মাজুলী সুৰক্ষা দিয়াতো ব্ৰহ্মপুত্ৰ বৰ্ডৰ বাবে সম্ভৱপৰ নহয়,টি কে কোম্পানীৰ ভুলৰ বাবেই হৈছে খহনীয়াঃ ৰাজীৱ যাদৱ…

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল সংবাদ, মাজুলীঃ কেন্দ্ৰীয় চৰকাৰৰ জনশক্তি মন্ত্ৰনালয়ৰ উদ্যোগত,কেন্দ্ৰীয় গৃহ মন্ত্ৰনালয়ৰ অধিনস্থ ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা বাহিনীৰ সহযোগত ২৩ ডিচেম্বৰ ৰ পৰা ২০ জানুৱাৰী লৈকে বিশাল আয়োজন কৰিছে " ব্ৰহ্মপুত্ৰ আমন্ত্ৰণ" অভিযান।

নমামি ব্ৰহ্মপুত্ৰ ৰ পাছত ব্যয়বহুল বিশাল আয়োজন ব্ৰহ্মপুত্ৰ আমন্ত্ৰন অভিযান। ভাৰত -চীন সীমান্ত গেলিঙত আৰম্ভ হোৱা অভিযান ৯২৩ কিলোমিটাৰ অতিক্ৰম কৰি ভাৰত বাংলা সীমান্ত ধুবুৰীত শেষ কৰিব। বৰ্তমান ৪৪৩ কিলোমিটাৰ অতিক্ৰম কৰি মাজুলীত মঙলবাৰে উপস্থিত হয় দলটো।

কেন্দ্ৰীয় জলশক্তি মন্ত্ৰালয়ৰ অধিনস্থ ব্ৰহ্মপুত্ৰ বৰ্ডে মাজুলীৰ ৩৫ লক্ষ্য টকা ব্যয় সাপেক্ষে এক বিলাসী ব্যয়বহুল কাৰ্যসূচী ৰ আয়োজন কৰে মাজুলী মহাবিদ্যালয় ৰ খেল পথাৰ দৰিয়া ডুবিৰ পাৰত। কিন্তু ২০০৪ চনৰে পৰা মাজুলী সুৰক্ষাৰ নামত লুতি-পুতি খোই মাজুলীবাসীৰ চকুৰ কুটা দাঁতৰ শাল হৈ পৰা বৰ্ডৰ কাযসুচী যেন মাটি ভেঁটি ,সৰ্বহাৰা মাজুলীবাসীয়ে যেন সম্পূৰ্ণ ৰূপে বয়কত কৰিলে। মাটি ভেটি হেৰুৱা সকলৰ বাবে যেন এই আয়োজন চৰম উপহাস।

মাজুলীৰ সৰ্বহাৰাৰ পৰা সচেতন মাজুলীবাসীয়ে অংশগ্ৰহণ নকৰিলে কাৰ্যসূচীত। অসমীয়া জাতীৰ আয়ূস ৰেখা ব্ৰহ্মপুত্ৰ মাজুলীবাসীয়ে মিত্ৰজ্ঞান কৰাই নহয় সেৱা ভক্তি পূজা অৰ্চনা কৰি আহিছে কিন্তু বিজ্ঞান সন্মত সুৰক্ষাৰ নামত কোটি কোটি টকা লুটি পুতি খাই গেৰেলা হোৱা কেন্দ্ৰীয় চৰকাৰৰ অধিনস্থ ব্ৰহ্মপুত্ৰ বৰ্ড নামৰ সন্থাটো কেতিয়াও মাজুলীবাসীৰ মিত্ৰ হৱ নোৱাৰে তাৰ প্ৰমান বৰ্ডে আয়োজন কৰা ৩৫ লাখটকীয়া কাৰ্যসূচী য়ে প্ৰমান কৰিলে।

মাজুলীৰ আউনীআটী সত্ৰৰ মাটি আখৰা, মিছিং নৃত্য, বিহু নৃত্য, আৰু মুখা পৰিবেশন ৰ সময়ত সন্মুখৰ আসন আছিল সম্পূৰ্ণ খালী। জনপ্ৰিয় কন্ঠশিল্পী জুৱলী বৰুৱা অনুষ্ঠানত উপস্থিত আছিল জুৱলীক ভাল পোৱা মুষ্ঠিমেয় দৰ্শক। ইমান বিশাল পেণ্ডেল,ব্যয়বহুল, বিলাসী আয়োজন কৰিও গনবিছিন্ন বৰ্ডে জনসংযোগৰ বৃথা চেষ্টা কৰি বিফল হ'ল। আনহাতে ব্ৰহ্মপুত্ৰ বৰ্ডৰ অধ্যক্ষ ৰাজীৱ যাদৱৰ নিলৰ্জ চিকাৰোক্তি ইমান বিশাল নদীখনক কেনেকৈ নিয়ন্ত্ৰন কৰিম।

