লখিমপুৰত মইনা পাৰিজাতৰ নৱম ৰাজ্যিক শিশু নাট প্ৰতিযোগিতাৰ আৰম্ভণী

লখিমপুৰত মইনা পাৰিজাতৰ নৱম ৰাজ্যিক শিশু নাট প্ৰতিযোগিতাৰ আৰম্ভণী

ডিজিটেল সংবাদ, লখিমপুৰঃ মইনা পাৰিজাতৰ নৱম ৰাজ্যিক শিশু নাট প্ৰতিযোগিতাখন ১৩ আৰু ১৪ অক্টোবৰত দুদিনীয়া কাৰ্যসূচীৰে লখিমপুৰৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আৰম্ভ হৈছে। সেই উপলক্ষে শনিবাৰে পুৱা ৮.৩০ বজাত মইনা পাৰিজাতৰ পতাকা উত্তোলন কৰে কাৰ্যকৰী সভাপতি ড০ মন্টুৱে দত্তই। ইয়াৰ পিছতে স্মৃতি তৰ্পণ কৰে শিশু বন্ধু নৃপেন ফুকনে।

৯.৩০ বজাত নাট উদ্ধোধন কৰে বিশিষ্ট নাট্যকাৰ সেৱাব্ৰত বৰুৱাই। এই অনুষ্ঠানত প্ৰতিযোগিতাৰ স্মৃতিগ্ৰন্থ উন্মোচন কৰে অসম মইনা পাৰিজাতৰ প্ৰাক্তন উপ-সভাপতি বিশ্ব বৰুৱাই। ইয়াৰ লগতে দ্বিজেন বৰাৰ 'চতুৰ' আৰু মাণিক চন্দ্ৰ সোণোৱালৰ 'ভিন্নৰঙী নাট জীৱনৰ অচিন বাটত' নামৰ দুখনি শিশুনাট সংকলনৰো উন্মোচন কৰা হয়।

পুবা ১১ বজাত বন্দনা দত্ত হাজৰিকাৰ ৰচনা আৰু দেবজিত বৰাৰ পৰিচলনাৰে নাট 'শিশু কলৰব', উপেন বৰাৰ ৰচনা আৰু পৰিচালনাৰে 'এখন নীলা আকাশ আমাক দিয়া', দেবানন্দ শইকীয়াৰ ৰচনা আৰু পৰিচালনাৰে 'মানুহ মনুহৰ বাবে' আৰু দয়াল দাসৰ ৰচনা আৰু পৰিচালনাৰে 'কহয় হেডচাৰ' নামৰ নাটকৰ লগতে প্ৰায় ১২ খন নাট মনস্থ কৰা হয়। শিশু নাট প্ৰতিযোগিতাৰ দ্বিতীয় দিনা প্ৰায় ১৫ না নাট্যদলে অংশগ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে প্ৰতিযোগিতাখনিৰ পৰিচালনা সমিতিয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in