মহাৰাষ্ট্ৰত শিৱসেনা-কংগ্ৰেছ-এনচিপিৰ চৰকাৰ গঠনৰ দিশত…

মহাৰাষ্ট্ৰত শিৱসেনা-কংগ্ৰেছ-এনচিপিৰ চৰকাৰ গঠনৰ দিশত…

ডিজিটেল ডেস্কঃ বহু অপেক্ষাৰ অন্ত। বৰ্তমান ৰাষ্ট্ৰপতি শাসনৰ অধীনত থকা মহাৰাষ্ট্ৰত শিৱসেনা নেতৃত্বত কংগ্ৰেছ, এন চি পি মিত্ৰজোঁটে চৰকাৰ গঠন কৰাতো প্ৰায় নিশ্চিত হৈছে। সংবাদমাধ্যমক কংগ্ৰেছ, এন চি পিৰ এক বৈঠকৰ পাছত এই ইংগিত দিলে পৃথ্বীৰাজ চৌহান আৰু নৱাব মালিকে।

উল্লেখযোগ্য যে, চৰকাৰ গঠনৰ সন্দৰ্ভত বুধবাৰে দিল্লীত শৰদ পাৱাৰৰ বাসভৱনত কংগ্ৰেছ-এনচিপিৰ এক বৈঠক অনুষ্ঠিত হৈছিল। এই বৈঠকৰ অন্ততেই মহাৰাষ্ট্ৰৰ পূৰ্বৰ মুখ্যমন্ত্ৰী পৃথ্বীৰাজ চৌহানে এক সংবাদমেল সম্বোধন কৰি কয়- ৰাজ্যখনত এন চি পি-কংগ্ৰেছ আৰু শিৱসেনাৰ নেতৃত্বত মিত্ৰদলৰ স্থিৰ চৰকাৰ গঠনৰ প্ৰক্ৰিয়া প্ৰায় চূড়ান্ত হৈছে।

এই বৈঠকত উপস্থিত আছিল নৱাব মালিকো। তিনিওটা দলৰ মাজত সকলোবোৰ বিষয় আলোচনা হোৱা বুলিও জানিবলৈ দিয়ে চৌহানে। লগতে এই সন্দৰ্ভত সহমতত উপনীত হোৱাৰ কথা উল্লেখ কৰে। উল্লেখযোগ্য যে এই বৈঠক পূৰ্বে শিৱসেনাৰ নেতা সঞ্জয় ৰাউটে অহা দুই-পাঁচ দিনৰ ভিতৰতে ছবি স্পষ্ট হ'ব বুলি ঘোষণা কৰিছে।

উল্লেখযোগ্য যে, ২৮৮ জনীয়া মহাৰাষ্ট্ৰৰ বিধানসভাত বৰ্তমান বিজেপিৰ ১০৫জন, শিৱসেনাৰ ৫৬জন, এন চি পিৰ ৫৪জন আৰু কংগ্ৰেছৰ ৪৪জন সদস্য আছে। বিজেপিয়ে অকলে চৰকাৰ গঠন কৰিব নোৱাৰাত আৰু শেষ মুহূৰ্তত মুখ্যমন্ত্ৰীৰ পদবীক লৈ দিয়া ৫০-৫০ চৰ্তত এন ডি এৰ সহযোগী দল শিৱসেনাই আকোঁৰগুজ হৈ থকাত ৰাজ্যখনত পূৰ্বৰ বিধানসভাৰ কাৰ্যকাল অন্ত পৰাত অন্তত ৰাজ্যপালৰ পৰামৰ্শমৰ্মে কেন্দ্ৰই ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন কৰিছিল।

তাৰমাজতে চৰকাৰ গঠনৰ বাবে শিৱসেনাৰ নেতৃত্বত কংগ্ৰেছ আৰু এন চি পিৰ মাজত আলোচনা অব্যাহত আছিল। উল্লেখযোগ্য যে, মহাৰাষ্ট্ৰত চৰকাৰ গঠনৰ বাবে ১৪৫জন বিধায়কৰ সমৰ্থনৰ প্ৰয়োজন হ'ব। শিৱসেনা, কংগ্ৰেছ আৰু এন চি পি একলগ হ'লে চৰকাৰ গঠন কৰিব পাৰিব যদিও, এই দিশত উমৈহতীয়া সিদ্ধান্ত লোৱাৰ বাবে তিনিওটা দলৰ মাজত কেইবাখনো বৈঠক ইতিমধ্যে অনুষ্ঠিত হৈছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in