মহাৰাণা ক্লাৱৰ ১১১ সংখ্যক প্ৰতিষ্ঠা দিৱস ৮ ডিচেম্বৰত

মহাৰাণা ক্লাৱৰ ১১১ সংখ্যক প্ৰতিষ্ঠা দিৱস ৮ ডিচেম্বৰত

ডিজিটেল ডেস্কঃ ১১১ বছৰ সম্পূৰ্ণ কৰিলে 'মহাৰাণা এথলেটিকছ ক্লাৱে'। ১৯০৭ চনতেই প্ৰতিষ্ঠা লাভ কৰা এই ক্লাৱটোৱে অসমৰ ফুটবল জগত খনক বহিঃৰাজ্যৰ সৈতে চিনাক্ত কৰাই দিছিল । পাণবজাৰস্থিত মহাৰাণা এথলেটিকছ ক্লাৱে ২০১৮চনত ১১১ বছৰ পূৰ্ণ কৰা উপলক্ষে আয়োজন কৰিছে প্ৰতিষ্ঠা দিৱস। ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ হৈছে এই প্ৰতিষ্ঠা দিৱসৰ। বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজিত এক সংবাদমেলত ক্লাৱটোৰ প্ৰতিষ্ঠা দিৱস প্ৰস্তুতি সন্দৰ্ভত সবিশেষ জনাই ১১১ সংখ্য মহাৰাণা এথলেটিকছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱস উদযাপন সমিতি বিষয়ববীয়াই।

এই সংবাদমেলত উদযাপন সমিতি সভাপতি পাৰ্থ ভাৰতী মহন্ত, সম্পাদকদ্বয় দেৱজিৎ গোস্বামী, গোপাল জালানৰ উপৰিও ক্লাৱটোৰ সভাপতি ৰাণাপ্ৰতাপ বৰদলৈ, সম্পাদক দীপজ্যোতি বৰুৱা আৰু বিশিষ্ট সাংবাদিক প্ৰকাশ মহন্ত উপস্থিত থাকে। ২০১৮চনৰ ৮ডিচেম্বৰ অৰ্থাৎ শনিবাৰে এদিনীয়াকৈ আয়োজন কৰা মহাৰাণা ক্লাৱৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী পুৱা ৬ বজাৰ পৰা অনুষ্ঠিত হ'ব।

প্ৰথমটো কাৰ্যসূচী হিচাপে ক্লাৱৰ চৌহদৰ পৰা 'ৱ'মেন অন দ্য হুইল' শীৰ্ষক মহিলাৰ চাইক্ল'থন আয়োজন কৰা হৈছে। এই চাইক্ল'থন ফ্লেগ অফ কৰিব ৰাজ্যপাল জগদীশ মুখীৰ সহধৰ্মিনী প্ৰেম মুখীয়ে। উক্ত অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব মহানগৰ আৰক্ষী আয়ুক্ত প্ৰদীপ শালৈ, কামৰূপ মহানগৰ উপায়ুক্ত বীৰেন্দ্ৰ মিট্টাল, মহানগৰ আৰক্ষী যুটীয়া আয়ুক্ত দিগন্ত বৰা আৰু নিউজ লাইভৰ পৰিচালন সঞ্চালিকা তথা সমাজসেৱী ৰিণিকী ভূঞা শৰ্মা। মহিলাৰ সবলিকৰণৰ লক্ষ্য আৰু উদ্দেশ্যৰে সজাগতা সৃষ্টিৰ বাবে মহাৰাণা ক্লাৱে এই চাইকেল ৰেলীৰ আয়োজন কৰিছে।

এই চাইক্ল'থন ক্লাৱৰ চৌহদৰ পৰা আৰম্ভ হৈ চানমাৰি, গণেশগুৰি, উলুবাৰী হৈ পুনৰ ক্লাৱত উপস্থিত হ'বহি। তাৰপাছতেই পতাকা উত্তোলন আৰু বঁটা বিতৰণ অনুষ্ঠান অনুষ্ঠিত হ'ব। সন্ধিয়া ৪.৪৫ বজাৰ পৰা অনুষ্ঠিত হ'ব ক্লাৱৰ প্ৰতিষ্ঠা দিৱসৰ পৰৱৰ্তী কাৰ্যসূচী সমূহ।

জনপ্ৰিয় কণ্ঠশিল্পী জুবলী বৰুৱাৰ ভক্তিমূলক গীতেৰে আৰম্ভ হোৱা সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব বিদায় ভৱনৰ সমীপত থকা পি ডব্লিউ ডি ভৱনত। এই অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশ ল'ব ক্ৰমে- অসম চৰকাৰৰ শিক্ষা আৰু গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা বিশিষ্ট সাহিত্যিক হোমেন বৰগোঁহাই, বিশিষ্ট গল্পকাৰ আৰু  অসম আৰক্ষী সঞ্চালক প্ৰধান কুল শইকীয়া, বাংলাদেশৰ সহকাৰী উচ্চায়ুক্ত ড০ শ্বাহ মহম্মদ তনবীৰ মনছুৰ, বিশিষ্ট অভিনেতা নিপন গোস্বামী, বিশিষ্ট শৰীৰৰ চৰ্চাবিদ হৰকান্ত বৰগোঁহাঞি আদি।

এই অনুষ্ঠানতেই ক্লাৱৰ 'মহাৰাণা বাৰ্তা' উন্মোচন কৰাৰ লগতে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অসমক প্ৰতিনিধিত্ব কৰা ১৫গৰাকী বিশিষ্ট খেলুৱৈক সম্বৰ্ধনা জনাব ক্লাৱে। ১১১সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি মহাৰাণা ক্লাৱে সম্বৰ্ধনা জনাব লগা ব্যক্তিসকল ক্ৰমে- নীলয় দত্ত (গুৱাহাটী), লক্ষীকান্ত মহন্ত (শিৱসাগৰ), গণেশ ৰায় (গুৱাহাটী), প্ৰদীপ চলিহা (গুৱাহাটী), ৰমেন দাস (গুৱাহাটী), বিমল ভৰালী (গুৱাহাটী), মুকুত দাস (গুৱাহাটী), ব্ৰজগোপাল দাস (বৰপেটা), বিৰাজ কুমাৰ ওজা (বৰপেটা), মিৰাজ কুমাৰ ওজা (বৰপেটা), মৃণালকান্তি ৰয় (শিলচৰ), বাবুল হোড় (শিলচৰ), জীৱনকৃষ্ণ ফুকন( চৰাইদেউ), বিনন্দ ৰাজকোঁৱৰ (চৰাইদেউ), মহাদেৱ ডেকা (গুৱাহাটী), আৰু ডাঃ দীপাংকৰ ভট্টাচাৰ্য (গুৱাহাটী)।

উক্ত সম্বৰ্ধনা অনুষ্ঠানৰ পাছতেই অনুষ্ঠিত হ'ব বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠান। অনুষ্ঠানটি বিশিষ্ট ভায়লিন বাদক দীপক বৰুৱাৰ ভায়লিনেৰে আৰম্ভ কৰা হ'ব। সাংস্কৃতিক অনুষ্ঠানত গীত পৰিবেশন কৰিব জুবলী, ৰূপম ভূঞা, সুভাষণা দত্তই। লগতে কৌতুক অভিনেতা অংশুমান ভূঞায়ো কৌতুক অনুষ্ঠান পৰিবেশ কৰিব এই সাংস্কৃতিক অনুষ্ঠানত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in