মাজুলীক বানমুক্ত আৰু গৰাখহনীয়ামুক্ত কৰিমঃ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ…

মাজুলীক বানমুক্ত আৰু গৰাখহনীয়ামুক্ত কৰিমঃ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ…

ডিজিটেল সংবাদ, মাজুলীঃ 'মাজুলীত দীৰ্ঘদিনে চলি অহা খৰাখহনীয়া প্ৰতিৰোধৰ বাবে ১০৭৬ কোটি টকা আৱন্টন দিয়া হ'ব। যিমান ডাঙৰ বানপানী হলেও গৰাখহনীয়া নহয়। অসমক আতংকবাদ মুক্ত ,আন্দোলনমুক্ত, ভ্ৰষ্টাচাৰ মুক্ত আৰু অনুপ্ৰৱেশকাৰী মুক্ত বনালো কিন্তু আহিবলগীয়া ৫ বছৰত আমি অসমক বানপানী মুক্ত কৰিম। মাজুলীত কেতিয়াও খৰাখহনীয়া নহয়, প্ৰধানমন্ত্ৰী মোডীজীয়ে বানপানীৰ গোটেই পানী ডাঙৰ ডাঙৰ খাল আৰু সৰোবৰত পেলাই আপোনালোকক বানপানী মুক্ত কৰিব।'- সোমবাৰে এনেদৰে ভাষণ প্ৰদান কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে।

অসমক সন্ত্ৰাসবাদ মুক্ত, অবৈধ বাংলাদেশী মুক্ত, আন্দোলন মুক্ত অসম গঢ়িবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰ আৰু অসমত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ দ্বৈত নেতৃত্বত গত পাঁচ বছৰত সম্ভৱ হ'ল৷ পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনত আন্দোলনৰ নামত একাধিক যুৱকৰ ওপৰত অমানুসিক অত্যাচাৰৰ লগতে গুলি চলাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছিল আৰু ফলশ্ৰুতিত বহু যুৱকে অকালতে জীৱন বলিদান দিব লগা হৈছিল৷ কিন্তু বৰ্তমান বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনে অসমখনক আন্দোলন কৰিব নলগা এক নৱ অসমৰ সূচনা কৰিছে৷ যাৰ ফলত চৰকাৰখনে সবকা সাথ সবকা বিকাশ আৰু সবকা বিশ্বাস মূল মন্ত্ৰৰে উন্নয়নৰ দিশত অগ্ৰসৰ হৈছে। আজি ৯৯ নং মাজুলী বিধানসভা সমষ্টিৰ হেভিৱেট প্ৰাৰ্থী মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হৈ প্ৰচাৰ চলাবলৈ আহি মাজুলীৰ ফুলনি পথাৰত অনুষ্ঠিত হোৱা জনসভাত এইদৰে মন্তব্য কৰে দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে৷

মন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰসংগত এই পাঁচ বছৰত পূৰ্বৰ চৰকাৰ সমূহৰ কাৰ্যকালত অসমত বিভিন্ন বিভাগত যিধৰণে দূৰ্নীতি সংঘটিত হৈছিল আজিৰ তাৰিখত সৰ্বানন্দ সোণোৱাল নেতৃত্বৰ চৰকাৰখনৰ ওপৰত এটাও দূৰ্নীতিৰ অভিযোগ বিৰুধী শক্তিসমূহে আঙুলিয়াব পৰা নাই৷ অসমক ভ্ৰষ্টাচাৰ মুক্ত হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত সৰ্বানন্দ সোণোৱাল চৰকাৰে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে৷ অসমৰ বৈষ্ণৱ সংস্কৃতিৰ সাধক, নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ সম্পৰ্কত গৃহ মন্ত্ৰীজনে ভাষণ প্ৰসংগত কয় যে- শংকৰদেৱ কেৱল মাজুলী অথবা অসমৰ বাবেই গৌৰৱ নহয় তেখেতৰ অৱদান সমগ্ৰ দেশবাসীৰ বাবেই স্মৰণীয়৷ শংকৰ, মাধৱ দুজনা গুৰুৱে প্ৰতিষ্ঠা কৰা অসম মূলুকৰ অন্যতম সাংস্কৃতিক পীঠস্থান বৰপেটা, বটদ্ৰৱা আদিকে ধৰি বিভিন্ন স্থানসমূহত যিধৰণে অবৈধ বাংলাদেশীয়ে ভূমি অধিগ্ৰহণ কৰিছিল সেই সমূহ বৰ্তমান বিজেপি চৰকাৰখনে ভূমি বেদখলমুক্ত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে৷

গুৰু দুজনাৰ অমৰ সৃষ্টিৰাজী গাঁৱে গাঁৱে প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ বাবে বিজেপি চৰকাৰখনে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি অসমৰ প্ৰতিটো নামঘৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ২.৫০ লাখ কৈ টকা প্ৰদান কৰিছে৷ ইয়াৰোপৰি অসমৰ অন্যতম পৰিচয় সত্ৰ, মঠ মন্দিৰ সমূহলৈ অসম দৰ্শণ আঁচনিৰ জৰিয়তে আৰ্থিক অনুদান প্ৰদান কৰি আহিছে৷ ইফালে গৃহমন্ত্ৰীজনে কংগ্ৰেছ আৰু আজমলৰ মিত্ৰজোঁট সম্পৰ্কত কৰ্কথনা কৰি কয় যে- কংগ্ৰেছে অসমৰ আবেগ অনুভূতি, জাতীয় সত্বাক কেতিয়াও স্বীকাৰ নকৰে৷ সেইবাবেই আজমলৰ দৰে কালপ্ৰীতে ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙাত অবৈধ বাংলাদেশী বহিস্কাৰৰ সময়ত তেওঁলোকক ৰক্ষণা বেক্ষণৰ বাবে উঠি পৰি লাগিছিল৷ অসমত বাংলাদেশী মূলৰ চৰকাৰ গঠন কৰাৰ স্বাৰ্থত কংগ্ৰেছে কাম কৰি আহিছে৷ সেই কথা বৰ্তমানৰ নিৰ্বাচনত কংগ্ৰেছ আৰু আজমলৰ মিত্ৰতাই প্ৰতিপন্ন কৰে৷ অসমত কংগ্ৰেছৰ চৰকাৰ হ'লে অসমখন অবৈধ বাংলাদেশীয়ে ভৰি পৰিব বুলি মন্তব্য কৰে গৃহমন্ত্ৰীগৰাকীয়ে।

লগতে তেওঁ কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীক কৰ্টাক্ষ কৰি কয় যে- 'ৰাহুল বাবা' অসমৰ ৰাইজক কোৱা আজমল কোলাত বহি তোমালোকে কেনেদৰে অসমক অবৈধ বাংলাদেশীৰ পৰা মুক্ত কৰিবা? যি আজমলৰ ইচ্ছাত অসমৰ ভূমিপুত্ৰসকলে নিজা ভূমি হেৰুৱাবলগীয়া হৈছে, অসমৰ গৌৰৱ সত্ৰ সমূহৰ ভূমিত অবৈধ বিদেশীয়ে দখল কৰিছে আৰু সেই আজমলকে লগত লৈ অসম বচাও শ্ল'গানেৰে নিৰ্বাচনৰ প্ৰচাৰ চলোৱা কাৰ্যক অসমবাসীয়ে কেতিয়াও স্বীকাৰ নকৰে৷ যদি অসমৰ পৰা অবৈধ বাংলাদেশী খেদিব পাৰে কেৱল মাত্ৰ ভাজপা চৰকাৰেহে পাৰিব বুলি ৰাইজক উদ্দেশ্যি গুৰুত্বপূৰ্ণ মন্তব্য কৰে৷

পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনত অসমত সন্ত্ৰাসবাদীৰ সংখ্যা বৃদ্ধি পাইছিল কিন্তু ২০১৬ বিজেপি মিত্ৰজোঁটৰ চৰকাৰ গঠন হোৱাৰ পাছতেই পাঁচটা বছৰত ২০০০ সন্ত্ৰাসবাদীয়ে মূল সূতিলৈ ঘূৰি আহিছে আৰু অসম বৰ্তমান সন্ত্ৰাসবাদ মুক্ত অসম হিচাপে পৰিগণিত হৈছে৷ সোমবাৰে অসমত শান্তি আৰু উন্নয়নৰ বাতাবৰণ যদি আনিছে কেৱল বিজেপিয়েহে আনিছে৷ এই পাঁচ বছৰত হোৱা মাজুলীৰ উন্নয়ন সম্পৰ্কত মন্ত্ৰীজনে কয় যে- মাজুলীত যিমান পৰিসৰৰ উন্নয়ন হৈছে সিমান পৰিসৰৰ উন্নয়ন মোৰ নিজা সমষ্টিটো হোৱা নাই৷ স্বাধীনতাৰ সত্তৰ বছৰৰ অতিক্ৰম কৰা পিছত ২০১৬ত সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত গঠন হোৱা বিজেপি চৰকাৰে মাজুলীক ন-ৰূপত সজাই তুলিছে৷ জিলা হিচাপে মাজুলীক স্বীকৃতি দিয়াৰ পিছতে প্ৰথমবাৰৰ বাবে মাজুলীত কেবিনেট বৈঠক অনুষ্ঠিত হৈছিল৷

শেহতীয়াকৈ যোৱা ১৮ ফেব্ৰুৱাৰীত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মাজুলী-যোৰহাটৰ মাজত যাতায়াতৰ উন্নয়ন ঘটাই ৯ কিঃমিঃ দৈঘ্যৰ দলং নিৰ্মাণৰ ভূমি পূজনৰ কাম সম্পন্ন, মাজুলীক আকাশ মাৰ্গেৰে সংযোগ স্থাপন কৰি অসমৰ প্ৰথমটো হেলি পৰ্ট গড়মুৰত নিৰ্মাণ কৰাৰ লগতে জলপথেৰে যাতায়াত উন্নয়ন ঘটাই অত্যাধুনিক ৰ' পেক্স সেৱাৰ ব্যৱস্থা কৰিছে৷ এইয়া কেৱল সম্ভৱ হৈছে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাজুলীৰ প্ৰতি থকা সদিচ্ছাৰ বাবে৷ ইয়াৰ উপৰি বৰ্তমান কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ অসমক বানমুক্ত ৰাজ্য হিচাপে গঢ়ি তোলাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰাৰ কথাও উল্লেখ কৰে গৃহমন্ত্ৰী গৰাকীয়ে৷

মাজুলীৰ ফুলনি পথাৰত প্ৰায় ৫০ হাজাৰৰো অধিক লোকৰ উপস্থিতিত অনুষ্ঠিত হোৱা নিৰ্বাচনী প্ৰচাৰ সভাখনত গৃহমন্ত্ৰী গৰাকীয়ে ডবা-কাহ বজাই জনতাক সম্বোধন কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক অসমৰ ভিতৰতে সৰ্বাধিক সংখ্যক ভোটেৰে জয়যুক্ত কৰিবলৈ আহ্বান জনায়৷ অন্যহাতে সভাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মাজুলীবাসী মহান, মাজুলীবাসীৰ বাবেই মই মাজুলীৰ লগতে সমগ্ৰ অসমবাসীক সেৱা কৰাৰ সুবিধা লাভ কৰিলোঁ আৰু অনাগত সময়ত এই সেৱা অব্যাহত ৰাখিবলৈ আপোনালোকৰ পৰা সহায়-সহযোগিতা আৰু আশীৰ্বাদ বিচাৰিছোঁ বুলি মন্তব্য কৰি বৰাক-ব্ৰহ্মপুত্ৰ, পাহাৰ-ভৈয়াম, বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত সমন্বয়ৰ বাৰ্তা বিলায় সমদৃষ্টিৰে উন্নয়নৰ ধাৰা অব্যাহত ৰখাৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গত পাঁচ বছৰত ৰাজ্য চৰকাৰখনক যেনেধৰণৰ সহায়-সহযোগিতা আগবঢ়ালে তাৰ বাবে সমগ্ৰ মাজুলী তথা অসমবাসীৰ হৈ মুখ্যমন্ত্ৰী গৰাকীয়ে তেখেতক উচ্চ প্ৰসংশা কৰি ভাষণৰ সামৰণি মাৰে৷

দেশৰ গৃহমন্ত্ৰী গৰাকীক আউনীআটী সত্ৰৰ বিখ্যাত বেতৰ বিছনী, চামগুৰি সত্ৰৰ মুখা, চেলেং ,গামোচাই উস্ম আদৰনি জনায় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। অসম গণ পৰিষদৰ হৈ সভাপতি অতুল বৰাই চেলেং গামোচা আৰু সন্মিলিত গণশক্তিৰ সভাপতি, মিছিং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই মিছিং পৰম্পৰাগত আদৰণি জনায়। সভাত উপস্থিত থাকি ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে কয় যে- গত চৰকাৰ সমূহৰ দিনত মাজুলীত মাত্ৰ ১৭ কিঃমিঃ পথ পকীকৰণ হোৱাৰ বিপৰীতে বিগত পাঁচ বছৰত মাজুলীত প্ৰায় তিনিশ কিঃমিঃ পথ পকীকৰণ, বিগত কংগ্ৰেছ চৰকাৰৰ শাসন কালত মাত্ৰ তেৰখন দলঙৰ পকীকৰণ হোৱাৰ বিপৰীতে বিগত বিজেপি চৰকাৰৰ পাঁচ বছৰত ৩২ খনকৈ পকী দলং নিৰ্মাণ কৰিবলৈ সক্ষম হৈছো৷

মাজুলীৰ এই উন্নয়নৰ দিশৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ মাজুলীবাসীয়ে মুখ্যমন্ত্ৰীজনক এইবাৰ নিৰ্বাচনত এশ শতাংশই ভোট প্ৰদান কৰাৰ বাবে ৰাইজক আহ্বান জনায় সভাপতিগৰাকীয়ে৷ আনহাতে, সভাত উপস্থিত থাকি কৃষিমন্ত্ৰী অতুল বৰা, সাংসদ প্ৰদান বৰুৱা, বিধায়ক ক্ৰমে ডাঃ ৰণোজ পেগু, ভূৱন পেগু, অসম গণ পৰিষদ, গণশক্তি আৰু বিজেপিৰ ভালেসংখ্যক ৰাজ্যিক নেতৃত্ব উপস্থিত থাকে৷ উত্তৰ কমলাবাৰী সত্ৰৰ ভকত-বৈষ্ণৱসকলে গায়ন-বায়নেৰে শোভাৰম্ভ নিৰ্বাচনী প্ৰচাৰ সভাখনত অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী কৃষ্ণমণি চুতীয়া, সীমান্ত শেখৰ, তৰুলতা কুটুম, কল্লোল বৰঠাকুৰে গীত পৰিৱেশন কৰাৰ উপৰি বিভিন্ন জাতি-জমনগোষ্ঠীৰ সাংস্কৃতিক দলে কৃষ্টি প্ৰদৰ্শন কৰি সভাখনিৰ অনন্য মাত্ৰা প্ৰদান কৰে৷

সভাৰ শেষত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰেক্ষাগৃহৰ কাষত নিৰ্মাণ কৰা মিচিং জনগোষ্ঠীৰ অন্যতম পৰিচায়ক মুৰং ঘৰত উঠি জনজাতীয় খাদ্যাভাসৰ সোৱাদ লগতে ৰন্ধন প্ৰণালী বুজ লৈ জনজাতীয় মহিলাসকলৰ লগত বাৰ্তালাপ কৰা কাৰ্যই সকলোকে আকৰ্ষিত কৰে৷ আনহাতে, মুৰং ঘৰৰ কাষত প্ৰদৰ্শনীমূলক ভাৱে ৰখা থলুৱা শিল্পসমূহ উপভোগ কৰি আপ্লুত হৈ পৰে গৃহমন্ত্ৰীগৰাকী৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in