মুখ্যমন্ত্ৰীৰ সমষ্টি মাজুলীত বান সাহায্য বিতৰণত অনিয়মৰ অভিযোগ…

মুখ্যমন্ত্ৰীৰ সমষ্টি মাজুলীত বান সাহায্য বিতৰণত অনিয়মৰ অভিযোগ…

ডিজিটেল সংবাদ, নাৰায়ণপুৰ: লখিমপুৰ আৰু মাজুলী জিলাৰ সীমান্তৱৰ্তী মাজুলী সমষ্টিৰ অন্তৰ্গত
দিৱানা চাপৰিত বান সাহাৰ্য বিতৰণত ব্যাপক অনিয়মৰ অভিযোগ উত্থাপিত হৈছে। শুকুৰবাৰে বিয়লি অঞ্চলটোৰ দুৰ্ভগীয়া বানাক্ৰান্ত লোকসকলক মাজুলী প্ৰশাসনৰ তৰফৰ পৰা বান সাহাৰ্য বিতৰণ কৰিবলৈ আহি প্ৰায় ৩-৪ কিলোমিটাৰ দূৰত্বত মণ্ডল বিতোপন দাসে সাহাৰ্য সামগ্ৰী সমূহ এৰি থৈ পলায়ণ কৰে।

ফলত সাহাৰ্য গ্ৰহণ কৰিবলৈ আহি খালী হাতেৰে উভতি যাবলৈ বাধ্য হ'ল বন্যাৰ্ত। এই ঘটনাত দিৱানা চাপৰি গাঁওখনৰ ৩০টাৰো অধিক বানাক্ৰান্ত পৰিয়াল সাহাৰ্যৰ পৰা বঞ্চিত হয় । লখিমপুৰ জিলাৰ
নাৰায়ণপুৰ-মাজুলী সীমান্তৰ কেৰকেৰ চাপৰিত সংঘটিত হৈছে এই কাণ্ড।

ঘটনাৰ বিৱৰণী অনুসৰি নামনি মাজুলীৰ মণ্ডল বিতোপন দাসে এখন নাৱত বৃহৎ পৰিমাণৰ বান সাহাৰ্য লৈ দুৰ্ভগীয়া লোকসকলক প্ৰদানৰ বাবে নাৰায়ণপুৰ আৰু মাজুলীৰ সীমান্তৱৰ্তী অঞ্চল কেৰকেৰ চাপৰিত উপস্থিত হৈ বিভিন্ন অজুহাত দেখুৱাই বান সামগ্ৰীসমূহ বিতৰণ নকৰাকৈয়ে স্থানীয় গাঁওবুঢ়া জনৰ হাততে এৰি থৈ যায় পলায়ন কৰে।

এই কাৰ্যত কেৰকেৰ চাপৰিৰ উত্তৰ দিশৰ সোৱণশিৰি পৰীয়া দিৱানা চাপৰিৰ প্ৰায় ৩০তকৈ অধিক পৰিয়াল ক্ষুব্ধ হৈ পৰে। উল্লেখ্য যে, দুপৰীয়াৰে পৰা বান সাহাৰ্যৰ বাবে নৈৰ পাৰত অপেক্ষা কৰি থকা লোক সকলে অৱশেষত বান সাহাৰ্য গ্ৰহণ নকৰাকৈয়ে ঘৰমুৱা হ'বলগীয়া হয় ।

বান সাহাৰ্যৰ পৰা বঞ্চিত হোৱা ক্ষুব্ধ লোকসকলে মণ্ডল গৰাকীৰ এনে কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে শীঘ্ৰে বৰ্খাস্ত কৰাৰ দাবী জনাইছে। সম্প্ৰতি এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়াই সৃষ্টি হৈছে ।

আনহাতে এই সমগ্র ঘটনাক চোকা ভাষাৰে গৰিহণা দিছে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে। পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি হেমচন্দ্ৰ গোস্বামীয়ে সমগ্র ঘটনাৰ উচিত তদন্ত কৰি দোষী মণ্ডল গৰাকীক তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ বৰ্খাস্ত কৰিবলৈ মাজুলী প্ৰশাসনক দাবী জনায়।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in