মালবাহী নাৱঁৰ চলাচল বন্ধঃ মাজুলীত সামগ্ৰীৰ দাম বৃদ্ধিৰ লগতে নাটনিৰ আশংকা…

মালবাহী নাৱঁৰ চলাচল বন্ধঃ  মাজুলীত সামগ্ৰীৰ দাম বৃদ্ধিৰ লগতে নাটনিৰ আশংকা…

ডিজিটেল সংবাদ, মাজুলীঃ যোৱা ৮ ছেপ্তেম্বৰত নিমাতী ঘাটত হোৱা ফেৰী দূৰ্ঘটনাৰ পিছৰে পৰা মাজুলীলৈ অত্যাৱশ্যকীয় সামগ্ৰীকে ধৰি অন্যান্য বয়বস্তু কঢ়িওৱা একক ইঞ্জিন যুক্ত মালবাহী নাও সমূহ বন্ধ কৰাৰ ফলত দ্বীপ জিলাবাসীৰ মাজত প্ৰতিক্ৰিয়া বিৰাজ কৰি আছে ৷ উল্লেখ যে , উক্ত ঘাটেদিয়েই মাজুলীবাসীৰ বাবে প্ৰয়োজনীয় অত্যাৱশ্যকীয় সামগ্ৰী , গৃহ নিৰ্মাণৰ সামগ্ৰীকে ধৰি অন্যান্য যাৱতীয় সামগ্ৰী একক ইঞ্জিন যুক্ত মালবাহী নাৱেৰেই ব্যৱসায়ী সকলে মাজুলীলৈ সৰবৰাহ কৰে ৷

মাজুলীবাসীৰ বাবে প্ৰয়োজনীয় সকলো সামগ্ৰী কঢ়িওৱা মালবাহী নাও ন-খন আছে ৷ ইয়াৰ এখন মালবাহী নাওত প্ৰতি খেপত ২৬০ৰ পৰা ২৭০ কুইন্টল সামগ্ৰী মাজুলীলৈ আহে ৷ এই সমূহ নাওত সামগ্ৰী আনিলে ব্যৱসায়ী সকলে একো অসুবিধা নাপায় আৰু ব্যৱসায়ীৰ সামগ্ৰী হৰণ-ভগন নহয় ৷ এই সমূহ মালবাহী নাও মাজুলীলৈ অহাৰ কোনো সময়সূচী নাথাকে ৷ মালবাহী নাওৰ মালিকৰ তত্বাৱধানত চলা এই মালবাহী নাওৰ সামগ্ৰী কিবা হৰণ-ভগন হ'লে সকলো নাওৰ মালিকপক্ষই ব্যৱসায়ীৰ লগত মিলামিছা কৰে ৷

ইয়াত জিলা প্ৰশাসন বা আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ কোনো দায়বদ্ধতা নাথাকে ৷ এইদৰে দ্বীপবাসীৰ চাহিদা পুৰাই থকা মালবাহী নাও সমূহ বন্ধ কৰাটো জানো সমীচীন হৈছে ? এইটো মাজুলীবাসীৰ মাজত ডাঙৰ প্ৰশ্ন ? ইফালে যাত্ৰীবাহী নাওৰ সৈতে এই মালবাহী নাওৰ তুলনা নহয় ৷ এই মালবাহী নাও সমূহ কোনো চৰকাৰী চালামী (ৰেম্প)ত ৰখোৱাৰ নজিৰ নাই। ইফালে এই মালবাহী নাও সমূহে সামগ্ৰী কঢ়িয়াই অনাৰ বাবদ চৰকাৰক ৰাজহ দিয়ে প্ৰতি খেপৰ বাবদ পায় ৮৭০ টকা ৷ মালবাহী নাও সমূহৰ পৰা আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ কৰ্মচাৰীয়ে সংগ্ৰহ কৰা ৰাজহ এই নাও সমূহত প্ৰতিখনতে ৭-৮ গৰাকী শ্ৰমিক-কৰ্মচাৰী থাকে ৷ যি সকলে তাত শ্ৰম কৰি পোৱা টকা কেইটাৰ পৰিয়াল পোহপাল দিয়ে ৷

