পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু নগাঁৱৰ চাপানালাত সোমবাৰৰ পৰা মহাকুণ্ডমেলাৰ আৰম্ভ

পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু নগাঁৱৰ চাপানালাত সোমবাৰৰ পৰা মহাকুণ্ডমেলাৰ আৰম্ভ

ডিজিটেল সংবাদ, চামগুৰিঃ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপুৰ নগাঁও জিলাৰ চাপানালাত সোমবাৰ আৰু মঙলবাৰে দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে মহাকুণ্ডমেলাৰ আয়োজন কৰা হৈছে৷ নগাঁও-কাৰ্বিআংলঙ জিলাৰ সীমান্তৱৰ্তী চোৱাং বনাঞ্চলৰ অন্তৰ্গত লেমলেমী নামৰ চিৰসেউজ পাহাৰখনৰ শিলাময় বুকুতে সৃষ্টি হৈছে অপূৰ্ব সুন্দৰ চম্পাৱতী জলপ্ৰপাত৷ নগাঁও জিলাৰ পুৰণি সদৰস্থান পুৰণিগুদামৰ পৰা মাত্ৰ পোন্ধৰ কিলোমিটাৰ দূৰৈত অৱস্থিত প্ৰকৃতি আৰু পৰ্যটনৰ উৎকৃষ্ট ঠাই চাপানালাৰ চম্পাৱতী জলপ্ৰপাত আৰু ইয়াৰ চৌপাশৰ নৈসৰ্গিক সৌন্দৰ্য উপভোগ কৰিবলৈ সম্প্ৰতি দেশী-বিদেশী পৰ্যটক, প্ৰকৃতিপ্ৰেমী তথা বনভোজ দলৰ আগমনে চাপানালাত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰিছে৷

৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ, পুৰণিগুদাম-গড়মূৰৰ পৰা পোন্ধৰ কিলোমিটাৰ একা-বেঁকা পথ অতিক্ৰম কৰিলেই সেউজীয়া পাহাৰৰ শিখৰৰ পৰা শিলত ঠেকা খাই দুৰ্বাৰ গতিৰে বৈ অহা চম্পাৱতী জলপ্ৰপাত পোৱা যায়৷ মহাভাৰতত বৰ্ণিত হংসধ্বজ ৰজাৰ অপূৰ্ব সুন্দৰী ৰাজকুঁৱৰী চম্পাৱতীৰ সৃষ্টিকৰ্তা ব্ৰহ্মাৰ পুত্ৰ ব্ৰহ্মপুত্ৰৰে নিবিড় প্ৰেম আৰু সতীত্বৰ গৌৰৱক জীয়াই ৰখা চম্পাক সেৱা কৰি মনোবাঞ্চা পুৰণ কৰাৰ মানসেৰে অতীজৰে পৰা দেশী-বিদেশী পৰ্যটক তথা বনভোজ দল আৰু ভক্তপ্ৰাণ ৰাইজৰ মাঘী সপ্তমী তিথিৰ দিনা চাপানালালৈ আগমন ঘটে৷

প্ৰকৃতিৰ অনুপম সৌন্দৰ্যময় চম্পাৱতী জলপ্ৰপাতৰ মূলঘাটত মাঘী সপ্তমীৰ দিনা বিভিন্নজনে মনৰ কামনা পূৰণৰ বাবে চাকি-বন্তি, ধূপ জ্বলায়৷ ভক্তসকলে আশা কৰে ঘাটত স্নান কৰিলে শিৱৰ দৰ্শন হ'ব৷ বহুতে বিশ্বাস কৰে ঘাটত স্নান কৰিলে আৰু চাকি-বন্তি জ্বলালে মনোকামনা পূৰ্ণ হ'ব৷ পৰ্যটনৰ বিবিধ সম্ভাৰেৰে ভৰপুৰ চাপানালাৰ চম্পাৱতী জলপ্ৰপাত প্ৰতিবছৰৰ মাঘী শুক্লা ষষ্ঠ তিথি আৰু সপ্তমী তিথিত(সৰস্বতী পূজাৰ পাছদিনা) জনসমুদ্ৰত পৰিণত হয়৷ মাঘৰ শুক্লা সপ্তমী তিথিত স্নান আৰু দৰ্শনেৰে পূণ্য অৰ্জন কৰিবৰ কাৰণে এইবাৰো সহস্ৰাধিক ভক্তপ্ৰাণ ৰাইজৰ চাপানালালৈ আগমন ঘটিব৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in