শেহতীয়া খবৰ
চীনৰ অবৈধ নিৰ্মাণ আৰু গাওঁ স্থাপনৰ প্ৰতিবাদত সীমান্তত অৰুণাচলীৰ বিশাল সমদল...  •  চীনৰ অবৈধ নিৰ্মাণ আৰু গাওঁ স্থাপনৰ প্ৰতিবাদত সীমান্তত অৰুণাচলীৰ বিশাল সমদল...  •  নলবাৰী নাট্য মন্দিৰত চলচ্চিত্ৰ 'অৰ্জুন' উন্মোচন...  •  ৰাজ্যত পুনৰ কোৰোনাত আক্ৰান্ত ২১ জন...  •  জোৰশিমুলী আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে অভিযান,নগদ ধন আৰু ড্ৰাগছ সহ ১ জনক আটক...  •  বিভিন্ন দাবী আৰু শ্ৰম বিৰোধী নীতিৰ বিৰুদ্ধে মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ তীব্ৰ প্ৰতিবাদ...  •  অৰ্ণৱৰ ৰিপাব্লিক টিভিয়ে চৰকাৰক ধন পৰিশোধ নকৰাকৈ প্ৰচাৰ ভাৰতীৰ বিনামূলীয়া ডিটিএইচ সেৱাত প্ৰৱেশ কৰিছিল...  •  ১ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব উপ-পৰিদৰ্শক পদৰ শাৰীৰিক পৰীক্ষা...  •  ১ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব উপ-পৰিদৰ্শক পদৰ শাৰীৰিক পৰীক্ষা...  •  এ আই ইউ ডি এফৰ লগত হোৱা মিত্ৰতাই কংগ্ৰেছৰ একো ক্ষতি নকৰে : কংগ্ৰেছ নেতা অনিৰুদ্ধ সিং...

২০২১ বৰ্ষৰ ‘মহেশ্বৰ নাথ সোঁৱৰণি যুৱ সাহিত্য বঁটা’ প্ৰদান কৰা হ’ব ফেব্ৰুৱাৰীত…

86

ডিজিটেল ডেস্কঃ অসমীয়া সাহিত্য সন্মিলনীয়ে তেজপুৰ অধিৱেশনত মহেশ্বৰ নাথ সোঁৱৰণি যুৱ সাহিত্য বঁটা আগন্তুক ২০২০-২১ বৰ্ষৰ দয়াং অধিবেশনৰ পৰা পুনৰবাৰ প্ৰৱৰ্তন কৰাৰ সিদ্ধান্ত লোৱা হৈছে। ৪০ অনুৰ্ধৰ লেখকৰ গ্ৰন্থৰ বাবে প্ৰদান কৰা এই বঁটা ২০১৫চনত প্ৰথমবাৰৰ বাবে প্ৰদান কৰা হৈছিল।

সেই বৰ্ষত ‘অসম সাহিত্য সভা কাৰ’ শীৰ্ষক গ্ৰন্থখনৰ বাবে লেকক মৃদুল কুমাৰ সন্দিকৈয়ে লাভ কৰিছিল। তাৰোপৰি, ভাষা সন্মান আৰু ভাষা সংগঠক বঁটাৰ লগতে ইতিহাস সচেতনতা আৰু উপন্যাস শিতানতো পূৰ্বৰ দৰে বঁটা প্ৰদান কৰিব অসমীয়া সাহিত্য সন্মিলনীয়ে। ২০২১ বৰ্ষৰ ৫, ৬ আৰু ৭ ফেব্ৰুৱাৰীত অনুষ্ঠিতব্য সাহিত্য সন্মিলনীৰ দ্বিবাৰ্ষিক অধিবেশনত নতুনকৈ সংযোজন কৰা হৈছে ‘ড০ দিলীপ দত্ত সোঁৱৰণি বক্তৃতা’।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি