হিন্দু আটাইতকৈ উদাৰ ধৰ্ম, হিন্দু ধৰ্মত মৌলবাদ নাই, এয়া হৈছে হিন্দু ধৰ্মৰ মৌলিকতাঃ মাইনী মহন্ত, VIDEO

হিন্দু আটাইতকৈ উদাৰ ধৰ্ম, হিন্দু ধৰ্মত মৌলবাদ নাই, এয়া হৈছে হিন্দু ধৰ্মৰ মৌলিকতাঃ মাইনী মহন্ত, VIDEO

ডিজিটেল সংবাদ, চেঙাঃ নামনি অসমৰ সভা মহোৎসৱসমূহৰ ভিতৰত এখন উল্লেখযোগ্য সভা মহোৎসৱ হ'ল ঐতিহ্যমণ্ডিত চেঙা সভা মহোৎসৱ। এই চেঙা সভা মহোৎসৱে এইবেলি ভৰি দিলে ৮৭বছৰত। পহিলা মাঘৰ পৰা সাদিনীয়া কাৰ্যসূচীৰে চেঙা ঐক্য সন্মিলনৰ উদ্যোগত আৰম্ভ হৈছে চেঙা সভা মহোৎসৱ। পহিলা মাঘৰ পুৱা ৯ বজাত সমূহীয়া চাফাইৰ পাছতে চেঙা ঐক্য সন্মিলনৰ পতাকা উত্তোলন কৰে সন্মিলনৰ সভাপতি অনিল চন্দ্ৰ পাঠকে। পুৱা ৯ঃ৩০ বজাত শ্বহীদ তৰ্পণ কাৰ্যসূচী মুকলি কৰে বৰপেটা মহকুমা ছাত্ৰ সন্থাৰ উপদেষ্টা চিন্ময় ডেকাই। পুৱা ১০ বজাত শ্ৰীকৃষ্ণ মন্দিৰত অখণ্ড বন্তি প্ৰজ্বলন আৰু ভোগঠগী স্থাপন কৰে বান্দালী সত্ৰৰ অধিকাৰ দ্বিজেন্দ্ৰ নাথ গোস্বামীয়ে।

সন্ধিয়া সান্ধ্য প্ৰসংগৰ পাছতে অনুষ্ঠিত হোৱা উদ্বোধনী সভাৰ দ্বাৰ মুকলি কৰে বিশিষ্টা লেখিকা- জনপ্ৰিয় আলোচনী নন্দিনীৰ সম্পাদক মাইনী মহন্তই। দ্বাৰ মুকলি কৰি উদ্বোধনী সভাখনত ভাষণ প্ৰসংগত মাইনী মহন্তই কয় যে- "হিন্দু ধৰ্ম আটাইতকৈ উদাৰ এটা ধৰ্ম। হিন্দু ধৰ্মৰ মৌলিক কথাটোৱেই হৈছে হিন্দু ধৰ্মত মৌলবাদ নাই। কিন্তু আজিৰ পৃথিৱীত ভুল কিছুমান ধাৰণা দিবলৈ চেষ্টা কৰি এই ধৰ্মৰ বিশালতা, উদাৰতাক কিন্তু সংকীৰ্ণ ক্ষেত্ৰলৈ নিবলৈ এটা চক্ৰই, একাংশ লোকে চেষ্টা কৰি আছে। এই চেষ্টাক আমি প্ৰতিহত কৰিব লাগিব।"

ইয়াৰ উপৰিও ভাষা আৰু ইতিহাস সন্দৰ্ভতো মাইনী মহন্তই গুৰুত্বপূৰ্ণ মন্তব্য কৰি কয় যে–"আমাৰ ভাষাটোলৈ সংকট আহিছে। ইয়াক লৈ বৃহৎ আন্দোলন হৈ আছে। আমিও সেই আন্দোলনৰ অংশীদাৰ। তাৰ লগতে এটা কথা ঠিক যে ভাষা এটা জীয়াই ৰাখিবলৈ আইনগত কথা-বতৰা বাদ দিও কিন্তু এটা ভাষা জীয়াই ৰাখিবলৈ সেই ভাষাত উৎকৃষ্ট সাহিত্য চৰ্চা হ'ব লাগিব। আমাৰ ভাষাত যদি উৎকৃষ্ট সাহিত্য নাথাকে, আমাৰ জাতিৰ ইতিহাস যদি আমাৰ ভাষাত লিপিবদ্ধ কৰিব নোৱাৰোঁ, তেতিয়া আমাৰ ভাষাৰ অস্তিত্ব নাথাকিব। হৰিদেৱৰ যি সত্ৰ আছিল সেই সত্ৰ হৰিদেৱে নিজৰ কন্যা ভূৱনেশ্বৰীক পৰিচালনাৰ দায়িত্ব দিছিল। সেই কথা কিন্তু বহুত মানুহে নাজানে। গতিকে আমাৰ এই কথা ইতিহাসত লিপিবদ্ধ কৰা আগ্ৰহ কম। ইতিহাসৰ প্ৰতি আমাৰ অসমীয়া মানুহৰ আগ্ৰহটো স্বভাৱজাত কিছু কম।'

আনহাতে নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত সাংবাদিকেৰে হোৱা বাৰ্তালাপত মাইনী মহন্তই কয় যে- "'কা'কলৈ যিটো প্ৰতিবাদ হৈ আছে সেইটো প্ৰকৃততে কৰিবলগীয়া প্ৰতিবাদ। সমগ্ৰ ভাৰতবৰ্ষত এই আইনৰ যি প্ৰভাৱ, অসমৰ ক্ষেত্ৰত সেই প্ৰভাৱ আৰু সুকীয়া। অসমৰ ক্ষেত্ৰত এই আইনে সংস্কৃতিত আঘাত হানিব, আমাৰ ভাষাটোত আঘাত হানিব। সঁচা কথাটো হৈছে এই আইনে জাতিটোকে বিলুপ্ত কৰিব।"

সাম্প্ৰতিক সময়ত চৰ্চালৈ অহা নতুন ৰাজনৈতিক দল গঠন সন্দৰ্ভতো তাৎপৰ্যপূৰ্ণ মন্তব্য প্ৰদান কৰি কয় – "প্ৰথম কথাটো হৈছে 'কা' বাতিল হ'ব লাগিব। তাৰ পিছতহে বিকল্প ৰাজনৈতিক দল গঠনৰ কথাটো আহিব। এনেকুৱা হ'ব নালাগে যে 'কা' বাতিলৰ অচিলাত 'কা' বাতিলৰ প্ৰসংগ তললৈ গৈ ৰাজনৈতিক দল গঠনৰ প্ৰসংগটো ওপৰলৈ অহা কথাটো মই নিবিচাৰোঁ। বিকল্প ৰাজনীতি এনে হোৱা উচিত যে প্ৰতিটো ৰাজনীতি দলৰ ভাল মানুহখিনিক যদি নিৰ্বাচিত কৰি ৰাইজে পঠিয়াব পাৰে আৰু সেই ভাল মানুহখিনি একেলগ হৈ মিত্ৰজোঁট কৰে তেন্তে সেয়া ভাল কথা হ'ব। ক্ষমতা সৰ্বোচ্চ ৰাজনীতি, কেৱল সদন-সংসদেই যাৰ উদ্দেশ্য নহয় তেনেকুৱা ব্যক্তি অহাটো সঁচাকৈ বৰ্তমান সময়ৰ আহ্বান বুলি মই ভাবোঁ।"

সভা মহোৎসৱৰ নান্দনিক পৰিৱেশত আপ্লুত বিশিষ্টা লেখিকাগৰাকীয়ে পৰ্যটন বিভাগক প্ৰয়োজনীয় পদক্ষেপ ল'বলৈও আহ্বান জনায়। ঐক্য সন্মিলনৰ সভাপতি অনিল চন্দ্ৰ পাঠকৰ সভাপতিত্বত অনুষ্ঠিত হোৱা উদ্বোধনী সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে সন্মিলনৰ সহকাৰী সম্পাদক চিন্ময় ডেকাই। প্ৰতিবেদন পাঠ কৰে সন্মিলনৰ সম্পাদক কুলেন্দ্ৰ ডেকাই। প্ৰাক্তন ছাত্ৰনেতা-সমাজকৰ্মী খনিন পাঠক আৰু বিশিষ্ট শিক্ষক হিৰণ্য কুমাৰ গোস্বামীয়ে আঁত ধৰা সভাখনত নিৰ্দিষ্ট বক্তা হিচাপে সদৌ অসম সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক নকুল তালুকদাৰ, আমন্ত্ৰিত অতিথি হিচাপে বিশিষ্ট অভিনেতা কবীন্দ্ৰ দাস, চেঙা প্ৰাথমিক শিক্ষাখণ্ডৰ শিক্ষা বিষয়া নৱজিৎ বায়ন, বেচৰকাৰী সংস্থা পথিকৰ সঞ্চালক ভিক্টৰ ৰাজকুমাৰে ভাষণ প্ৰদান কৰে।

ইয়াৰ উপৰিও সভাখনত চেঙা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ মুকুল কৃষ্ণ মিশ্ৰ, বিৰিণা গোষ্ঠী অসমৰ সভাপতি লীলাধৰ পাঠক, গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ বৰপেটা জিলা সমিতিৰ সাধাৰণ সম্পাদক চলমান হুছেইনৰ উপৰিও কেইবাগৰাকী বিশিষ্ট লোক উপস্থিত থাকে। সভাৰ আৰম্ভণিতে স্থানীয় শিল্পী দেৱৰাজ পাঠকে সভা মহোৎসৱৰ লগত সংগতি ৰাখি ৰচনা আৰু সুৰ কৰা সমবেত সংগীত পৰিবেশন কৰি উপস্থিত ৰাইজক আপ্লুত কৰে। উল্লেখ্য যে, সাদিনীয়া সভা মহোৎসৱৰ বিভিন্ন ধৰ্মীয় আৰু সাংস্কৃতিক কাৰ্যসূচীৰ লগতে আজিৰে পৰা তিনিদিন আগশাৰীৰ ভ্ৰাম্যমাণ আৱাহন থিয়েটাৰে নাট মঞ্চস্থ কৰাৰ উপৰিও ২১ জানুৱাৰীৰ সাংস্কৃতিক অনুষ্ঠানত গীত পৰিবেশন কৰিব জনপ্ৰিয় কন্ঠশিল্পী জেকিংৰাজ, বেবী কুইন, কিমী বৈশ্যই। সৰ্বস্তৰৰ ৰাইজক সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছে চেঙা ঐক্য সন্মিলনে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in