এনেদৰে দৈনিক মাজুলীলৈ সামগ্ৰী পাৰাপাৰ হৈ থকা ঘাটটোত আঠ ছেপ্তেম্বৰৰ ফেৰী দূৰ্ঘটনাৰ পিছতে জিলা প্ৰশাসনে মালবাহী নাও বন্ধ কৰি দিয়া কাৰ্যত ক্ষোভ ব্যক্ত কৰিছে সচেতন মহলৰ লগত ইয়াৰ সৈতে জড়িত ব্যৱসায়ী মহলে ৷ বৰ্তমান মাজুলীলৈ সামগ্ৰী পৰিবহণৰ বাবে নিদিষ্ট সময় ধাৰ্য কৰি জাহাজ দিছে যদিও তাতো যথেষ্ট অসুবিধা হয় ব্যৱসায়ী সকলৰ ৷ ব্যৱসায়ী সকলে বগীবিল হৈ সামগ্ৰী মাজুলীলৈ আনিবলৈ হ'লে পৰিবহণ ব্যয় বাঢ়িব , ফলত সামগ্ৰীৰ মূল্য বৃদ্ধি পাব ৷ যিহেতু বছৰ-বছৰ এই ঘাটেৰেই মালবাহী নাও সমূহৰ জৰিয়তে সুকলমে সামগ্ৰী মাজুলীলৈ পৰিবহণ হৈ আছে আৰু এই পৰিবহণত মাজুলীৰ ব্যৱসায়ী সকলে সুৰক্ষিত অনুভৱ কৰে ৷ জাহাজত সামগ্ৰী সৰবৰাহ কৰোতে ব্যৱসায়ী সকলৰ কষ্টৰ লগতে সামগ্ৰী হৰলুকি হোৱাৰ উপৰিও বৰষুণৰ বতৰত সামগ্ৰী সুৰক্ষিত কৰাৰো কোনো ব্যৱস্থা নাই ৷

যাত্ৰীবাহী ফেৰীৰ দূৰ্ঘটনাৰ আলমত সামগ্ৰী সৰবৰাহকাৰী নাও সমূহ বন্ধ কৰি দিয়াৰ ফলত চালক , হেন্দিমেন , শ্ৰমিক সকলো সদায় চলাচল কৰি থকা নাও সমূহ বন্ধ কৰি দিয়াত বিবুদ্ধিত পৰিছে ৷ সেয়ে শীঘ্ৰে পাৰঘাটটোত মালবাহী নাও সমূহৰ চলাচলৰ ব্যৱস্থা কৰিবলৈ চৰকাৰ তথা স্থানীয় প্ৰশাসনক দাবী জনাইছে ৰাইজে ৷ মাজুলীৰ পৰা বিচ্ছিন্ন হৈ থকা ব্ৰহ্মপুত্ৰৰ চাপৰিত অৱস্থিত দুখন গাওঁ পঞ্চায়ত ক্ৰমে আঁহতগুৰি আৰু দক্ষিণ আঁহতগুৰিটো এই মালবাহী ফেৰী বন্ধৰ ফলত খাদ্য সংকটকে ধৰি অন্যান্য সামগ্ৰীৰ নাটনি ঘটিব বুলি অনুমান কৰা হৈছে ৷

এটা কথা ক'বই লাগিব যে , একক ইঞ্জিন যুক্ত মালবাহী নাও বন্ধৰ ফলত মাজুলীৰ সমস্যা বাঢ়িবহে ৷ এই সমূহ মালবাহী নাৱেৰেই ভৰ বাৰিষা মাজুলীলৈ অত্যাৱশ্যকীয় সামগ্ৰী সৰবৰাহ হয় আৰু এই নাওৰ জৰিয়তেই দূৰ্গম চৰ-চাপৰিত স্থানীয় প্ৰশাসনে সাহাৰ্য সামগ্ৰী কঢ়িয়াই নি বিতৰণ কৰে ৷ যাত্ৰীবাহী নাও আৰু মালবাহী নাও সম্পূৰ্ণ বিপৰীত মেৰুত চলা নাও ৷

যাত্ৰীবাহী নাওৰ লগত তুলনা কৰি মালবাহী নাও বন্ধ কৰি মাজুলীবাসীৰ জীৱনক লৈ হেতালি খেলিব বিচৰাটো সমীচীন হোৱা নাই বুলি বিভিন্ন জনে এই প্ৰতিবেদকক জানিবলৈ দিছে ৷ ইতিমধ্যে মালবাহী নাও চলাচলৰ ব্যৱস্থা কৰি দিবৰ বাবে ব্যৱসায়ী সকল একত্ৰিত হৈ জিলা উপায়ুক্তক স্মাৰকপত্ৰ প্ৰদান কৰিছে তাৰ প্ৰতিলিপি অসমৰ মুখ্যমন্ত্ৰীৰ লগতে পৰিবহণ মন্ত্ৰীলৈ প্ৰেৰণ কৰিছে ৷

গতিকে মাজুলীবাসীৰ জীৱনৰ চাহিদা পুৰণত সদা ব্যস্ত মালবাহী নাও সমূহ যাত্ৰীবাহী নাওৰ লগত তুলনা নকৰি উক্ত মালবাহী নাও শীঘ্ৰে চলাচলৰ ব্যৱস্থা কৰিবলৈ সচেতন ৰাইজে উপায়ুক্তৰ দৃষ্টি আকৰ্ষণ কৰাৰ লগতে এইক্ষেত্ৰত মুখ্যমন্ত্ৰী তথা পৰিবহণ মন্ত্ৰী গৰাকীৰ হস্তক্ষেপ কামনা কৰিছে ৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in