ব্ৰহ্মপুত্ৰ বৰ্ডে ব্ৰহ্মপুত্ৰক নিয়ন্ত্ৰণ কৰাতো অসম্ভৱ। আৰু ২৩৭ কোটি টকীয়া সুৰক্ষা ৰ কাম কৰি থকা অৰুনাচলৰ বিৰ্তকিত টি কে কোম্পানীৰ ভূলৰ কথা অকপতে স্কীকাৰ কৰাৰ লগতে খহনীয়া প্ৰতিৰোধৰ প্ৰযুক্তিতো ভূল থকাৰ কথা স্কীকাৰ কৰি দোষ টি কে কোম্পানীৰ ওপৰত জাপি দায়সাৰে। বৰ্তমান ভকত চাপৰি, শালমৰা কমলাবাৰী ফেৰী ঘাটত চলি থকা খহনীয়া আক্ৰান্ত ভুক্ত ভুগিসকৰ বাবে কেৱল দুখ প্ৰকাশ কৰি নিজৰ দায়িত্ব সামৰে।

সন্ধিয়া ঠাণ্ডাৰ বাবেহে মাজুলীবাসীয়ে সহযোগ নকৰিলে বুলি তৰল মন্ত্ৰব্য প্ৰকাশ কৰে। ২৩৭ কোটি টকা ব্যয় কৰি মাজুলীৰ ভুমি এচপৰাও সুৰক্ষিত কৰিব নোৱাৰা কেন্দ্ৰীয় সন্থাটোৰ অধ্যক্ষ ই এতিয়া আত্মসমৰ্পন কৰি দায়সৰা মন্ত্ৰব্য ই মোটসোলোকা দিৱ বিচাৰিছে। কোটি কোটি টকা ব্যয় কৰাৰ পাছত এতিয়া আকৌ ব্ৰহ্মপুত্ৰ আমন্ত্ৰণ কাৰ্যসূচী ৰে নদী গৱেষণা কৰি খহনীয়া প্ৰতিৰোধৰ নতুন ফৰ্মুলা উলিওৱাৰ কথা উল্লেখ কৰিছে মাজুলী আইক শুহি খোৱা গেংটোৰ চৰ্দাৰে। আনহাতে উক্ত অনুষ্ঠানত উপস্থিত থকা মাজুলীৰ বিধায়ক তথা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ব্ৰহ্মপুত্ৰ বৰ্ডৰ ব্যৰ্থতা আৰু খহনীয়া সন্দৰ্ভত টু শব্দ ও উল্লেখ নকৰিলে। ভাষন প্ৰসংগত মুখ্যমন্ত্ৰী য়ে উল্লেখ কৰে ইয়াত প্ৰাকৃতিক দুৰ্যোগ হব ই ইয়াৰ সৈতে মোকামিলা কৰি ইয়াৰ সৈতে জীৱন ধাৰন কৰিব লাগিব।

ব্ৰহ্মপুত্ৰ ক এলাগি কৰিব নালাগে। কোটি টকীয়া ব্ৰহ্মপুত্ৰ আমন্ত্ৰণৰ উদ্দেশ্য হৈছে জনসাধাৰনক জলৰ লগত সমন্ধ স্থাপন কৰা, ব্ৰহ্মপুত্ৰ ক শক্ৰ নহয় মিত্ৰ জ্ঞানৰ বাবে সজাগতা স্থাপন , আৰু খহনীয়া অধ্যয়ন, নদী কেৱল বান-গড়াখহনীয়া নেতিবাচক দিশৰ ওপৰিও সভ্যতা সংস্কৃতি গঢ়ি উঠা অসমীয়া ৰ আয়ুস ৰেখা নদীখন যেন আৰ্শীবাদ স্বৰূপো ইয়াৰ প্ৰতি সজাগ কৰি তোলা

ৰাফটিং দলটোৰ নেতৃত্ব দিছে সৃহাসিনী শেখাৱত নামৰ এগৰাকী মহিলাই, এন ডি আৰ এফৰ কমাণ্ডেন অমৰেন্দ কুমাৰ,বিচিপিএলৰ ৰীপা হাজৰিকা, নেহৰু যুৱ কেন্দ্ৰ ৰ প্ৰধান চৈয়দ আলি উপস্থিত থাকে। গুৱাহাটীৰ আই আই টিয়েও সহযোগিতা আগবঢ়াই। মাজুলীৰ ৩৫ লাখটকীয়া ব্যয় আয়োজন আছিল যেন ফ্লপ শ্ব' এনেদৰে অসমৰ বিভিন্ন ঠাইত কাৰ্যসুচীৰ আয়োজন কৰিব। কেন্দ্ৰীয় চৰকাৰে নমামি ব্ৰহ্মপুত্ৰ ৰ পাছত আমন্ত্ৰণ ব্ৰহ্মপুত্ৰ দ্বাৰা কোটি কোটি টকা ব্যয় কৰিছে কিন্তু ঘৰ ভেটি মাটি প্ৰতিবছৰে হেৰুৱাই থকা দুৰ্ভগীয়া সকলৰ কথা কোনে ভাবিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in