‘জীয়াই থকাতকৈ মৃত্যুৰ পাছত সুশান্ত বেছি জনপ্ৰিয় হ’ল…’

‘জীয়াই থকাতকৈ মৃত্যুৰ পাছত সুশান্ত বেছি জনপ্ৰিয় হ’ল…’

ডিজিটেল ডেস্কঃ সুদৰ্শন অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পাছতে বহু বিৰ্তকিত তথ্য পোহৰলৈ আহিছে। প্ৰথমে মুম্বাই আৰক্ষী, তাৰপিছত পাটনা আৰক্ষীয়ে চলোৱা তদন্তত বহু তথ্য পোহৰলৈ অহাৰ পাছত শেহতীয়াকৈ ই ডি আৰু চি বি আইয়ে কৰা তদন্তত চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে। বিগত প্ৰায় ডেৰমাহ দিন সংবাদমাধ্যমত এটা গুৰুত্বপূৰ্ণ বিষয় হিচাপে স্থান পাইছে সুশান্তৰ এই মৃত্যুৰ ঘটনাই।

এন চি পিৰ নেতা মাজিড মেনন

এনে পৰিস্থিতিৰ মাজতে মৃত অভিনেতাজনক লৈ এন চি পি দলৰ এগৰাকী নেতাই এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে। এন চি পিৰ নেতা মাজিড মেননে টুইটাৰৰ এটা টুইটত লিখিছে যে, সুশান্ত সিং ৰাজপুত জীৱিত অৱস্থাত ইমান জনপ্ৰিয় নাছিল, যিমান জনপ্ৰিয় মৃত্যুৰ পাছত হ'ল।' তেওঁ লগতে লিখিছে, বৰ্তমান সুশান্ত সংবাদ মাধ্যমৰ পৰা আদি কৰি দেশৰ প্ৰধানমন্ত্ৰী আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতিলৈকে এটা চৰ্চিত বিষয়।

https://help.twitter.com/en/twitter-for-websites-ads-info-and-privacy

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in