শেহতীয়া খবৰ
মুজাফ্ফৰপুৰত একিউট এনকেফেলাইটিছ ছিণ্ড্ৰমত আক্ৰান্ত হৈ মৃত্যু হোৱা শিশুৰ সংখ্যা ১৩২ জনলৈ বৃদ্ধি  •  এছ ইউ ভি বাহনে মহতিয়াই নিলে পদপথত শুই থকা লোকক, নিহত ৩ শিশুসহ ৪জন  •  পথ দুৰ্ঘটনাত মন্ত্ৰী পুত্ৰসহ নিহত ৩  •  শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ সোণালী জয়ন্তীৰ প্ৰস্তুতি তুংগত  •  কিছু সময়ৰ পিছতে প্ৰকাশ পাব এন আৰ চিৰ অতিৰিক্ত কৰ্তন তালিকা  •  মন্ত্ৰী নৱ দলেৰ গৃহ পঞ্চায়তত কৃষি বান্ধৰ দুৰ্নীতি, ২০ লাখৰ ঠাইত খৰচ নকৰিলে ১০ হাজাৰো, কাম নকৰাকৈয়ে সৰকালে ৮.৮০ লাখ টকা  •  ড° অনামিকা ৰায় সোঁৱৰণী ন্যাসৰ উদ্যােগত ৰোগীৰ অধিকাৰ দিৱস উদযাপন  •  ক্ৰিকেট বিশ্বকাপত অষ্ট্ৰেলিয়াৰ সন্মুখত শিৰণত আয়োজক দেশ ইংলেণ্ড  •  পৰস্ত্ৰীৰ অশ্লীল ফটো ছ'চিয়েল মিডিয়াত ভাইৰেল কৰি ৰঙাঘৰত সোমাল বদৰপুৰৰ সেনা জোৱান  •  প্ৰাক্তন ক্ৰিকেটাৰ, গুৱাহাটী কমাৰ্চ কলেজৰ প্ৰাক্তন অধ্যক্ষ উমেশ শৰ্মাৰ দেহাৱসান

৩১ মে’ৰ লৈকে বেংকৰ একাউন্টত ৰাখক পৰ্যাপ্ত ধন, নহ’লে হ’ব লোকচান…

11,622

ডিজিটেল ডেস্কঃআপুনি যদি চৰকাৰী চাকৰিয়াল তেন্তে আপোনাৰ বাবে আছে এটা গুৰুত্বপূৰ্ণ খবৰ। সাধাৰণতে দেখা যায় যে, মাহৰ শেষত প্ৰায় সংখ্যক চাকৰিয়াল লোকৰে বেংকৰ একাউন্টত জমা ধন শূন্য হৈ পৰে। বিভিন্ন ধৰণৰ ঋণৰ পৰা সন্তানৰ বহু খা-খৰচৰ বাবে মাহৰ শেষত বেংকৰ একাউন্ট হৈ পৰে শূণ্য। কিন্তু চলিত মে’ মাহত কোনো চাকৰিয়ালে বেংকৰ একাউন্ট শূণ্য নকৰিব, নহ’লে হেৰুৱাব এটা বিশেষ সুবিধা।

দৰাচলতে প্ৰধান মন্ত্ৰীৰ সুৰক্ষা বীমা যোজনাৰ অধীনত প্ৰতি বছৰৰ ৩১ মে’ত সকলো লোকৰ পৰা অতি কম সংখ্যক ধন কাটি নিয়া হয়। ইয়াৰ বাবে আগতীয়াকৈ সকলোকে জনাই দিয়া হয়। যদি আপোনাৰ একাউন্টত এই নুন্যতম ধনো নাথাকে তেন্তে এই আচনিৰ সুবিধা সমূহ উপভোগ কৰাৰ পৰা বঞ্চিত থাকিব লাগিব।

উল্লেখ্য যে, প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনাৰ বাবে প্ৰতিবছৰে লোৱা হয় ১২ টকাকৈ। ১৮ বছৰৰ পৰা ৭০ বছৰ বয়সৰ ভিতৰত এই যোজনাৰ সকলো সুবিধা লাভ কৰিব পাৰিব এজন লোকে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি