মাজুলীত মাজনিশালৈকে নৈৰ পাৰত বহি থাকিল কোভিড ৰোগী…

মাজুলীত মাজনিশালৈকে নৈৰ পাৰত বহি থাকিল কোভিড ৰোগী…

ডিজিটেল সংবাদ, নাৰায়ণপুৰঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ সমষ্টি মাজুলীৰ আহতগুৰিত সংঘটিত হৈছে ভয়ংকৰ কাণ্ড । মাজ নিশা পৰ্যন্ত নদীৰ পাৰত বহি থাকিব লগীয়া হ'ল কোভিড আক্ৰান্ত ৰোগী । সমষ্টিটোৰ দুৰ্গম আহতগুৰি পঞ্চায়ত এলেকাৰ শিকলিচাপৰি অঞ্চলত সংঘটিত হৈছে এই কাণ্ড ।

উল্লেখ্য যে অঞ্চলটোত শনিবাৰৰ দিনটোত নিৰুপভা দলে,কেৰিণা দলে,ময়ুৰী দলে,অতুল বৰা আৰু মুন বৰা নামৰ ৫ গৰাকী লোকৰ দেহত কোভিড পজিটিভ ধৰা পৰে । জিলা সদৰ কমলাবাৰীলৈ নিয়াৰ কথা আছিল আটাইকেইগৰাকী ৰোগীক ।কিন্তু নিশা পৰ্যন্ত ভোকে-লঘোনে নৈৰ পাৰত বহি থাকিব লগা হয় ৰোগী কেইগৰাকী ।

পৰৱৰ্তী সময়ত আহতগুৰি সচেতন যুৱ মঞ্চৰ সদস্য সকলৰ তৎপৰতাত স্থানীয় বিলতীয়া প্ৰাথমিক বিদ্যালয়ত থকাৰ ব্যৱস্থা কৰা হয় কেউজন ৰোগীকে । জানিব পৰা মতে শনিবাৰৰ দিনটোত মাজুলীৰ পৰা যোৱা ৫ জনীয়া স্বাস্থ্য বিভাগৰ দলে অঞ্চলটোৰ ৫০ গৰাকীৰো অধিক লোকৰ স্বাৱ টেষ্ট কৰিছিল ।

উল্লেখ্য যে যোৱা ৩০ জুলাইত পঞ্চায়ত সচিব নৱ দলে এখন সভাত অংশ লৈছিল। পৰৱৰ্তী পৰ্যায়ত নৱ দলেৰ স্বাৱ টেষ্ট কৰোৱাত তেওঁৰ কোভিড পজিটিভ চিনাক্ত হৈছিল । স্থানীয় লোকৰ অভিযোগ নৱ দলেৰ পৰাই অঞ্চলটোত গণসংক্ৰমণ ঘটিছে । আনহাতে দুৰ্গম অঞ্চলটোক মাজুলী প্ৰশাসনে চুড়ান্ত অৱহেলা কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in