বৃহত্তৰ বটদ্ৰৱাত “মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মহোৎসৱ”ৰ বিশাল আয়োজন…

বৃহত্তৰ বটদ্ৰৱাত “মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মহোৎসৱ”ৰ বিশাল আয়োজন…

ডিজিটেল সংবাদ, বটদ্ৰৱা : জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ আদৰ্শৰাজি, কলা, সাহিত্য, দৰ্শন বিশ্বব্যাপি প্ৰচাৰ প্ৰসাৰৰ লক্ষ্যৰে "মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মহোৎসৱ"নামৰ এক বিশেষ সাংস্কৃতিক মহোৎসৱ অনুষ্ঠিত কৰাৰ মানসেৰে প্ৰথম খনি প্ৰস্তুতি বৈঠক মাধৱ সংস্কৃতি ন্যাস আৰু শ্ৰীশ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিৰ উদ্যোগত দেওবাৰে বটদ্ৰৱা থানৰ ঐতিহাসিক আকাশী গঙ্গাৰ তীৰত আই খেৰসূতি সাংস্কৃতিক মঞ্চত অনুষ্ঠিত হয়।

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মহোৎসৱৰ সমন্বয়ক ব্ৰজেন কাকতিয়ে উদ্দেশ্য ব্যাখ্যা কৰা সভাৰ আগমুহুৰ্ততে বন্তি প্ৰজ্বলন কৰে নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ তথা বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সভাপতি দেৱানন্দ দেৱ গোস্বামীয়ে। বৰগীত পৰিৱেশন কৰে শিল্পী মৌচুমী শইকীয়াই। সভাত অংশ গ্ৰহণ কৰি বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক ইন্দ্ৰমোহন বৰুৱা, মাাধৱ সংস্কৃতি ন্যাসৰ ন্যাসৰক্ষক ড° ধনঞ্জয় কুশ্ৰে, অসম চলচিত্ৰ বিত্ত আৰু উন্নয়ণ নিগমৰ উপাধ্যক্ষ ড° আলেখ্য বৰুৱা, মাধৱ সাংস্কৃতিক ন্যাসৰ ন্যাসৰক্ষক পৰাগ আগৰৱালা, ভাৰত চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ কাৰ্য্যকৰী সদস্য ড০ দয়াল কৃষ্ণ নাথ, চলচিত্ৰ প্ৰয়োজক, অভিনেতা ৰাজীৱ দত্ত, হিমাংশু শৰ্মা, শিল্পী ডা০ প্ৰশান্ত খাউণ্ড, বিশিষ্ট সাহিত্যিক ড০ জগদীশ পাটগিৰি, নাট্যকাৰ জিতেন শৰ্মা আদি উপস্থিত থাকে ।

সংগীত সত্ৰৰ অধ্যক্ষ ৰঞ্জুমনি শইকীয়া, অভিনেতা ৰাজকুমাৰ ঠাকুৰ, শিল্পী দিলীপ নাথ, ৰাষ্ট্ৰ সেৱিকা সমিতিৰ পূৰ্বাঞ্চলৰ জেষ্ঠ কাৰ্যকৰ্তা লীলাৱতী কুশ্ৰে, কবিতা কুশ্ৰে, অসম সত্ৰ মহাসভাৰ প্ৰধান সম্পাদক কুসুম কুমাৰ মহন্ত, আয়ুস সঞ্চালকালয় অসমৰ প্ৰকল্প ডা০ মুকুট দেৱনাথ, সঞ্জীব বৰ্মনকে প্ৰমুখ্য কৰি কেইবাগৰাকী ব্যক্তিয়ে আগন্তুক জানুৱাৰী মাহৰ ২৯, ৩০ আৰু ৩১ তাৰিখে অনুষ্ঠিত হবলগা "মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মহোৎসৱ" কাৰ্যক্ৰমণিকা, পৰিসৰ, বিষয়বস্তু আদি বিষয়ৰ ওপৰত পৰামৰ্শ আগবঢ়াই। সভাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ শিল্পী, কবি, সাহিত্যিক, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ মূৰব্বীকে প্ৰমুখ্য কৰি কেইবা শতাধিক ৰাইজে অংশ গ্ৰহণ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in