মাজুলী প্ৰশাসনৰ‌ কোভিড-১৯ প্ৰতিৰোধৰ বাবে সজাগতামূলক সভা…

মাজুলী প্ৰশাসনৰ‌ কোভিড-১৯ প্ৰতিৰোধৰ বাবে সজাগতামূলক সভা…

ডিজিটেল সংবাদ মাজুলী: মাজুলীত কোভিড-১৯ মহামাৰীৰ প্ৰাদুৰ্ভাৱ বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনে ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰাৰ বাবে মঙ্গলবাৰে জিলাখনৰ অন্তৰ্গত আৰক্ষী থানা ও আৰক্ষী চকীসমূহত স্থানীয় ব্যৱসায় সন্থা, দোকানৰ মালিক, গাঁও বুঢ়া, গাঁওৰক্ষা বাহিনী আৰু বিশিষ্ট নাগৰিকসকলৰ উপস্থিতিত এক সভাৰ আয়োজন কৰে। জিলাখনৰ ৬টা স্থানত বিশেষকৈ জিলা সদৰ গড়মূৰ থানাৰ অনুষ্ঠিত হোৱা সভাত সভাপতিত্ব কৰে উপায়ুক্ত পুলক মহন্তই ।

ভাষণ প্ৰসংগত উপায়ুক্ত গৰাকীয়ে কয় যে, মাজুলীবাসী ৰাইজে কোভিড-১৯ মহামাৰীৰ লগত সজাগতাৰে সহৱস্থান কৰাৰ সময় আহি পৰিছে । যিহেতু বৰ্তমানলৈকে জিলাখনত ১৭ জনৰ শৰীৰত কোভিড পজিটিভৰ লক্ষণে দেখা দিছে। সেয়েহে সকলোৱে মাস্ক, চেনিটাইজাৰ আৰু সামাজিক দূৰত্ব মানি চলিব লাগিব। সভাত উপস্থিত থকা সকলো সংগঠনৰ প্ৰতি সদা সচেতন হৈ থাকি এই বিষয়ে সংশ্লিষ্ট এলেকাৰ ৰাইজক অৱগত কৰিবলৈ আহ্বান জনায়।

ভাষণ প্ৰসংগতে আৰক্ষী অধীক্ষক গৌতম বৰাই কয় যে, অসম চৰকাৰৰ সদ্য প্ৰকাশিত এছ অ' পিমতে সকলো ৰাইজে মাস্ক পৰিধান কৰিব লাগিব । লগতে কোনো লোকে যদি মাস্ক পৰিধান নকৰে সেইসকলে ১০০০ টকা জৰিমনা ভৰিব লাগিব। এই নীতি তৎকালীনভাৱে বলবৎ হোৱাৰ কথা তেওঁ প্ৰকাশ কৰে।

উক্ত সভাত উদ্দেশ্যে ব্যাখ্যা কৰে অতিৰিক্ত উপায়ুক্ত বিপুল কুমাৰ দাসে । অনুষ্ঠান আঁত ধৰে গড়মূৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিনোদ কলিতাই । উল্লেখযোগ্য এই একে উদ্দেশ্যৰে জিলাখনৰ আন ৪টা স্থান বালিচাপৰি আৰক্ষী চকীত অতিৰিক্ত উপায়ুক্ত অৰিন্দম বৰুৱা, জেংৰাইমুখ আৰু নয়াবজাৰত মহকুমাধিপতি (সদৰ) ধৃতিমান দাস, কমলাবাৰী আৰক্ষী থানাত ৰাজহ চক্ৰ বিষয়া জয়দ্বীপ ৰাজাক, ফুলনি থানাত ৰাজহ চক্ৰ বিষয়া (উজনি মাজুলী) নৱজ্যোতি দাস , আৰু বনগাঁও আৰক্ষী চকীত সহকাৰী আয়ুক্ত ভাৰপ্ৰাপ্ত জনসংযোগ বিষয়া বিভাস পাঠকৰ অধীনত কোভিড -১৯ মহামাৰীৰ সজাগতাৰ ওপৰত সভা অনুষ্ঠিত কৰা হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in