মাজুলীত ঐক্যবদ্ধ বিৰোধীৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ…

মাজুলীত ঐক্যবদ্ধ বিৰোধীৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ…

ডিজিটেল সংবাদ, মাজুলীঃ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিভিন্ন ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ তুংগত উঠিছে । ৰাজনৈতিক দলৰ শীৰ্ষ নেতৃত্বই ভিৰ কৰিছেহি মাজুলীত। আজি মাজুলীৰ নয়াবজাৰৰ উজনি মাজুলী মিলন সংঘত অনুস্থিত প্ৰচাৰ সভাত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ, সাংসদ ৰাণী নৰহ, শিল্পী অজয় ফুকন আদিক লগতলৈ চিত্তৰঞ্জন বসুমতাৰীয়ে প্ৰচাৰ চলায় ।

অজয় ফুকনে চিত্তৰঞ্জন বসুমতাৰী প্ৰচাৰৰ বাবে প্ৰস্তূত কৰা গীত মুকলি কৰে। AIUDF এ অসম জাতীয় পৰিষদক সমৰ্থন কৰাক লৈ চিত্তৰঞ্জন বসুমতাৰীয়ে মন্তব্য কৰি কয় যে বদৰুদ্দিন আজমলৰ ছাঁ মই মাজুলীত পৰিবলৈ নিদিও আৰু বদৰুদ্দিন- হিমন্ত একে মানুহ – AIUDF ৰ সমৰ্থন বিজেপিৰ কৌশল , মোক AIUDF ৰ সমৰ্থন নালাগে । আনহাতে সাংসদ ৰাণী নৰহে ভূবন গামক সমালোচনা কৰি কয় যে ভূবন গাম কেনে মানুহ ৰানী নৰহ আৰু ভৰত নৰহে ভালদৰে জানে ।

গতিকে প্ৰাৰ্থীজন যে যোগ্য নহয় সেয়া মাজুলীবাসীয়ে ভালদৰে বুজি পায় । আনহাতে শিল্পী অজয় ফুকনে এই সভাতে চিত্তৰঞ্জন বসুমতাৰীক লৈ লিখা গীত পৰিবেশন কৰে ।আনহাতে লুৰিণজ্যোতি গগৈয়ে ভূবন গাম সম্পৰ্কত মুখ্যমন্ত্ৰীয়ে কামৰ মানুহ বুলি কৰা মন্তব্যকলৈ কয় যে মুখ্যমন্ত্ৰীয়ে ঠিকেই কৈছে যে তেওঁ কামৰ মানুহ দুৰ্নীতি কেনেদৰে কৰিবলাগে তেওঁ জানে । আনহাতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই মূখ্যমন্ত্ৰীগৰাকীক তীব্ৰ সমালোচনা কৰে।

আনহাতে কংগ্ৰেছ আৰু জাতীয় পৰিষদৰ নেতৃত্ব মাজুলীত থকাৰ সময়তে মাজুলী ফুলনি ৰংগমঞ্চত অনুষ্ঠিত এখন সভাত উজনি মাজুলীৰ কেইবাজনো শক্তিশালী নেতাই যোগদান কৰে বিজেপিত। প্ৰদান বৰুৱাৰ উপস্থিতিত যোগদান কৰে বিজেপিত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in