মহাৰাষ্ট্ৰত মহাবিসম্বাদৰ যৱনিকা কেতিয়া? ৭ দিনৰ ঠাইত ১০ দিনলৈ বুক কৰা হ’ল ৰেডিশ্যন ব্লুৰ ৭০ টা কোঠা

মহাৰাষ্ট্ৰত মহাবিসম্বাদৰ  যৱনিকা কেতিয়া? ৭ দিনৰ ঠাইত ১০ দিনলৈ বুক কৰা হ’ল ৰেডিশ্যন ব্লুৰ ৭০ টা কোঠা

ডিজিটেল ডেস্কঃ গুৱাহাটীৰ পৰা নিয়ন্ত্ৰিত হৈ থকা মহাৰাষ্ট্ৰৰ বিসম্বাদী ৰাজনীতিৰ কোনো সমাধানসূত্ৰ এতিয়ালৈকে ওলোৱা নাই। একনাথ সিন্দেৰ নেতৃত্বত মহানগৰীৰ হোটেল ৰেডিশ্যন ব্লুত বিসম্বাদী বিধায়কসকলৰ বাবে ৭০ টা কোঠা এসপ্তাহৰ বাবে বুক কৰিছিল যদিও আৰু ৩ দিন অতিৰিক্ত ভাৱে কোঠাসমূহ বুক কৰা হৈছে।

বিজেপিয়ে প্ৰথমে এই বিসম্বাদী বিধায়কসকলক লৈ তৎপৰ হৈ পৰিছিল যদিও মহাৰাষ্ট্ৰৰ শেহতীয়া উত্তেজনাময় পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি প্ৰত্যক্ষ ভাৱে কোনো যোগাযোগ ৰাখিবলৈ বিচৰা নাই। গুজৰাটী আৰু মাৰাঠীসকলৰ পূৰ্বৰ সংঘাতময় ঘটনাপ্ৰবাহৰ প্ৰতি লক্ষ্য ৰাখি যিকোনো মুহূৰ্ততে যিকোনো পৰিস্থিতি উদ্ধৱ হ'ব পাৰে বুলি প্ৰধানমন্ত্ৰী মোডী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ সচেতন হৈ আছে।

অসমৰ বিজেপিৰ জ্যেষ্ঠ নেতা তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুকলিকৈ এই বিসম্বাদী নেতাসকলক সাক্ষাৎ বা পৃষ্ঠপোষকতা কৰিবলৈও সংশয় কৰিছে। ইফালে শিৱ সেনাৰ কাৰ্যনিৰ্বাহক সভাত লোৱা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ।দলটোৰ কাৰ্যনিৰ্বাহকে স্পষ্ট কৰি দিছে যে, কোনো কাৰণতে বিজেপিৰ ডিঙিত উলমিব খোজা বিসম্বাদী বিধায়ক বা নেতাই শিৱ সেনা বালা ঠাকৰেৰ নাম তেওঁলোকৰ সংগঠনত ব্যৱহাৰ কৰিব নোৱাৰিব।

ইয়াৰ উপৰিও শিৱ সেনাৰ ১৬ গৰাকী বিসম্বাদী বিধায়কক কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰি মহাৰাষ্ট্ৰৰ বিধানসভাৰ উপাধ্যক্ষলৈ তেওঁলোকক অযোগ্য ঘোষণা কৰাৰ বাবে পত্ৰ প্ৰেৰণ কৰা হৈছে। শিৱ সেনাৰ জিলাৰ মূৰব্বী সকলৰ সৈতেও দলটোৰ নেতৃত্বই গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰি কোনো কাৰণতে যাতে তেওঁলোকে শিৱ সেনাত উলম্ব বিভাজন কৰিবলৈ একনাথ সিন্দেৰ নেতৃত্বত সম্ভৱ নহয় তাৰ বাবে ৰণকৌশল প্ৰস্তুত কৰিছে।

পানী নসৰকা কটকটীয়া নিৰাপত্তা ব্যষ্টনীৰ মাজত হোটেল ৰেডিশ্যন ব্লুত থকা বিসম্বাদী বিধায়কসকলক মোবাইল ফোনো ব্যৱহাৰ কৰিবলৈ দিয়া হোৱা নাই। বিনা অনুমতিত বিধায়কসকলৰ কোঠাত কোনেও প্ৰৱেশ কৰিব নোৱাৰে আৰু প্ৰয়োজন অনুসৰি বৈঠকত মিলিত হৈছে বিসম্বাদী বিধায়কসকল। ই

ইফালে মহাৰাষ্ট্ৰলৈ উভতি যাবলৈ ভয় কৰিছে এই বিধায়কসকলে। মহাৰাষ্ট্ৰৰ আৰক্ষীৰ সলনি কেন্দ্ৰীয় সুৰক্ষা বাহিনীৰ জৰিয়তে তেওঁলোকৰ নিৰাপত্তা নিশ্চিত কৰাৰো দাবী তুলিছে। এনে তৎপৰতাৰ বিপৰীতে শিৱ সেনাৰ নেতৃত্বই কোনো কাৰণতে মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰে মুখ্যমন্ত্ৰীৰ পদবী নেৰে বুলিও ঘোষণা কৰিছে।

সময় অতিবাহিত হোৱাৰ লগে লগে, বিসম্বাদী বিধায়কসকলৰ ৰণকৌশলো সলনি কৰিবলগীয়া হৈছে। যদিও একনাথ সিন্দেয়ে দাবী কৰিছে বিজেপিৰ সৈতে মিলি চৰকাৰ গঠন কৰিব পৰাকৈ তেওঁলোকৰ হাতত প্ৰয়োজনীয় বিধায়কৰ সমৰ্থন আছে কিন্তু শিৱসেনাৰ নেতা সঞ্জয় ৰাৱতে দাবী কৰিছে যে আনাস্থা ভোটত উদ্ধৱ ঠাকৰেৰ চৰকাৰেই জয়ী হ'ব।

সেয়েহে মহাৰাষ্ট্ৰৰ এই বিসম্বাদৰ ৰাজনীতি শেষ মুহূৰ্তত কোন ফালে গতি কৰে সেয়া এতিয়াও অনিশ্চিত হৈ আছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in