যোৱা ২৪ ঘণ্টাত মহাৰাষ্ট্ৰ আৰক্ষীৰ ১১৪জনৰ দেহত ধৰা পৰিল কোভিড-১৯…

যোৱা ২৪ ঘণ্টাত মহাৰাষ্ট্ৰ আৰক্ষীৰ ১১৪জনৰ দেহত ধৰা পৰিল কোভিড-১৯…

ডিজিটেল ডেস্কঃ দেশত প্ৰতিদিনাই বৃদ্ধি পাবলৈ ধৰিছে কোৰোনা ভাইৰাছত আক্ৰান্ত ৰোগীৰ সংখ্যা। কেৱল সাধাৰণ নাগৰিকেই নহয়, এই ভাইৰাছৰ কৱলত পৰিছে চিকিৎসক-চিকিৎসা কৰ্মী তথা আৰক্ষীও। যোৱা ২৪ ঘণ্টাত মহাৰাষ্ট্ৰত নতুনকৈ ১১৪জন আৰক্ষীৰ লোকৰ দেহত ধৰা পৰে কোভিড-১৯ৰ উপস্থিতি।

বৰ্তমান মহাৰাষ্ট্ৰত ১৩৩০জন আৰক্ষীৰ লোক কোৰোনা ভাইৰাছত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকাৰ বিপৰীতে এই ভাইৰাছৰ ফলত প্ৰাণ হেৰুৱাইছে ২৬জন আৰক্ষীয়ে। ইফালে, বৃহস্পতিবাৰলৈ কোৰোনা ভাইৰাছত আক্ৰান্ত হোৱা ১২১৬জনকৈ আৰক্ষীৰ লোক চিকিৎসাধীন হৈ আছিল। আৰু বুধবাৰৰ দিনটোত নতুনকৈ ১৩১জন আৰক্ষীৰ দেহত ধৰা পৰিছিল কোভিড-১৯।

উল্লেখ্য যে, অহা ১জুনৰ পৰা ৩০জনলৈ কেন্দ্ৰীয় চৰকাৰে পঞ্চম পৰ্যায়ৰ লকডাউন জাৰি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। লকডাউনৰ এই সময়চোৱাত চৰকাৰী নীতি-নিয়ম ভংগ নকৰাকৈ পৰিৱেশ-পৰিস্থিতি নিয়ন্ত্ৰণ কৰাত দিনে-নিশাই নিঃস্বাৰ্থভাৱে আৰক্ষীয়ে নিজৰ কৰ্তব্য পালন কৰি গৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in