সাৱধান ইউটিউবাৰ্ছ! গায়ক মহেন্দ্ৰ হাজৰিকাই দিছপুৰ থানাত তৰিছে গোচৰ…

ফাইল ফটো
ফাইল ফটো

ডিজিটেল ডেস্কঃ ইউটিউবে টোপনি হৰিছে গায়ক মহেন্দ্ৰ হাজৰিকাৰ। জনপ্ৰিয় গায়কজনে কিছুদিনৰ পূৰ্বে দিছপুৰ থানাত এই সন্দৰ্ভত এটা গোচৰো তৰিছে। ঘটনাৰ বিৱৰণিমতে, গায়কজনৰ জনপ্ৰিয় গীতসমূহ ইউটিউবত একাংশই তেওঁৰ অনুমতি নোলোৱাকৈ আপলোড কৰিছে।

অতি শেহতীয়াকৈ তিনিটা গান নিজৰ ইউটিউব চেনেলত মুকলি কৰিছিল মহেন্দ্ৰ হাজৰিকাই। সেই গীত কেইটাও একাংশ ইউটিউবাৰে তেওঁলোকৰ চেনেলেৰ জৰিয়তে ইউটিউবত আপলোড কৰাৰ পাছত উপায়ন্তৰ হৈ এই পদক্ষেপ ল'ব লগা হৈছে গায়কগৰাকীয়ে।

https://www.youtube.com/watch?v=7vIbLC-MkM4

অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কৰ সৈতে হোৱা কথোপকথনত গায়কগৰাকীয়ে জনাই যে- 'মোৰ গানবোৰ একাংশই মোৰ অনুমতি অবিহনেই ইউটিউবত আপলোড কৰি ধন ঘটাৰ পৰিলক্ষিত হৈছে। এজন শিল্পীয়ে যথেষ্ট কষ্ট কৰি এই গীতবোৰ প্ৰস্তুত কৰে। কিন্তু অনুমতি বিহীনভাৱে ইউটিউবত যধে-মধে সেইবোৰ নিজৰ নামত আপলোড কৰাতো এটা অপৰাধ। সেয়েহে মই আৰক্ষীৰ কাষ চাপিছো। দিছপুৰ থানাত এই সন্দৰ্ভত গোচৰ তৰিছো মই।'

অসম আৰক্ষীৰ এগৰাকী উচ্চপদস্থ বিষয়াই জানিবলৈ দিয়া মতে, শিল্পীগৰাকীৰ এই গোচৰক গুৰুত্বসহকাৰে লৈছে আৰক্ষীয়ে। চাইবাৰ ক্ৰাইমৰ অধীনত এই বিষয়ে তদন্ত কৰিছে আৰক্ষীয়ে। অচিৰেই দোষীসকলক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব বুলি জানিবলৈ দিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in