বুঢ়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মহেন্দ্ৰ শৰ্মাৰ নিলম্বন প্ৰত্যাহাৰ

বুঢ়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মহেন্দ্ৰ শৰ্মাৰ নিলম্বন প্ৰত্যাহাৰ
  • বুঢ়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মহেন্দ্ৰ শৰ্মাৰ নিলম্বন প্ৰত্যাহাৰ।
  • পুনৰ কৰ্তব্যত নিয়োজিত কৰা হৈছে বিষয়াগৰাকীক।
  • ৩ গৰাকী মহিলাক প্ৰহাৰৰ অভিযোগত নিলম্বন কৰা হৈছিল আৰক্ষী বিষয়াগৰাকীক।
  • গৃহ বিভাগে প্ৰত্যাহাৰ কৰিছে নিলম্বন।
  • উলংগ কৰি ৩গৰাকী মহিলাক প্ৰহাৰ কৰাৰ অভিযোগ উঠিছিল আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে।
  • মিছা প্ৰমাণিত হৈছে তেওঁৰ বিৰুদ্ধে উঠা অভিযোগ।
  • ১৭ ছেপ্তেম্বৰত পোহৰলৈ আহিছিল সেই ঘটনা।
  • আৰক্ষীয়ে অভিযুক্তক নাপাই ৩ ভগ্নীক থানালৈ নি প্ৰহাৰ কৰাৰ অভিযোগ উঠিছিল।
  • মহিলা ৩গৰাকীক প্ৰহাৰ কৰাৰ অভিযোগ উঠিছিল বুঢ়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মহেন্দ্ৰ শৰ্মাৰ বিৰুদ্ধে।
  • বিষয়াগৰাকীক চাকৰিৰ পৰা নিলম্বন কৰাৰ বাবে প্ৰতিবাদ হৈছিল।
  • তাৰ পিছতে তেওঁক নিলম্বন কৰা হৈছিল।
  • এই ঘটনাৰ তদন্ত কৰিছিল ডিআইজি ব্ৰজেন জিৎ সিংহই।
  • তদন্তৰ প্ৰতিবেদনত আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে থকা অভিযোগ মিছা প্ৰমাণ হোৱাৰ পিছতে নিলম্বন প্ৰত্যাহাৰ কৰা হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in