কাইলৈ মহালয়াঃ মৰ্ত্যলৈ নামিব মা দুৰ্গা…

কাইলৈ মহালয়াঃ মৰ্ত্যলৈ নামিব মা দুৰ্গা…

ডিজিটেল ডেস্কঃ কাইলৈ মহালয়া। ধৰাৰ বুকুলৈ নামিব মা দুৰ্গা। সমগ্ৰ ৰাজ্যবাসী সাজু হৈছে দুৰ্গা মহোৎসৱ উদযাপনৰ বাবে। মৃণ্ময় শিল্পীসকলো মা দুৰ্গাৰ প্ৰতিমাত অন্তিম স্পৰ্শ দিয়াত ব্যস্ত হৈ পৰিছে। ৰং-তুলিকা হাতত লৈ দিন-ৰাতি একাকাৰ কৰি সাজি তুলিছে এই মূৰ্তিসমূহ।

অশুভ শক্তিক বিনাশিবলৈ মৰ্ত্যলৈ নামিব শক্তি ৰূপিণী মা দুৰ্গা। দেৱী দুৰ্গাৰ এই মহোৎসৱ উদযাপনৰ বাবে ৰাজ্যত প্ৰৱল উৎসাহ দেখিবলৈ পোৱা গৈছে। কোৰোনাৰ বাবে ২০২০ বৰ্ষত দেশৰ লগতে অসমবাসীয়ে পূৰ্বৰ দৰে দুৰ্গা পূজা উদযাপন কৰিব পৰা নাছিল যদিও এইবাৰ সাজু হৈছে সমগ্ৰ ৰাজ্যবাসী। উল্লেখ্য যে, মহালয়াৰ দিনটোত হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ উৎসৱ শাৰদীয় দুৰ্গোৎসৱৰ আৰম্ভণিৰ পূৰ্বে চণ্ডীপাঠৰ মাধ্যমেৰ দেবী দুৰ্গাক আমন্ত্ৰণ জনোৱা হয়। দুৰ্গাপূজাৰ পৰাই প্ৰতিটো ক্ষণৰ গণনা আৰম্ভ হয়। হিন্দু ধৰ্ম অনুসৰি, মহালয়াত স্বয়ং দেৱী-দেৱতা পূজাৰ বাবে জাগ্ৰত হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in