বৰ্ণিল মইনা পাৰিজাতৰ দ্বি-বাৰ্ষিক শিশু সমাৰোহ, শিশুৰ কাকলিৰে মুখৰিত মৰঙিৰ পোৰাবঙলা

বৰ্ণিল মইনা পাৰিজাতৰ দ্বি-বাৰ্ষিক শিশু সমাৰোহ, শিশুৰ কাকলিৰে মুখৰিত মৰঙিৰ পোৰাবঙলা

ডিজিটেল সংবাদ, দৈগ্ৰোংঃ শিল্পী দিৱসৰ লগত সংগতি ৰাখি গোলাঘাট জিলাৰ নুমলীগড় আঞ্চলিক মইনা পাৰিজাতৰ অন্তৰ্গত বৰ্ণিল শাখা মইনা পাৰিজাতৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা দ্বি-বাৰ্ষিক শিশু সমাৰোহখনি শনিবাৰে সামৰণি পৰে৷ শিশুৰ কাকলিৰে মুখৰিত হোৱা মৰঙিৰ পোৰাবঙলাৰ দৈগ্ৰোং বাগিচা খেলপথাৰ প্ৰাঙ্গণ জীপাল হৈ পৰে৷

শুকুৰবাৰে শিশু সমাৰোহৰ প্ৰথম কাৰ্যসূচী মইনা পাৰিজাত পতাকা উত্তোলনেৰে আৰম্ভ হয়৷ পতাকা উত্তোলন কৰে গোলাঘাট মইনা পাৰিজাতৰ সাহিত্য সম্পাদক কৰ্মেশ্বৰ গগৈয়ে৷ অভিবাদন জনায় ইউনেস্ক' মইনা পাৰিজাতৰ মইনা অনুভূতি দত্তই৷ ইয়াৰ পিছতে শাৰিৰীক ব্যায়াম, মাৰ্চপাষ্ট, চিত্ৰাংকণ, গীত-নৃত্য, সাহিত্য-সংস্কৃতি, ক্ৰীড়া প্ৰতিযোগিতা আদি অনুষ্ঠিত হয়৷

শনিবাৰে পুৱা ৯ বজাৰ পৰা আৰম্ভ হোৱা দ্বিতীয় দিনৰ কাৰ্যসূচীৰ প্ৰথমতে আছিল আকৰ্ষণীয় বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা৷ শোভাযাত্ৰা উদ্বোধন কৰে মৰঙি মহাবিদ্যালয়ৰ অধ্যাপক ড০ অখিল বৰাই৷ হস্তশিল্প প্ৰদৰ্শনীৰ উদ্বোধন কৰে নুমলীগড় শোধনাগাৰৰ উপ – মহাপ্ৰবন্ধক মিন্টু কুমাৰ সন্দিকৈয়ে ৷ দুপৰীয়া ১ বজাৰ পৰা আৰম্ভ হোৱা মুকলি সভাৰ সভাপতিত্ব কৰে বিষ্ণুজ্যোতি শাখা মইনা পাৰিজাতৰ মইনা লৰিয়লি কলিতাই৷ সভাৰ উদ্বোধনী ভাষন দিয়ে ইউনেস্ক মইনা পাৰিজাতৰ প্ৰাক্তন মইনা শতাব্দী দত্ত ৷

ভাষণ প্ৰসংগত শতাব্দী দত্তই কয়- এটি শিশুক সুস্থ, সচেতন তথা সুনাগৰিক হিচাপে গঢ়ি তুলিবলৈ হলে মইনা পাৰিজাতৰ ভূমিকা গুৰুত্বপূৰ্ণ ৷ মইনা পাৰিজাতেহে শিশু সকলক এটি নম্ৰ চৰিত্ৰ গঠনৰ ভেটি ৷ নিৰ্দিষ্ট বক্তাৰ ভাষণ দিয়ে শংকৰজ্যোতি শাখা মইনা পাৰিজাতৰ মইনা অংকুৰণ বৰা, জাগৰণ শাখা মইনা পাৰিজাতৰ মইনা পাৰ্থপ্ৰতীম বৰা আৰু ভাস্কৰজ্যোতি শাখা মইনা পাৰিজাতৰ মইনা শিৱানী শইকীয়াই৷

বিশিষ্ট অতিথিৰ ভাষনত জ্যোতিষ্ময় শাখা মইনা পাৰিজাতৰ মইনা মনপ্ৰীত গগৈ, সদৌ অসম মইনা পাৰিজাতৰ সম্পাদক বিৰেন কলিতা, গোলাঘাট জিলা মইনা পাৰিজাতৰ সভাপতি যোগেন দত্ত, সম্পাদক চিৰণ কুমাৰ বৰা, নুমলীগড় আঞ্চলিক মইনা পাৰিজাতৰ সম্পাদক উত্তম গগৈয়ে বক্তব্য ৰাখে৷

উল্লেখযোগ্য যে ৰাজ্যৰ পৰিস্থিতি সম্পৰ্কত নাগৰিকত্ব সংশোধনী আইনৰ ক্ষেত্ৰত প্ৰতিজন শিশু বক্তাই উল্লেখ কৰাৰ লগতে শংকা ব্যক্ত কৰে৷ ভবিষ্যত প্ৰজন্মক অন্ধকাৰৰ মাজলৈ ঠেলি নিদি 'কা' বাতিলৰ বাবে ৰাজ্য চৰকাৰক শিশু মইনা সকলে অনুৰোধ জনায়৷ শেষত খুব সুন্দৰ আৰু গুৰুত্বপূৰ্ণ মন্তব্যৰে মইনা সভাপতি লৰিয়লি কলিতাই সভাৰ সামৰণি ঘোষণা কৰে৷ সভাৰ মাজতে বৰ্ণিল মইনা পাৰিজাতৰ মইনা সকলে মইনা পাৰিজাতৰ সমবেত সংগীত পৰিবেশন কৰে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in