শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৯ সংখ্যক বাৰ্ষিক অধিবেশনৰ প্ৰস্তুতি তুংগত, মহুৰাপথাৰ কাজিৰঙা সমন্বয় ক্ষেত্ৰত উখল মাখল পৰিৱেশ

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৯ সংখ্যক বাৰ্ষিক অধিবেশনৰ প্ৰস্তুতি তুংগত, মহুৰাপথাৰ কাজিৰঙা সমন্বয় ক্ষেত্ৰত উখল মাখল পৰিৱেশ

ডিজিটেল সংবাদ, নুমলীগড়ঃ অহা ৫ ফেব্ৰুৱাৰীৰ পৰা চাৰি দিনীয়াকৈ নুমলীগড়ৰ ডিহিঙীয়াৰ মহুৰাপথাৰ কাজিৰঙা সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ'ব উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৯ সংখ্যক বাৰ্ষিক অধিৱেশন। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিত অধিৱেশনৰ প্ৰস্তুতি ইতিমধ্যে প্ৰায় সম্পূৰ্ণ হৈছে।

ইফালে শনিবাৰে বোকাখাট জিলা নামঘৰৰ পৰা ধৰ্মীয় ৰীতি নীতি অনুসাৰে ভক্তপ্ৰাণ বৈষ্ণৱ সকলে আদৰি আনে গুৰু আসন আৰু ধৰ্ম ধ্বজা। দেওবাৰে কাজিৰঙা সমন্বয় ক্ষেত্ৰত গুৰু আসন স্থাপন কৰা হ'ব বুলি জনাইছে আয়োজকসকলে। আনহাতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনক কেন্দ্ৰ কৰি এক উখল মাখল পৰিৱেশৰ সৃষ্টি হৈছে মহুৰাপথাৰ কাজিৰঙা সমন্বয় ক্ষেত্ৰত।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in