ভয়ংকৰ দৃশ্য! মাজুলীত বাঁহৰ দলং ভাঙি পানীত বাগৰিল ২০ জন… VIDEO

ভয়ংকৰ দৃশ্য! মাজুলীত বাঁহৰ দলং ভাঙি পানীত বাগৰিল ২০ জন… VIDEO

ডিজিটেল সংবাদ, নামনি মাজুলী: নামনি মাজুলীত সংঘটিত হয় ভয়ংকৰ ঘটনা। এখন দলং ভাঙি পানীত বাগৰি পৰে প্ৰায় ২০জনকৈ লোক। দ' পানীত সাতুৰি লোক কেইজনৰ কথমপি প্ৰাণ ৰক্ষা পৰে। যি দৃশ্য বন্দী হৈছে কেমেৰাত।

দৰাচলতে, মাজুলীৰ শ্ৰীৰামপুৰীয়া গাঁৱত দেওবাৰে সন্ধিয়া দুৰ্ঘটনাত পতিত হৈছিল এখন নাও। নাওখন উদ্ধাৰ কৰাৰ সময়তে বাঁহৰ দলংখনৰ ওপৰত প্ৰায় ৪০-৫০জন লোকে ভিৰ কৰেহি। দুজন যুৱকে দলংখনৰ মাজেৰে পানীত নামি নাওখন উদ্ধাৰৰ বাবে চেষ্টা চলাই থকা সময়তে হঠাৎ মাজতে ভাঙি যায় দলংখন।

উল্লেখ্য যে, কৰতিপাৰ গড়কাপ্টানী পথৰ পৰা গাঁওখনলৈ যোৱা উক্ত বাঁহৰ দলংখন ২০১৯ত ৰাইজে মিলি নিৰ্মাণ কৰিছিল। এই ঘটনাৰ পাছত মাজুলীৰ গ্ৰাম্যাঞ্চলত উন্নয়নৰ আচল স্বৰূপ ওলাই পৰিছে। তদুপৰি, দলংখন ভাঙি পৰাৰ ফলত যদিওবা কোনো লোকৰ হতাহত হোৱা নাই। কিন্তু ভৱিষ্যতে যে গ্ৰামাঞ্চলসমূহত পকী দলং নিৰ্মাণ নহ'লে কেনে ধৰণৰ ভয়ংকৰ ঘটনা সংঘটিত হ'ব পাৰে তাৰেই এক ইংগিত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in