ৰাজ্যপালক দিবলৈ তালিকা সাজু ! মহাৰাষ্ট্ৰত চৰকাৰ গঠনৰ দিশত বিজেপি…

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰত চৰকাৰ গঠনৰ বাবে প্ৰায় সাজু বিজেপি আৰু বিসম্বাদী শিৱসেনাৰ গোট। ২৮৮ জনীয়া মহাৰাষ্ট্ৰৰ বিধানসভাত বৰ্তমান বিধায়কৰ সংখ্যা ২৮৫। ২ জন বিধায়ক বৰ্তমান কাৰাগাৰত আৰু এজন বিধায়কৰ মৃত্যু হোৱাৰ বাবে চৰকাৰ গঠন কৰিবলৈ বিজেপিক লাগে সৰ্বমুঠ ১৪৩ জন বিধায়কৰ সমৰ্থন।

২০১৯ চনত অনুষ্ঠিত হোৱা বিধানসভাৰ নিৰ্বাচনত বিজেপিয়ে ১০৬ খন আসন লাভ কৰিছিল। ৭ জন নিৰ্দলীয় বিধায়কৰ সমৰ্থন থকাৰ সূত্ৰে বিজেপিক এতিয়া মাত্ৰ ৩০ জন বিধায়কৰহে প্ৰয়োজন। গুৱাহাটীত ৪২ জনকৈ বিধায়ক থকাত সেই সংখ্যা অতি সহজে বিজেপিয়ে অতিক্ৰম কৰিব পাৰিব।

মহাৰাষ্ট্ৰৰ ৰাজ্যপাল ভগত সিং কৌশেৰীক সেই বিধায়কৰ তালিকা ইতিমধ্যে দিবলৈ সাজু কৰা হৈছে। বিসম্বাদী বিধায়কসকলে বিজেপিক সমৰ্থন কৰি স্বাক্ষৰ কৰা পত্ৰত অতি সোনকালেই ৰাজ্যপালৰ হাতত তুলি দিব।

স্বাক্ষৰ কৰা বিধায়কসকল ক্ৰমে একনাথ সিন্দে, প্ৰতাপ সৰনায়ক, চিৰিনিৱাস বন্গা, অনিল বাবৰ, নীতিন দেশমুখ, লতা সোনাবনে, জামিনী যাদৱ, সঞ্জয় চিৰসাট, মহেন্দ্ৰ দলভি, ভাৰত গোগৱালে, প্ৰকাশ সৰ্বে, সোহাস কান্দে, বতসু কুড্ডু নৰেন্দ্ৰ ৱালেকৰ, সঞ্জয় সাৰকবাৰ, বালাজী কিন্ধিকোৰ, সঞ্জয় গাইকোৱাৰ্ড, ৰমেশ বোৰনাৰে, চিমন ৰাও পাটিল, নীতিন কুমাৰ তলে, সন্দীৱন বুমৰে, মহেন্দ্ৰ ভৌৰৱে, ৰাজকুমাৰ পেটেল, চানৰাজ সুগুলি, প্ৰদীপ জয়ছোৱাল, প্ৰকাশ অবিদকৰ, চাহজীৱ পাটিল, বিশ্বনাথ ভূঁয়ৰ, সান্তাৰাম মূৰে, টানাজী সাৱন্ত, মহেশ মূৰে, সম্ভূৰাজে দেশাই, উদয় সিং ৰাজপুত আৰু আব্দুল সট্টাাৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in