সমগ্ৰ মুম্বাইত ৩ সপ্তাহৰ ভিতৰত কোভিড ভেকচিন প্ৰদান কৰাৰ ৰোডমেপ আমাৰ ওচৰত আছে – আদিত্য থাকৰে

সমগ্ৰ মুম্বাইত ৩ সপ্তাহৰ ভিতৰত কোভিড ভেকচিন প্ৰদান কৰাৰ ৰোডমেপ আমাৰ ওচৰত আছে – আদিত্য থাকৰে

ডিজিটেল ডেস্ক : দেশত কোভিডৰ সংক্ৰমনে বিভীষিকাৰ সৃষ্টি কৰিছে । কোভিড সংক্ৰমনৰ লগতে সমগ্ৰ দেশতে তীব্ৰ গতিতি চলিছে টিকাকৰণ অভিযান । মহাৰাষ্ট্ৰ চৰকাৰে কোভিড ভেকচিন পোনপোটীয়াকৈ আমদানি কৰাৰ কথা চিন্তা কৰিছে যিহেতু দেশৰ ভিতৰতে ৰাজ্যখনত সৰ্বাধিক লোক কোভিডত আক্ৰান্ত হৈছে । ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত এই কথা জানিব দিয়ে মন্ত্ৰী আদিত্য থাকৰে ।

তেওঁ লগতে কয় – অন্য ৰাজ্যৰ দৰে আমিও কোভিড ভেকচিনৰ বাবে সংঘৰ্ষ কৰি আছো । যদি কোভিড ভেকচিন আমদানি কৰা হয় । তেনেহ'লে তিনি সপ্তাহৰ ভিতৰত সমগ্ৰ মুম্বাইত টিকাকৰণ কৰা হ'ব আৰু এই ক্ষেত্ৰত এক ৰোডমেপও প্ৰস্তুত কৰা হৈছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in