দেশৰ ভিতৰত সৰ্বাধিক লোক কোভিড-১৯ত আক্ৰান্ত মহাৰাষ্ট্ৰত, ২৪ ঘণ্টাত ২৯৪০জনৰ দেহত ধৰা পৰিল কোৰোনা…

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল ডেস্কঃ সমগ্ৰ দেশত কোৰোনা ভাইৰাছত ১.২৪ লাখৰো অধিক লোক আক্ৰান্ত হৈছে। এই ভাইৰাছৰ সংক্ৰমণ প্ৰতিদিনাই বৃদ্ধি পাবলৈ ধৰিছে দেশত। উল্লেখ্য যে, দেশৰ ভিতৰত সৰ্বাধিক লোক মহাৰাষ্ট্ৰত আক্ৰান্ত হৈছে কোৰোনা ভাইৰাছত। ৰাজ্যখনত যোৱা ২৪ ঘন্টাত নতুনকৈ কোভিড-১৯ত আক্ৰান্ত হৈছে ২৯৪০জন লোক। তদুপৰি, মহাৰাষ্ট্ৰত কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা ৪৪,৫৮২জনলৈ বৃদ্ধি পাইছে।

উল্লেখ্য যে, কোৰোনা ভাইৰাছত আক্ৰান্ত হৈ ৰাজ্যখনত যোৱা ২৪ ঘন্টাত মৃত্যু হৈছে ৬৩জনকৈ লোকৰ। ইফালে, বৰ্তমানলৈ মহাৰাষ্ট্ৰত কোৰোনা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ১৫১৭জনলৈ বৃদ্ধি পাইছে। আনহাতে, মুম্বাইত যোৱা ২৪ ঘণ্টাত কোৰোনা ভাইৰাছত আক্ৰান্ত হৈছে ১৭৫১জন লোক। আৰু মৃত্যু হৈছে ২৭জন লোকৰ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in