি হৰিধ্বনিৰে সমাজৰ অসূৱা অপ্ৰীতি নাশৰ প্ৰাৰ্থনা জনায় ।

সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীয়ে অসমবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰে। উদাসীন বৈষ্ণৱ সকলে মেজিৰ উত্তাপ লৈ শাৰিৰীক মানসিক শক্তিৰ উৎকৰ্ষ বাবে সংকল্প লয়। উত্তৰ কমলাবাৰী সত্ৰত পুৱা বৈষ্ণৱ সকলে স্নান কৰি বহা ঘৰ, সত্ৰাধিকাৰ ,কীৰ্তন ঘৰ, আতাগৃহ সেৱা কৰি কীৰ্তন ঘৰত নামপ্ৰসংগ কৰে। জয় হৰি ৰাম জয় শ্ৰীৰাম আৰু জয় জয় ৰাম কৰুনা সাগৰ ঘোষা গোৱাৰ লগে প্ৰহ্লাদ চৰিত্ৰৰ তিনিটা কৈ কীৰ্তন দিৱ। ইয়াৰ পাছত গায়ন বায়ন ধেমালি পৰিবেশন কৰে।

মান্য বৈষ্ণৱ জনক সেৱা , বুঢ়াভকত,আৰু অধ্যাপক সকলক সেৱা কৰাৰ পৰম্পৰা চলি আহিছে। অতিথি শিষ্য প্ৰশিষ্যক অপ্যায়ন কৰে বৈষ্ণৱ সকলে। যুৱ বৈষ্ণৱ সকলে টেকেলি ভঙা, ৰছি টনা আদি পৰম্পৰাগত খেলধেমালি কৰে। মাজুলীৰ ৬ খন কৈ ঐতিহাসিক উদাসীন সত্ৰৰ বৈষ্ণৱ সকলে বণ্যাঢ়্য কাৰ্যসুচীৰে ভোগালী বিহু উদযাপন কৰিছে।

পুৱাৰ মেজী জ্বলোৱাৰ পাছত নাম কীৰ্তন গুৰু সেৱা ভকত সেৱা নাম সেৱা অধ্যাপক সকলক সেৱা আদি পৰম্পৰা প্ৰচলিত হৈ আহিছে। আনহাতে মাজুলীৰ আউনীআটী দক্ষিনপাট সত্ৰত দিনযোৰা বিভিন্ন কাৰ্যসুচীৰে ভোগালী পালন কৰিছে।ঐতিহাসিক আউনীআটী পূৱা মেজি প্ৰজ্বলন কৰাৰ পাছত ভকত বৈষ্ণৱ সকলে নাম প্ৰসংগ গায়ন বায়ন, হিয়ানাম থিয়নাম সংকীত্তন, ওজাপালি, আদি দিনযোৰা কাৰ্যসুচীৰে পৰিবেশন কৰিছে ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in