শপতগ্ৰহণৰ পাছতেই উদ্ধৱ থাকৰেৰ নেতৃত্বাধীন চৰকাৰে প্রথমে কৰিব এই কেইটা কাম…

শপতগ্ৰহণৰ পাছতেই উদ্ধৱ থাকৰেৰ নেতৃত্বাধীন চৰকাৰে প্রথমে কৰিব এই কেইটা কাম…

ডিজিটেল ডেস্কঃ বৃহস্পিতবাৰে প্ৰায় ৬.৩০ বজাত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিব উদ্ধৱ থাকৰেয়ে। ইয়াৰ পূৰ্বেই মহাৰাষ্ট্ৰৰ বিকাশ অঘাড়ীৰ কমন মিনিমাম প্ৰগ্ৰেমৰ কথাও জানিব পৰা গৈছে। এন চি পিৰ প্ৰবক্তা নৱাব মালিক, শিৱসেনাৰ নেতা একনাথ ছিণ্ডে আৰু এন চি পি নেতা জয়ন্ত পাটিলে সংবাদমেলযোগে কমন মিনিমান প্ৰগ্ৰেমৰ বিষয়া জনায়।

সংবাদমেলত উল্লেখ কৰা হয় মহাৰাষ্ট্ৰত উদ্ধৱ থাকৰেৰ নেতৃত্বতগঠিত নতুন চৰকাৰে কমন মিনিমান প্ৰগ্ৰেমত কৃষক, নিবনুৱা, ধৰ্মনিৰপেক্ষ আৰু বিকাশৰবিষয়টো অন্তৰ্ভুক্ত কৰাৰ কথা। শিৱসেনাৰ নেতা একনাথ সিঙে কয় যে, চৰকাৰী সকলোজনজাতীয় লোকসকলক একেলগে লৈ উন্নতিৰ দিশে আগবাঢ়িব। কোনো ধৰণৰ ভেদা-ভেদ কৰা নহ'ব।তদুপৰি বৃষ্টিপাতৰ ফলত ক্ষতিগ্ৰস্ত কৃষকসকলক সাহায্য প্ৰদান কৰা হ'ব। তদুপৰি ঋণমাফ কৰা হ'ব কৃষকসকলৰ।

তেওঁ লগতে কয় যে, মুখ্যমন্ত্ৰী গ্ৰাম চড়ক যোজনা আৰম্ভ কৰা হ'ব। এক টকাতে চিকিৎসা সেৱা লাভ কৰিব পৰাকৈ ক্লিনিক খোলা হ'ব। ৰাজ্যৰ প্ৰতিজন লোকৰ স্বাস্থ্য বীমা থাকিব। যুৱকসকলক সুদ বিহীন ঋণ প্ৰদান কৰা হ'ব। তদুপৰি চৰকাৰী খালী পদসমূহত নিযুক্তি প্ৰদান কৰা হ'ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in