মহাৰাষ্ট্ৰৰ ২৫টা ঐতিহাসিক পৰ্যটন ক্ষেত্ৰ গতাই দিয়া হ’ব বে-চৰকাৰী সংস্থাক, হেৰিটেজ হোটেল নিৰ্মাণৰ ষড়যন্ত্ৰ চৰকাৰৰ

মহাৰাষ্ট্ৰৰ ২৫টা ঐতিহাসিক পৰ্যটন ক্ষেত্ৰ গতাই দিয়া হ’ব বে-চৰকাৰী সংস্থাক, হেৰিটেজ হোটেল নিৰ্মাণৰ ষড়যন্ত্ৰ চৰকাৰৰ

ডিজিটেল ডেস্কঃ দেশৰ বহু প্ৰতিষ্ঠান, বিমান বন্দৰ, ঐতিহাসিক স্থান বে-চৰকাৰী সংস্থাৰ হাতত অৰ্পণ কৰি কেন্দ্ৰীয় চৰকাৰে আৰ্থিক সৱলীকৰণৰ নীতিক আকোঁৱালি লোৱাৰ পিছত এইবাৰ মহাৰাষ্ট্ৰৰ ২৫টাকৈ ঐতিহাসিক ক্ষেত্ৰ বে-চৰকাৰী সংস্থাক গতাই দি বিলাস বহুল হোটেল নিৰ্মাণৰ ব্লু প্ৰিন্ট ৰচিছে মহাৰাষ্ট্ৰ চৰকাৰে।

মহাৰাষ্ট্ৰ চৰকাৰৰ এক সূত্ৰৰ খবৰ অনুসৰি ৰাজ্যখনৰ ২৫টা কিল্লা ভাঙি তাৰ ঠাইত হেৰিটেজ হোটেল নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে। এই পৰ্যটনস্থলীসমূহ অতি পুৰণি হোৱা বাবেই তাৰ ঠাইত হোটেল নিৰ্মাণ কৰি আৰ্থিক স্থিতিক শক্তিশালী কৰাৰ চেষ্টা চলোৱা বুলি মহাৰাষ্ট্ৰ চৰকাৰৰ এক সূত্ৰই সদৰী কৰিছে।

চৰকাৰী সূত্ৰ অনুসৰি, ৰাজ্যখনৰ এই পৰ্যটনস্থলীসমূহ ইতিহাসপ্ৰসিদ্ধ হ'লেও, এতিয়া তালৈ পৰ্যটকৰ আগমণৰ সংখ্যা তেনেই সীমিত হৈ পৰিছে। তেনে ক্ষেত্ৰত এই ঐতিহাসিক ক্ষেত্ৰসমূহৰ মেৰামতিৰ বাবে বুজন পৰিমাণৰ ধন খৰছ কৰাটো অনাৱশ্যক। যাৰ বাবে সেই ঠাইসমূহ বে-চৰকাৰী সংস্থাক অৰ্পণ কৰি তাৰ ঠাইত হেৰিটেজ হোটেল নিৰ্মাণ কৰিব বিচৰা হৈছে।

ইফালে চৰকাৰৰ এনে সিদ্ধান্তৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে মহাৰাষ্ট্ৰবাসী। ঐতিহাসিক পৰ্যটনস্থলসমূহ এনেদৰে নষ্ট কৰাৰ সিদ্ধান্তৰ বিৰোধিতাৰে প্ৰতিবাদো সাব্যস্ত কৰিছে বহু দল-সংগঠনে। মহাৰাষ্ট্ৰৰ এন চি পি নেতা সুপ্ৰিয়া শুলেও চৰকাৰী সিদ্ধান্তৰ বিৰোধিতা কৰি ইতিহাসক বজাৰত বিক্ৰী কৰাৰ গভীৰ ষড়যন্ত্ৰ ৰচা হৈছে বুলি অভিযোগ কৰে। তাৰ বিপৰীতে কিল্লাসমূহ সংৰক্ষণ কৰি পৰ্যটকৰ বাবে আকৰ্ষণীয় ৰূপত গঢ়ি তোলাৰ দাবী জনাইছে নেতাগৰাকীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in