মহাৰাণা এথলেটিক ক্লাৱৰ ১১১ সংখ্যক প্ৰতিষ্ঠা দিৱসঃ প্ৰস্তুতি তুংগত

মহাৰাণা এথলেটিক ক্লাৱৰ ১১১ সংখ্যক প্ৰতিষ্ঠা দিৱসঃ প্ৰস্তুতি তুংগত

ডিজিটেল সংবাদ,গুৱাহাটীঃ শতবৰ্ষ গৰকা ৰাজ্যৰ অন্যতম মহাৰাণা এথলেটিক ক্লাৱৰ ১১১ সংখ্যক প্ৰতিষ্ঠা দিৱসটি অহা ৮ ডিচেম্বৰ শনিবাৰে দিছপুৰস্থিত পি ডব্লিউ ডি প্ৰেক্ষাগৃহত বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰিবলৈ লোৱা হৈছে। ৮ ডিচেম্বৰত দিনজোৰা কাৰ্যসূচীৰে আয়োজন কৰিবলৈ লোৱা এই প্ৰতিষ্ঠা দিৱসটিৰ উদযাপনৰ সন্দৰ্ভত আলোচনা কৰিবলৈ মঙলবাৰে মহাৰাণা ক্লাৱৰ কাৰ্যালয়ত  ক্লাৱৰ সদস্য সকলে এখনি সভা আয়োজন কৰে।

মহাৰাণা ক্লাৱৰ সৈতে জড়িত প্ৰায়বোৰ সদস্যই উপস্থিত থকা সভাখনত 'অসমীয়া প্ৰতিদিন' কাকতৰ জ্যেষ্ঠ সাংবাদিক প্ৰকাশ মহন্তৰ লগতে ১১১ সংখ্যক প্ৰতিষ্ঠা দিৱসটিৰ সভাপতি তথা আৰক্ষীৰ উচ্চপদস্থ বিষয়া পাৰ্থ সাৰথি মহন্ত, সম্পাদকদ্বয় গোপাল জালান,দেৱজিত গোস্বামীৰ লগতে মহাৰাণা ক্লাৱৰ স্থায়ী ৰাণা প্ৰতাপ বৰদলৈ আৰু সম্পাদক দ্বীপজ্যোতি বৰুৱাও উপস্থিত থাকে।

প্ৰতিষ্ঠা দিৱসৰ উদযাপনৰ সন্দৰ্ভত ভিন্ন বিষয় আলোচনা হোৱা এই সভাখনতে প্ৰতিষ্ঠা দিৱসত অনুষ্ঠিত হ'বলগীয়া চাইকেল ৰেলীৰ নিয়মাৱলী প্ৰকাশ কৰাৰ লগতে ৰেলীত পৰিধান কৰিবলগীয়া টি চাৰ্টো উন্মোচন কৰা হয়।

প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি ক্লাৱে ৮ ডিচেম্বৰত ৰাজ্যৰ ক্ৰীড়াজগতৰ সৈতে জড়িত ১৫ গৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধনাৰো দিহা কৰিছে।

মুকলি সভা,মহাৰাণা বাৰ্তা উন্মোচনকে ধৰি বহুকেইটা সাংস্কৃতিক অনুষ্ঠানেৰে সমৃদ্ধ দিনজোৰা এই কাৰ্যসূচীত সমূহ ৰাইজৰ উপস্থিতি কামনা কৰিছে ঐহিত্যমণ্ডিত মহাৰাণা ক্লাৱে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in