মহেন্দ্ৰ মোহন চৌধুৰী হস্পিতালত মুকলি হ’ল নতুন অক্সিজেন প্লান্ট…

মহেন্দ্ৰ মোহন চৌধুৰী হস্পিতালত মুকলি হ’ল নতুন অক্সিজেন প্লান্ট…

ডিজিটেল ডেস্ক : মহানগৰীৰ মহেন্দ্ৰ মোহন চৌধুৰী হস্পিতালত শুকুৰবাৰে অক্সিজেন প্লান্ট মুকলি কৰা হয় ।মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰে ৰাজ্যৰ ১১ সংখ্যক অক্সিজেন প্লান্টটো । প্লান্টৰ জৰিয়তে নিতৌ ১০০ টাকৈ অক্সিজেন চিণ্ডাৰ ভৰ্তি কৰিব পৰা যাব বুলি মন্তব্য কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

এই অক্সিজেন প্লেন্টটোৰ জৰিয়তে প্ৰতিদিনে .৯ মেট্ৰিকটন অক্সিজেন উৎপাদন কৰিবলৈ সক্ষম হ'ব । উৎপাদিত অক্সিজেনৰ জৰিয়তে প্ৰতিদিনে ১০০ টাকৈ জাম্ব' চিলিণ্ডাৰ ভৰ্তি কৰিব পৰা যাব বুলি জানিব দিয়ে মন্ত্ৰী গৰাকীয়ে ।

ইফালে শিলচৰত আগন্তুক দুদিনৰ ভিতৰত শিলচৰত নতুন দুটা অক্সিজেন প্লান্ট উদ্বোধন কৰা হ'ব । এই প্লান্টটো উদ্বোধন কৰাৰ পিছতে অসমত অক্সিজেন প্লান্টৰ সংখ্যা হ'ব ১৩ টা । এই কথা সদৰি কৰে মন্ত্ৰী শৰ্মাই ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in