শেহতীয়া খবৰ

দেওবাৰৰ পৰা পুনৰ চলিব যোৰহাট-মাজুলী সংযোগী ফেৰী

124
  • দেওবাৰৰ পৰা আকৌ চলিব যোৰহাট-মাজুলী সংযোগী ফেৰী।
  • ব্ৰহ্মপুত্ৰৰ জলস্তৰ হ্ৰাস পোৱাৰ বাবে এই সিদ্ধান্ত আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ।
  • অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ কনিষ্ঠ সহায়ক পদৰ পৰীক্ষাৰ পৰিক্ষাৰ্থীৰ সুবিধাৰ্থে এই সিদ্ধান্ত গ্ৰহণ।
  • পুৱা ৭.৩০ বজাৰ পৰা কমলাবাৰী ঘাটৰ পৰা নিমাতিলৈ চলিব ফেৰী।
  • পৰৱৰ্তী সময়তো কমলাবাৰীৰ পৰা পুৱা ৮.৩০ বজাত, ১০.৩০ বজাত, দুপৰীয়া ১.৩০ বজাত আৰু বিয়লি ৩.৩০ বজাত নিমাতীঘাটলৈ যাত্ৰীবাহী ফেৰী চলিব।
  • আনহাতে, নিমাতীৰ পৰাও পুৱা ৮.৩০ বজাত, ১১.৩০ বজাত, বিয়লি ৩.৩০ বজাত আৰু ৪.৩০ বজাত কমলাবাৰীঘাটলৈ চলিব যাত্ৰীবাহী ফেৰী।
  • মাজুলী প্ৰশাসনে জনাইছে এই তথ্য।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি