লকডাউন-৫ঃ মহাৰাষ্ট্ৰত নিশা ৯ বজাৰ পৰা পুৱা ৫ বজালৈ জাৰি সান্ধ্য আইন…

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল ডেস্কঃ দেশত কোৰোনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিদিনাই বৃদ্ধি পাবলৈ ধৰিছে। এই ভাইৰাছৰ ফলত বৰ্তমান সময়লৈকে ভাৰতত প্ৰায় ১.৮৩ লাখ লোক আক্ৰান্ত হৈছে। তদুপৰি এই ভাইৰাছত আক্ৰান্ত হৈ দেশত মৃত্যু হৈছে ৫১০০জনকৈ লোকৰ। তাৰ মাজতে কোভিড-১৯ৰ সংক্ৰমণ বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে চৰকাৰে ৰাজ্যখনত অহা ৩০ জুনলৈ লকডাউন বৃদ্ধি কৰাৰ ঘোষণা কৰে।

অত্যাৱশ্যকীয় সেৱাৰ বাহিৰে ৰাজ্যখনত নিশা ৯ বজাৰ পৰা পুৱা ৫ বজালৈ কোনো ধৰণৰ দোকান-পোহাৰ, যান-বাহন চলাচল কৰিব নোৱাৰিব। কিয়নো এই সময়চোৱাত ৰাজ্যখনত জাৰি কৰা হ'ব সান্ধ্য আইন। উল্লেখ্য যে, দেশত কোৰোনা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা মহাৰাষ্ট্ৰতে সৰ্বাধিক হোৱা পৰিলক্ষিত হৈছে। মহাৰাষ্ট্ৰত ৬৫ হাজাৰৰো অধিক লোক এই ভাইৰাছত আক্ৰান্ত হোৱাৰ বিপৰীতে ২১০০জনৰো অধিকজনে হেৰুৱাইছে প্ৰাণ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in