বিধানসভা নিৰ্বাচনত মহাৰাষ্ট্ৰত ৮ আৰু হাৰিয়ানাত ৭ বিজেপি মন্ত্ৰীৰ পৰাজয়…

বিধানসভা নিৰ্বাচনত মহাৰাষ্ট্ৰত ৮ আৰু হাৰিয়ানাত ৭ বিজেপি মন্ত্ৰীৰ পৰাজয়…

ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰ আৰু হাৰিয়ানাত বিজেপি তথা মিত্ৰজোঁটে চৰকাৰ গঠন কৰিলেও ২০১৯ৰ লোকসভা নিৰ্বাচনৰ পাছতে হোৱা দেশৰ ২ ৰাজ্যৰ বিধানসভা নিৰ্বাচনত শাসকীয় বিজেপি দলে আশানুৰূপ ফলাফল প্ৰদৰ্শন কৰিব নোৱাৰিলে। দুয়োখন ৰাজ্যতে শাসনৰ গাদীত থকা বিজেপিৰ অধিক সংখ্যক মন্ত্ৰীয়েই পৰাজয়বৰণ কৰিছে বিধানসভা নিৰ্বাচনত। মহাৰাষ্ট্ৰৰ মন্ত্ৰীসভাত থকা ৮ মন্ত্ৰী আৰু হাৰিয়ানাৰ মন্ত্ৰীসভাত থকা ৭ মন্ত্ৰীৰ পৰাজয় হৈছে ২০১৯ৰ বিধানসভা নিৰ্বাচনত।

কেৱল মন্ত্ৰীয়েই নহয়, মহাৰাষ্ট্ৰত দল সলনি কৰি বিজেপিৰ পৰা প্ৰাৰ্থীত্ব লাভ কৰা ১৯ গৰাকীৰ ভিতৰত ১১ জনৰ পৰাজয় হৈছে। ইফালে হাৰিয়ানাত পৰাজয়বৰণ কৰিছে ৰাজ্যিক বিজেপিৰ অধ্যক্ষ সুভাষ বৰালাই। মাত্ৰ ১১ মাহৰ পূৰ্বে গঠন হোৱা ৰাজনৈতিক দল জে জে পিৰ প্ৰাৰ্থী দেবেন্দ্ৰ বৰেলীৰ বিৰুদ্ধে ৫২ হাজাৰ ভোটৰ ব্যৱধানত পৰাজয় হয় সুভাষ বৰালা। পৰাজয়ৰ পাছতে দলৰ হাইকামাণ্ডালৈ পদত্যাগ পত্ৰয়ো প্ৰেৰণ কৰিছিল ৰাজ্যিক বিজেপিৰ অধ্যক্ষ সুভাষ বৰালাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in