১৯ ফেব্ৰুৱাৰীৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে বৰক্ষেত্ৰীৰ কালদিত বিশ্ব মহাবীৰ চিলাৰায় দিৱস

১৯ ফেব্ৰুৱাৰীৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে বৰক্ষেত্ৰীৰ কালদিত বিশ্ব মহাবীৰ চিলাৰায় দিৱস

ডিজিটেল সংবাদ, চেঙাঃ নলবাৰী জিলা কোচ ৰাজবংশী সন্মিলনীৰ সৌজন্যত, বৰক্ষেত্ৰী আঞ্চলিক কোচ ৰাজবংশী সন্মিলনীৰ উদ্যোগত তথা নলবাৰী জিলা আক্ৰাছু, মহিলা সন্মিলনী, যুৱ সন্মিলনী, বিশ্ব মহাবীৰ চিলাৰায় মেম'ৰিয়েল মিছন আৰু নলবাৰী জিলাবাসীৰ সহযোগত বৰক্ষেত্ৰীৰ কালদিত ১৯ আৰু ২০ফেব্ৰুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে ৫০৯ সংখ্যক বিশ্ব মহাবীৰ চিলাৰায় দিৱস উদযাপনৰ বিশাল আয়াজন চলিছে। চিলাৰায় দিৱস সুচাৰুৰূপে পৰিচালনাৰ বাবে নৰেন্দ্ৰ নাথ ৰাজবংশীক সভাপতি, হৰেন্দ্ৰ নাথ তালুকদাৰ আৰু আনন্দি ৰাজবংশীক কাৰ্যকৰী সভাপতি, জগদাচৰণ তালুকদাৰক মুখ্য সম্পাদক আৰু ডালিম পাঠকক সম্পাদক হিচাপে লৈ এখন বিশাল আদৰণি সমিতি গঠন কৰাৰ লগতে কেইবাখনো উপ-সমিতি গঠন কৰি দিছে বুলি জানিবলৈ দিয়ে নলবাৰী জিলা কোচ ৰাজবংশী সন্মিলনীৰ সম্পাদক ডাঃ সমৰ তালুকদাৰে।

বৰক্ষেত্ৰীৰ কালদিস্থিত গোপালথান প্ৰাঙ্গণত আটকধুনীয়াকৈ সজ্জিত প্ৰয়াত দেৱেন্দ্ৰ নাথ ৰাজবংশী ক্ষেত্ৰত অনুষ্ঠিত কৰিবলৈ লোৱা চিলাৰায় দিৱসৰ বিস্তৃত কাৰ্যসূচী অনুসৰি ১৯ ফেব্ৰুৱাৰীৰ পুৱা পৰিৱেশ নিকাকৰণ আৰু বৃক্ষৰোপণৰ পিছতে পতাকা উত্তোলন কৰিব নলবাৰী জিলা কোচ ৰাজবংশী সন্মিলনীৰ সভাপতি বিপিন চন্দ্ৰ ৰাজবংশীকে ধৰি সংশ্লিষ্ট সংগঠন কেইটাৰ সভাপতি-সভানেত্ৰীসকলে। পুৱা ৯ বজাৰ পৰা শ্বহীদ তৰ্পণ, স্মৃতি তৰ্পণ, বন্তি প্ৰজ্বলনৰ লগতে বিশ্ব মহাবীৰ চিলাৰায়ৰ প্ৰতিকৃতিত মাল্যাৰ্পণ, জননেতা শৰৎ চন্দ্ৰ সিংহ, কমতাৰত্ন অম্বিকাচৰণ চৌধুৰী, প্ৰয়াত দেৱেন্দ্ৰ নাথ ৰাজবংশী আৰু প্ৰয়াত সৰ্বানন্দ পাঠকৰ প্ৰতিকৃতিত মাল্যাৰ্পণ কৰিব কেইবাগৰাকী বিশিষ্ট লোকে।

১০.৩০ বজাত প্ৰদৰ্শনীৰ দ্বাৰ উন্মোচন আৰু দিনৰ ১১ বজাত বিশ্ব মহাবীৰ চিলাৰায় মেম'ৰিয়েল মিছনৰ কাৰ্যকৰী সভাপতি প্ৰমোদ কুমাৰ তালুকদাৰৰ পৰিচালনাত আৰম্ভ হ'বলগীয়া "অসমীয়া জাতি গঠনত নৰনাৰায়ণ-চিলাৰায়ৰ ভূমিকা" শীৰ্ষক আলোচনা চক্ৰ উদ্বোধন কৰিব ভোলানাথ মহাবিদ্যালয়ৰ অধ্যাপক ড° উপেন্দ্ৰজিৎ শৰ্মাই। আলোচনা চক্ৰত কেইবাগৰাকী আলোচক উপস্থিত থাকিব। সন্ধিয়া সমূহীয়া বন্তি প্ৰজ্বলন পৰিচালনা কৰিব আদৰণী সমিতিৰ কৰ্মকৰ্তাই। ২০ ফেব্ৰুৱাৰীৰ পুৱা ৮ বজাত বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰিব নৰ্থ ইষ্ট কেন্সাৰ ইনষ্টিটিউটৰ সঞ্চালক গণেশ তামুলীয়ে।

দিনৰ ১১ বজাত নলবাৰী জিলা কোচ ৰাজবংশী সন্মিলনীৰ সভাপতি বিপিন চন্দ্ৰ ৰাজবংশীৰ সভাপতিত্বত অনুষ্ঠিত হ'বলগীয়া মুকলি সভা উদ্বোধন কৰিব নলবাৰী জিলা উপায়ুক্ত ভাৰত ভূষণ দেৱচৌধুৰীয়ে। অসম সাহিত্য সভাৰ সভাপতি ড° পৰমানন্দ ৰাজবংশীক মুখ্য অতিথি হিচাপে আমন্ত্ৰণ কৰা মুকলি সভাত নিৰ্দিষ্ট বক্তাৰ আসন অলংকৃত কৰিব অৰুণাচল প্ৰদেশৰ প্ৰাক্তন ৰাজ্যপাল তথা অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত মুখ্য সচিব জ্যোতিপ্ৰসাদ ৰাজখোৱাই। উক্ত সভাতে ডাঃ সমৰ তালুকদাৰ সম্পাদিত স্মৃতিগ্ৰন্থ উন্মোচন কৰিব মধ্য কামৰূপ মহাবিদ্যালয়ৰ উপাধ্যক্ষ ড° হৰেন্দ্ৰ নাথ তালুকদাৰে।

সাংসদ বিজয়া চক্ৰৱৰ্ত্তী, বৰক্ষেত্ৰীৰ স্থানীয় বিধায়ক নাৰায়ণ ডেকা, নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মা, অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ডাঃ ভূমিধৰ বৰ্মন, সদৌ অসম সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক নকুল তালুকদাৰকে আদি কৰি কেইবাগৰাকী বিশিষ্ট লোকক বিশিষ্ট অতিথি আৰু সন্মানীয় অতিথি হিচাপে আমন্ত্ৰণ জনোৱা মুকলি সভাত বিশিষ্ট অভিনেতা ব্ৰজেন বৰাক বিশেষভাৱে সম্বৰ্ধনা জনোৱাৰ লগতে পণ্ডিত ড° নবীন শৰ্মাক যজ্ঞৰাম তালুকদাৰ স্মাৰক বঁটা, সমাজকৰ্মী কবিপ্ৰসাদ বৰ্মনক বৈকুন্ঠ নাথ তালুকদাৰ স্মাৰক বঁটা আৰু কৃতী ছাত্ৰ ভাস্কৰজ্যোতি ডেকাক নৰেন্দ্ৰ নাথ ৰাজবংশী স্মাৰক বঁটা প্ৰদান কৰা হ'ব।

সন্ধিয়া নলবাৰী জিলা পৰিবহন বিষয়া দিলীপ দাসৰ সঞ্চালনাত অনুষ্ঠিত কৰিবলগীয়া সাংস্কৃতিক সমাৰোহ উদ্বোধন কৰিব দৌলাশালস্থিত চতুৰ্দশ অসম আৰক্ষী বাহিনীৰ অধিনায়ক দেৱেন্দ্ৰ ডেকাই। নিশা সাংস্কৃতিক সন্ধিয়াত ঐ খাপলাং গোষ্ঠীৰ শিল্পীৰ দ্বাৰা অনুষ্ঠান পৰিৱেশন কৰা হ'ব। অন্তহীন ব্যস্ততাৰে প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা মহাবীৰ চিলাৰায় দিৱসৰ প্ৰতিটো কাৰ্যসূচীত সৰ্বস্তৰৰ নাগৰিকৰ উপস্থিতি আৰু সহায় সহযোগিতা কামনা কৰিছে উদযাপন সমিতিৰ আটাইকেইটা সংগঠনে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in