প্ৰতীকি ফটো
প্ৰতীকি ফটো

মহাৰাষ্ট্ৰত যোৱা ২৪ ঘন্টাত ৬৩ সহস্ৰাধিক জন কোভিড পজিটিভ, ৮০২জনৰ মৃত্যু…

ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰত কোৰোনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিদিনাই দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিছে। যোৱা ২৪ ঘন্টাত ৰাজ্যখনত নতুনকৈ ৬৩,২৮২জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। এই সময়চোৱাত ৰাজ্যখনত কোৰোনাত আক্ৰান্ত ৮০২জনৰ মৃত্যু হয়।

ইফালে, ৰাজ্যখনত কোৰোনাত আক্ৰান্ত ৬১৩২৬জন লোক সুস্থ হৈছে। এতিয়ালৈকে আৰোগ্য হোৱা লোকৰ সংখ্যা ৩৯৩০৩০২জনলৈ বৃদ্ধি পাইছে। এতিয়ালৈকে ৰাজ্যখনত আৰোগ্য হোৱা লোকৰ হাৰ ৮৪.২৪ শতাংশ।এতিয়াও মহাৰাষ্ট্ৰত চিকিৎসাধীন হৈ আছে ৬৬৩৭৫৮জন ৰোগী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in