আততায়ীৰ হাতত নহয়, দুৰ্ঘটনাজনিত কাৰণতহে হেনো মৃত্যু হৈছিল মহাত্মা গান্ধীৰ

আততায়ীৰ হাতত নহয়, দুৰ্ঘটনাজনিত কাৰণতহে হেনো মৃত্যু হৈছিল মহাত্মা গান্ধীৰ

ডিজিটেল ডেস্কঃ "১৯৪৮ চনৰ ৩০ জানুৱাৰীত দিল্লীৰ বিৰলা হাউচত দুৰ্ঘটনাজনিত কাৰণত মৃত্যু হৈছিল জাতিৰ পিতা মহাত্মা গান্ধিৰ। 'Aama Bapuji: Eka Jhalaka' (আমাৰ বাপুজীঃ এক জিলিঙনি) নামেৰে ১৫০ সংখ্যক জন্ম জয়ন্তীত চৰকাৰে মহাত্মা গান্ধীৰ বাণী, কাম, ওড়িশ্যাৰে সম্বন্ধ ইত্যাদি প্ৰকাশ কৰি উলিওৱা ২ পৃষ্ঠাযোৰা বুকলেটত সন্নিৱিষ্ট হৈছে এই কথা। ৰাজ্যখনৰ স্কুল এণ্ড মাছ ইডুকেশ্যন বিভাগে চৰকাৰী বিদ্যালয়সমূহত বিতৰণৰ বাবে প্ৰকাশ কৰা এই বিতৰ্কিত বুকলেটক লৈ সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ জোৱাৰ উঠিছে।

নবীন পাটনায়ক নেতৃত্বাধীন ৰাজ্য চৰকাৰে এই ঘটনাৰ এক তদন্ত ঘোষণা কৰিছে বুলি জানিব পৰা গৈছে। এই ঘটনাক লৈ শুকুৰবাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কেইবাটাও ৰাজনৈতিক দলে। কংগ্ৰেছ নেতা তথা প্ৰাক্তন মন্ত্ৰী নৰসিংহ মিশ্ৰই এই ভুলৰ বাবে মুখ্যমন্ত্ৰী নবিন পাটনায়কৰ পদত্যাগ দাবী কৰে। অন্যথা তেওঁ মুকলিকৈ মাফ খোজক বুলিও দাবী কৰে কংগ্ৰেছ নেতাগৰাকীয়ে। তেওঁ কয় যে, 'গান্ধীৰ হত্যাকাৰীৰ বিষয়ে সকলো লোকে জানিব লাগে। ছাত্ৰ-ছাত্ৰীসকলেও জানিব লাগে কেনে পৰিস্থিতিত হত্যা কৰা হ'ল মহাত্মা গান্ধীক।'

ৰাজ্যখনৰ চিপিআইৰ সম্পাদক আশীষ কানুনগ'ৱে চৰকাৰক দোষী সাব্যস্ত কৰি কয়, 'নাথুৰাম গডছেয়ে গান্ধীক হত্যা কৰিছিল বুলি সকলো লোকে জানে। যাৰ বাবে তেওঁক আটক কৰাৰ লগতে মৃ্ত্যুদণ্ড দিয়া হৈছিল। গতিকে ছাত্ৰ-ছাত্ৰীসকলক প্ৰকৃত সত্যটো জনাব লাগে।' বুকলেটখন ছাত্ৰ-ছাত্ৰীসকলৰ পৰা ঘূৰাই লবলৈও দাবী কৰে নেতাগৰাকীয়ে।

আততায়ীৰ হাতত মৃত্যু হোৱা মহাত্মা গান্ধীক দুৰ্ঘটনাজনিত কাৰণত মৃত্যু হোৱা বুলি বিকৃতভাৱে উপস্থাপন কৰা কাৰ্যক লৈ ইতিমধ্যে দেশজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। এই সম্পৰ্কে সংবাদমাধ্যমে ৰাজ্যখনৰ স্কুল এণ্ড মাছ ইডুকেশ্যন বিভাগৰ মন্ত্ৰী সমীৰ ৰঞ্জন দাসৰ প্ৰতিক্ৰিয়া বিচৰাত তেওঁ তদন্ত কৰি থকা হৈছে বুলি জনায়। লগতে তেওঁ কয়, 'চৰকাৰে সমগ্ৰ ঘটনাটো গুৰুত্বসহকাৰে লৈছে। দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱ্স্থা লোৱা হ'ব।'

