বৃহস্পতিবাৰৰ পৰা ২ খন ৰ-পেক্সসহ ৬ খন জাহাজ চলিব নিমাতী-কমলাবাৰী ঘাটতঃ মুখ্যমন্ত্ৰী ড০ শৰ্মা…

বৃহস্পতিবাৰৰ পৰা ২ খন ৰ-পেক্সসহ ৬ খন জাহাজ চলিব নিমাতী-কমলাবাৰী ঘাটতঃ মুখ্যমন্ত্ৰী ড০ শৰ্মা…
  • মাজুলীৰ ফেৰী দুৰ্ঘটনাৰ ঘটনাৰ পিছত দ্বিতীয়বাৰৰ বাবে নিমাতীঘাটত উপস্থিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।
  • এই ভ্ৰমণকালত মুখ্যমন্ত্ৰীক সংগ দিয়ে সাংসদ কামাখ্যা প্ৰসাদ তাছা আৰু পত্নী ৰিণিক ভূঞা শৰ্মাই।
  • নিমাতী-কমলাবাৰী ঘাটৰ পৰিস্থিতি পৰ্যবেক্ষণ কৰাৰ লগতে আভ্যন্তৰীন জলপৰিবহণ বিভাগৰ বিষয়াবৰ্গৰ সৈতে তেওঁ আলোচনাত মিলিত হয়।
  • ইয়াৰ পিচতে তেওঁ সংবাদ মাধ্যমৰ আগত ঘোষণা কৰে যে যাত্ৰীৰ দুৰ্ভোগ আৰু নিৰাপত্তাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি বৃহস্পতিবাৰৰ পৰাই দুখন ৰ-পেক্সসহ ৬ খন জাহাজ চলাচলৰ ব্যৱস্থা কৰা হৈছে।
  • লগতে যাত্ৰীৰ নিৰাপত্ত আৰু বিষয়া, কৰ্মচাৰীৰ গাফিলতিৰ দিশ নিৰীক্ষণৰ বাবে যোৰহাট আৰু মাজুলীৰ পৰা নিয়ন্ত্ৰিত চি চি কেমেৰা দুয়োটা ঘাটত সংস্থাপিত কৰা ব্যৱস্থা কৰা হ'ব।
  • তদুপৰি মাজুৰীল পৰা ঢকুৱাখনা বগীনদী হৈ গুৱাহাটীলৈ প্ৰাৰম্ভিক পৰ্যায়ত দুখন নৈশ বাছ দৈনিক চলাচলৰ ব্যৱস্থাও কৰা হ'ব।
  • নিমাতী ঘাটৰ ট্ৰেজেডিৰ দৰে ব্ৰহ্মপুত্ৰৰ কোনো পাৰঘাটত পৰৱৰ্তীসময়ত যাতে সংঘটিত নহয় সেয়া নিশ্চিত কৰাৰ ব্যৱস্থা পৰ্যায়ক্ৰমে লোৱা হ'ব।
  • কঠোৰ ভাৱে পাৰ ঘাটত অবৈধ নাৱৰ বহা আৰু দালাল ৰাজ বন্ধ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হ'ব।
  • ইয়াৰোপৰি মাজুলীৰ পৰা লখিমপুৰ বগী নদীহৈ চলিব নৈশ বাছ।
  • প্ৰথম পৰ্যায়ত ২ খন নৈশ বাছ চলিব যদিও যাত্ৰীৰ সংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি পৰৱৰ্তী সময়ত বাছৰ সংখ্যা বৃদ্ধি কৰাৰো ব্যৱস্থা কৰা হ'ব।
  • নিমাতী ঘাটৰ পিচতে মুখ্যমন্ত্ৰীগৰাকী সপত্নীক প্ৰখ্যাত ঢেকীয়াখোৱা নামঘৰত উপস্থিত হয়।
  • নামঘৰত ধূপ, দ্বীপ নৈবেদ্যৰে শৰাই আগবঢ়াই সেৱা গ্ৰহণ কৰে সপত্নীক মুখ্যমন্ত্ৰীয়ে।
  • বৃহত সংখ্যক ভক্ত, বৈষ্ণৱৰ উপস্থিতিত সেৱা জনাই তেওঁ আশীৰ্বাদ লয়।
  • বুধবাৰৰ দিনটোত ইয়াৰ বাহিৰেও তেওঁ কেইবাটাও অনুষ্ঠানত ভাগ লোৱাৰ কথা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in