আফগানিস্তানৰ পৰা সামৰিক বাহিনী উভতাই নিব আমেৰিকাই…

আফগানিস্তানৰ পৰা সামৰিক বাহিনী উভতাই নিব আমেৰিকাই…

ডিজিটেল ডেস্কঃ আমেৰিকাৰ বিদেশ সচিৱ মাইক পোম্পোওৱে দোহাত আফগান চৰকাৰ আৰু তালিবানৰ আলোচনাপন্থী সকলৰ সতে এক বৈঠক মিলিত হয়। তেওঁলোকে দেশত যুদ্ধৰ বিপৰীতে প্ৰগতিৰ আৰু শান্তিৰ আৱাহন কৰি এই বৈঠকত মিলিত হয়।

তালিবান আৰু আফগানিস্তানৰ প্ৰতিনিধিৰ সতে আমেৰিকাৰ শীৰ্ষ সচিৱৰ এইখন প্ৰথম বৈঠক। তেওঁলোকে ঘোষণা কৰে যে ই আফগানিস্তান আৰু ইৰাকত আমেৰিকান সৈন্যবাহিনীৰ সংখ্যা আগন্তুক বৰ্ষৰ ১৫ জানুৱাৰীলৈ ২৫,০০জন পৰ্যন্ত হ্ৰাস কৰিব।

উল্লেখ্য যে বৰ্তমান আফগানিস্তানত সৰু বৰ মিলাই প্ৰায় ৪,৫০০ সংখ্যক আমেৰিকাৰ সৈন্য বাহিনীয়ে কাম কৰি আছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in