মাজুলী জিলা সাংবাদিক সন্থাৰ ” স্নেহ সন্মিলন”: সাংবাদিক ৰিজু কুমাৰ শইকীয়ালৈ ‘দত্তদেৱ গোস্বামী সদৌ অসম গ্ৰাম্য সাংবাদিক বঁটা’

মাজুলী জিলা সাংবাদিক সন্থাৰ ” স্নেহ সন্মিলন”: সাংবাদিক ৰিজু কুমাৰ শইকীয়ালৈ ‘দত্তদেৱ গোস্বামী সদৌ অসম গ্ৰাম্য সাংবাদিক বঁটা’

ডিজিটেল সংবাদ মাজুলী: ২০২০ চনৰ বাবে সদৌ অসম দত্তদেৱ গোস্বামী গ্ৰাম্য সাংবাদিক বঁটা অসমীয়া প্ৰতিদিন কাকত আৰু প্ৰতিদিন টাইমৰ টীয়কৰ সাংবাদিক ৰিজু কুমাৰ শইকীয়ালৈ প্ৰদান কৰা হৈছে। ২০২১ চনৰ বিদায়ী বছৰৰ শেষৰ দিনটোত আজি মাজুলী জিলা সাংবাদিক সন্থাই এক " স্নেহ সন্মিলন " অনুষ্ঠানত এই বঁটা ঘোষণা কৰে। উজনি মাজুলীৰ নতুন বজাৰৰ গড়কাপ্তানী বিভাগৰ অতিথি গৃহত দুপৰীয়া অনুষ্ঠিত উক্ত " স্নেহ সন্মিলনত সভাপতিত্ব কৰে মাজুলী জিলা সাংবাদিক সন্থাৰ সভাপতি দিবাকৰ শইকীয়াই ।

সম্পাদক দীপু বৰাই উদ্দেশ্য ব্যাখ্যা কৰি সভাত যোৱা কাৰ্যকৰী সভাৰ প্ৰতিবেদন পাঠ কৰে । দত্ত গোস্বামী সদৌ অসম গ্ৰাম্য সাংবাদিক বঁটা প্ৰদান সন্দৰ্ভত আলোচনা কৰা হয় । দত্ত গোস্বামী ন্যাস সমিতিৰ সভাপতি ৰঞ্জিত কুমাৰ ভূঞাই গ্ৰাম্য সাংবাদিক বঁটা সন্দৰ্ভত ব্যাখ্যা দি বঁটাৰ বাবে আবেদন জনোৱা আবেদন সমূহ সন্দৰ্ভত আলোচনা আগবঢ়ায় । ২০২০ চনৰ মাজুলী জিলা সাংবাদিক সন্থাই প্ৰৱৰ্তন কৰা নিত্যানন্দ ভৰালী গ্ৰাম্য সাংবাদিক বঁটা মাজুলীৰ জ্যেষ্ঠ সাংবাদিক উৎপল কাকতিক আৰু কুমূদ চন্দ্ৰ দত্ত সোঁৱৰণী যুৱ সাংবাদিক বঁটা ( দাতা – সঞ্জীৱ কুমাৰ দত্ত ) ৰাজীৱ পাটিৰলৈ প্ৰদান কৰা হ'ব বুলি ঘোষণা কৰা হয় ।

সভাত দত্তদেৱ গোস্বামী সাংবাদিক বঁটা অহা বৰ্ষৰ পৰা মাজুলীৰ সাংবাদিকক প্ৰদান কৰা সন্দৰ্ভত আলোচনা কৰা হয় । আলোচনাত সাংবাদিক মিতু খাটনিয়াৰ, ৰঞ্জিত কুমাৰ ভূঞা, ডিম্বেশ্বৰ দত্ত, যদু কলিতা, সঞ্জীৱ কুমাৰ দত্ত, মুখ্য উপদেষ্টা বিপিন শইকীয়াই বিভিন্ন পৰামৰ্শ প্ৰদান কৰে । এই সন্দৰ্ভত বঁটাৰ স্বৰ্ণ দাতা আউনীআটী সত্ৰৰ ড০ পীতাম্বৰদেৱ গোস্বামীৰ লগত এক আলোচনা কৰাৰ পোষকতা কৰে ।

সভাত ন্যাস সমিতি পুনৰ গঠন অহা অধিৱেশনত গঠন কৰাৰ লগতে অহা ২৮ জানুৱাৰীত আউনীআটী সত্ৰৰ অসম ভাওনা সমাৰোহৰ মণিকাঞ্চন ৰংগ ক্ষেত্ৰত উক্ত সাংবাদিক বঁটাসমূহ প্ৰদান কৰা হব বুলি সিদ্ধান্ত গ্ৰহণ কৰা হয় ।সভাত জ্যেষ্ঠ আৰু কনিষ্ঠ সকলো সাংবাদিকে জিলা সাংবাদিক সন্থাৰ তৰফৰ পৰা গামোচা, কেলেণ্ডাৰ, ডায়েৰী, কলমেৰে স্নেহ -আদৰ জনোৱা হয় । সাংবাদিক ৰাজীৱ পাটিৰে শলাগ জ্ঞাপন কৰাৰ পাছতে সকলোৱে খেৰকতীয়া নৈ পাৰত প্ৰীতিৰে ভোজ ভাত খাই স্নেহ সন্মিলন সামৰণি পৰে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in