সতী ৰাধিকা দিৱসত মুখ্যমন্ত্ৰী, মাজুলীত শীঘ্ৰে স্থাপন হ’ব সতী ৰাধিকাৰ কলাক্ষেত্ৰ…

সতী ৰাধিকা দিৱসত মুখ্যমন্ত্ৰী, মাজুলীত শীঘ্ৰে স্থাপন হ’ব সতী ৰাধিকাৰ কলাক্ষেত্ৰ…

ডিজিটেল সংবাদ, মাজুলীঃঅসমৰ অন্যতম বীৰংগনা নেত্ৰী সতী ৰাধিকাৰ স্মৃতি তথা তেওঁৰ আদৰ্শ সমাজত প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে শীৰ্ঘে মাজুলীত স্হাপন কৰা হ'ব সতী ৰাধিকা কলাক্ষেত্ৰ । মাজুলী জিলা অনুসূচীত জাতি ৰাইজৰ আৰু অনুসূচীত জাতি বিভিন্ন দল সংগঠনৰ সহযোগত দেওবাৰে মাজুলী মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হোৱা অনুসূচীত জাতি সমাৰোহ আৰু সতী শান্তি ৰাধিকা দিৱস অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে এই কথা ঘোষণা কৰে ।

বীৰংগনাগৰাকী সামাজিক কৰ্মজীৱনৰ ওপৰত আলোকপাত কৰি পুনৰ কয় কৈৱৰ্ত বা অনুসূচিত জাতিৰ এক মূল্যবান মহীয়সীৰ দলিল । য'ত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই এগৰাকী কৈৱৰ্ত নাৰীক সমাজৰ উচ্চ আসনত স্থান দিছিল ।

যেতিয়া চাৰিওফালে বানপানীৰ মহাপ্ৰলয়ে সকলোকে গৃহহাৰা কৰি আহিছিল তেতিয়া ৰাইজে গুৰুজনাৰ কাষ চাপি উপায় বিচাৰিছিল, তেতিয়া মহাপুৰুষ জনাই কৈছিল যে যদি কোনো সতী নাৰীয়ে প'ল' ৰ দ্বাৰা পানী আনিব পাৰে তেতিয়া মহাপ্ৰলয়ৰ অন্ত পৰিব । প'ল'ৰ দ্বাৰা পানী কঢ়িওৱা জানো সম্ভৱ ! কিন্তু সকলোকে আচৰিত কৰি এজন মাছুৱৈৰ স্ত্ৰীয়ে সেয়া সম্ভৱ কৰি তুলিছিল । সেই সতী গৰাকীক গুৰুজনাই নাম দিছিল সতী ৰাধিকা ।

ড' হৰিকান্ত দাসে সভাপতিত্ব কৰা অনুষ্ঠানত উদ্বোধন কৰে ৰঙাচাহী মহাবিদ্যালয়ৰ অধ্যক্ষ ড' নৱ কুমাৰ গামে । বিশিষ্ট অতিথি হিচাপে মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষীকেশ গোস্বামী, বিধায়ক বিমল বৰা,দেবেন হাজৰিকা, মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ অধ্যক্ষ ড' ডম্বৰুধৰ নাথ,ৰঙাচাহী মহাবিদ্যালয়ৰ অধ্যক্ষ ড' দেৱজিৎ শইকীয়া আদিকে ধৰি বিশিষ্ট বক্তিসকল উপস্থিত থাকে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in