কোভিড কেয়াৰ চেন্টাৰত মহিলাই জন্ম দিলে সুস্থ সন্তান ….

কোভিড কেয়াৰ চেন্টাৰত মহিলাই জন্ম দিলে সুস্থ সন্তান ….

              কোভিড কেয়াৰ চেন্টাৰত মহিলাই জন্ম দিলে সুস্থ সন্তান          

ডিজিটেল সংবাদ,মাজুলী:  মাজুলীত প্ৰথম বাৰৰ বাবে চিকিৎসালয়ৰ কোভিড কেয়াৰ চেন্টাৰত কোভিড পজিটিভ গৰ্ভাৱতীয়ে প্ৰসৱ কৰিলে এটি পুত্ৰ সন্তান। মাজুলীৰ জেংৰাই পমুৱা গাৱৰ অঞ্চলৰ উমাৱতী পেগু নামৰ মহিলা গৰাকী কিছু দিনৰ পূৰ্বে কোভিড পজিটিভ হৈছিল।তেওঁক জেংৰাইমুখৰ পৰা বুধবাৰে নিশা ৯ বজাত জৰুৰীকালীন ভাৱে গড়মূৰ পীতাম্বৰ দেৱ গোস্বামী অসামৰিক চিকিৎসালয়ৰ কোভিড কেয়াৰ চেন্টাৰলৈ অনা হৈছিল। ৫ গৰাকী কোভিড ৰোগীৰ সৈতে ৰখা হৈছিল উমাৱতীক। গৰ্ভাৱতী উমাৱতীয়ে প্ৰসৱ বেদনাত বিচনাত চটফটাইছিল আৰু উমাৱতীৰ গগন ফলা চিঞৰত উপায়ন্তৰ হৈ পৰিছিল চিকিৎসা কৰ্মী সকল। প্ৰসূতি কোঠালৈ নিৱলৈ ভয় খাইছিল চিকিৎসা কৰ্মী সকলে

। কোভিড বাৰ্ডত যাৱতীয় সা-সুবিধা নথকাৰ স্বত্ত্বেও RHP(CHO) চিকিৎসা কৰ্মী বিমান শইকীয়া, আৰু নাৰ্ছ অনিতা কেওটে অশেষ কষ্টেৰে প্ৰসৱ কৰাবলৈ সক্ষম হয় মহিলা গৰাকীক।মাতৃ যিহেতো পজিতিভ আছিল সেই বাবেই জন্ম হোৱাৰ লগে লগে সন্তানক কোভিড টেষ্ট কৰোৱা হৈছিল কিন্তু পুত্ৰ সন্তানটিৰ ফলাফল নিভেটিভ হয়। প্ৰথম অৱস্থাত যথেষ্ট ভয় খাইছিল যদিও প্ৰসূতি গৰাকীৰ প্ৰসৱ বেদনা সহিব নোৱাৰি সামূহিক স্বাস্থ্য বিষয়া গৰাকীৰ লগতে নাৰ্ছ গৰাকীয়ে সম্পূৰ্ণ নৰমেল প্ৰসৱ কৰাবলৈ সক্ষম হয়। দুয়োগৰাকী চিকিৎসা কৰ্মীক এনে কৰ্মক সকলোৱে শলাগ লোৱা দেখা গৈছে

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in