মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰি ফড়নবিছে ক’লে- চৰকাৰ গঠন কৰিবলৈ আমি হিংসাৰ ৰাজনীতি নকৰো

মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰি ফড়নবিছে ক’লে- চৰকাৰ গঠন কৰিবলৈ আমি হিংসাৰ ৰাজনীতি নকৰো

ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী পদক লৈ বিজেপি-শিৱসেনা মিত্ৰজোঁটৰ মাজত চলি থকা দ্বিমতৰ সময়তে শুকুৰবাৰে মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰে দেবেন্দ্ৰ ফড়নবিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যপাল ভগত সিং কোছয়াৰীৰ ওচৰত নিজৰ পদত্যাগ পত্ৰ দাখিল কৰে। উল্লেখ্য যে, অহা ৯ নৱেম্বৰত ৰাজ্যখনৰ বৰ্তমানৰ বিধানসভাৰ কাৰ্যকাল অন্ত পৰিব।

ইফালে পদত্যাগ কৰি মুখ্যমন্ত্ৰী দেবেন্দ্ৰ ফড়নবিছে সংবাদ মাধ্যমৰ সন্মুখত কয়, 'যোৱা ৫ বছৰে আমি মহাৰাষ্ট্ৰৰ বিকাশৰ বাবে কাম কৰিছো আৰু জনতাৰ সুখ দুখৰ খবৰ ৰাখিবলৈ আমি সক্ষম হৈছো। মই প্ৰধানমন্ত্ৰী মোডীক ধন্যবাদ জনাইছো আৰু আমাৰ সৈতে একেলগে উন্নয়নৰ কাম সম্ভৱ কৰা মন্ত্ৰী তথা সহযোগীসকলকো ধন্যবাদ জনাইছো। আমি কৃষকসকলৰ বাবে বহু প্ৰস্তুত কৰা বহু আঁচনিৰ কাম নিষ্ঠাসহকাৰে পালন কৰিছো। জলসিঞ্চন আৰু অন্যান্য বিভাগতো আমি যথেষ্ট উন্নয়ন সম্ভৱ কৰিবলৈ সক্ষম হৈছো।'

আনহাতে মহাৰাষ্ট্ৰত আগন্তুক চৰকাৰ গঠন সন্দৰ্ভত ফড়নবিছে কয়, 'মই এয়া স্পষ্ট কৰি দিব বিচাৰিছো যে চৰকাৰ গঠনৰ বাবে আমি কেতিয়াও হিংসাৰ ৰাজনীতি নকৰো। মহাৰাষ্ট্ৰত এইবাৰ যে বিজেপিৰ চৰকাৰেই হ'ব সেয়া নিশ্চিত হৈছে। আমি কোনো কু অভিসন্ধিৰ আশ্ৰয় লোৱাৰ প্ৰয়োজন নাই।' আনফালে বিধায়ক ক্ৰয়ৰ ৰাজনীতি চলা সন্দৰ্ভত মন্তব্য কৰি ইয়াক ভিত্তিহীন আখ্যা দিয়ে দেবেন্দ্ৰ ফড়নবিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in