২ অক্টোবৰত দেশে পালন কৰিলে গান্ধী জয়ন্তী। সকলো লোকে ১৫০ সংখ্যক জন্ম জয়ন্তীত সোঁৱৰিলে জাতিৰ পিতাক। অহিংসাৰ উপাশকগৰাকীক শ্ৰদ্ধা জনাই আয়োজন কৰা হ'ল বিভিন্ন অনুষ্ঠানৰ। পিছে ওড়িশ্যাত স্কুল এণ্ড মাছ ইডুকেশ্যন বিভাগে কৰা এনে ভুলক কোনো লোকে সাধাৰণভাৱে ল'ব পৰা নাই।

ইফালে ৰাজ্যখনত স্কুল এণ্ড মাছ ইডুকেশ্যন বিভাগে প্ৰকাশ কৰি উলিওৱা প্ৰাথমিক বিদ্যালয়ৰ পাঠ্যপুথিত মহাত্মা গান্ধীৰ নামটো কেবাস্থানত লিখিলে বিভিন্ন বানানেৰে। যাৰ বাবে ছাত্ৰ-ছাত্ৰীসকল অসুবিধাত পৰিছে। ৰাজ্যখনৰ প্ৰাথমিক স্তৰৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে যুগুত কৰা দ্বিতীয় শ্ৰেণীৰ 'Hasakhusi', তৃতীয় শ্ৰেণীৰ 'Ama Bhasa O' Ama Sahitya' আৰু 'Jana Ajana'ত সন্নিৱিষ্ট আছে জাতিৰ পিতাগৰাকীৰ নাম। ইফালে পঞ্চম শ্ৰেণীৰ পাঠ্যপুথি 'Sahitya Kusuma', প্ৰথম শ্ৰেণীৰ 'Hasakhela' (দ্বিতীয় বিভাগ), চতুৰ্থ শ্ৰেণীৰ 'Sahitya Kalika', পঞ্চম শ্ৰেণীৰ 'Ganita Dhara'টো সন্নিৱিষ্ট হৈছে মহাত্মা গান্ধীৰ নাম।

পিছে পৰিতাপৰ কথা যে, ইংৰাজীত মহাত্মা গান্ধীৰ নাম 'Mahatma Gandhi' বুলি লিখিব লাগে যদিও দ্বিতীয়ৰ পৰা পঞ্চম শ্ৰেণীৰ পাঠ্যপুথিৰ ৭২ নম্বৰ পৃষ্ঠাত সেই নাম লিখা হৈছে 'MahatmaGandhi'। এইক্ষেত্ৰত 'Mahatna Gandhi' নামটো লিখোতে দুয়োটা শব্দৰ মাজত দিয়া হোৱা নাই স্পেচ বা খালী ঠাই।

একেদৰে ৭৪ নম্বৰ পৃষ্ঠাত লিখা হৈছে 'Mahatm Gandhi' বুলি। ঠিক তেনেদৰে একেটা নামকে 'Mahatna Gandhi' বুলি লিখা হৈছে ৭৬ নম্বৰ পৃষ্ঠাত। ৭৮ আৰু ৮২ পৃষ্ঠাত ক্ৰমে 'Maahatma Gandhi' আৰু 'Mahatma Gndhi' বুলি লিখা হৈছে জাতিৰ পিতাগৰাকীৰ নাম।

প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ বাবে যুগুত কৰা পাঠ্যপুথিত হোৱা এনে ভুল কোনো লোকে সহজে ল'ব পৰা নাই। এই কাৰ্যৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে সকলো লোক। বিদ্যালয়সমূহৰ ছাত্ৰ-ছাত্ৰীসকলৰ অভিভাৱকে অনতিপলমে চৰকাৰে এনে ভুল শুদ্ধ কৰাৰ বাবে দাবী জনাইছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in