শ্বহীদ মেজৰ বিভুতিক ‘আই লাভ ইউ’ বুলি কৈ শেষ বিদায় জনালে পত্নীয়ে, VIDEO

শ্বহীদ মেজৰ বিভুতিক ‘আই লাভ ইউ’ বুলি কৈ শেষ বিদায় জনালে পত্নীয়ে, VIDEO

ডিজিটেল ডেস্কঃ এক আৱেগিক দৃশ্য। কফিনত স্বামী মেজৰ বিভুতিৰ নশ্বৰ দেহ। একেথৰে চাই আছে পত্নীয়ে। তাৰ পিছত হাওলি গৈ চুমা কাইছে কফিনত। কেৱল এবাৰ নহয়, হেঁপাহেৰে চুমা খালে কেইবাবাৰো। তাৰ পিছত লাহেকৈ ক'লে 'আই লাভ ইউ'। এইদৰে পুলৱামাত শ্বহীদ হোৱা স্বামীক শেষ বিদায় জনালে পত্নীয়ে। সেই সময়ত সেই ঠাইত উপস্থিত থকা লোকসকল স্থিৰে থাকিব নোৱাৰিলে। কিন্তু তেওঁৰ চকুত নাছিল এটুপালো চকুলো। যোৱাবছৰৰ ২১ এপ্ৰিলত বিয়া হৈছিল মেজৰ বিভুতিৰ সৈতে।

পত্নী নিকিতাৰ সংসাৰ থানবান কৰি দিলে সন্ত্ৰাসবাদীয়ে। ডেৰাডুনৰ দৃশ্য আছিল এয়া। ১৮ ফেব্ৰুৱাৰীত পুলৱামাত সন্ত্ৰাসবাদীৰ বিৰুুদ্ধে অভিযান চলাবলৈ গৈছিল মেজৰ বিভুতি দাণ্ডিয়াল। ডেৰাডুনত মোজৰ বিভুতিৰ বাসগৃহত দেখা পোৱা গ'ল এই দৃশ্য।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in