কোৰোনা ভেকচিনে সৃষ্টি কৰিছে চুম্বকীয় শক্তিঃ মানুহৰ দেহত লাগি ধৰিছে ষ্টিলৰ সামগ্ৰী….

কোৰোনা ভেকচিনে সৃষ্টি কৰিছে চুম্বকীয় শক্তিঃ মানুহৰ দেহত লাগি ধৰিছে ষ্টিলৰ সামগ্ৰী….

কোৰোনা ভেকচিনে সৃষ্টি কৰিছে চুম্বকীয় শক্তিঃ মানুহৰ দেহত লাগি ধৰিছে ষ্টিলৰ সামগ্ৰী….

ডিজিটেল ডেস্কঃ কোৰোনা ভাইৰাছৰ সংক্ৰমণৰ পৰা দেশবাসীক ৰক্ষা কৰিবলৈ দেশত বৰ্তমান অৰ্ধ লকডাউন, কাৰ্ফিউ জাৰি কৰাৰ লগতে সামাজিক দুৰত্ব আৰু মাস্ক বাধ্যতামূলক কৰা হৈছে। ইয়াৰ মাজতে আকৌ দেশৰ নাগৰিকক কোৰোনাৰ ভেকচিন প্ৰদান কৰি থকা হৈছে। কোভিশ্লিড, কোভাক্সিন, স্পোটনিক আদি ভেকচিন গ্ৰহণ কৰিছে দেশৰ নাগৰিকে। অৱশ্যে এতিয়াও দেশৰ সকলো নাগৰিকে এই ভেকচিন গ্ৰহণ কৰিবলৈ সক্ষম হোৱা নাই। প্ৰথমে ভেকচিন গ্ৰহণৰ বাবে অনলাইন মাধ্যমেৰে ভেকচিনৰ বাবে আবেদন ইয়াৰ পিছত শ্লট বুকিং আদিৰ দৰে প্ৰক্ৰিয়াবোৰ সাধাৰণ ৰাইজৰ বাবে জটিল প্ৰক্ৰিয়া হিচাবে পৰিগণিত হৈছিল। কিয়নো দুৰ্বল ইণ্টাৰনেট সেৱা, সকলো শ্ৰেণীৰ লোক ইণ্টাৰনেটৰ লগত অভ্যস্ত নোহোৱা আদি অনেক কাৰণৰ বাবে এই প্ৰক্ৰিয়া জটিল হৈ পৰিছিল। ব্যক্তিগতখণ্ডৰ চিকিতৎসালয়তো কোৰোনাৰ ভেকচিন উপলব্ধ হৈছে যদিও ভেকচিনৰ মূল্য অত্যাধিক হোৱাৰ বাবেই সাধাৰণ লোকে ব্যক্তিগতখণ্ডৰ চিকিতৎসালয়ৰ পৰা ভেকচিন গ্ৰহণৰ পৰা বিৰত আছে।

মন কৰিবলগীয়া যে কোৰোনাৰ পৰা পৰিত্ৰাণ পাবলৈ দেশৰ নাগৰিকেও ভেকচিনৰ বাবে হেতা উপৰা কৰাৰ সময়তে পোহৰলৈ আহিছে এক আশ্চৰ্যজন খবৰ। কোৰোনাৰ ভেকচিন গ্ৰহণ কৰাৰ পিছত মানুহৰ দেহত বিকশিত হৈছে চুম্বকীয় শক্তি। শেহতীয়াকৈ দেশত এনে ঘটনা কেইবাটাও পোহৰলৈ অহাৰ খবৰ পোৱা গৈছে। কেইদিনমান পূৰ্বে মহাৰাষ্ট্ৰৰ নাছিকৰ এগৰাকী ব্যক্তিৰ দেহত কোৰোনা ভেকচিন গ্ৰহণ কৰাৰ পিছত চুম্বকীয় শক্তি সৃষ্টি হোৱাৰ খবৰ পোহৰলৈ আহিছিল। নাছিকৰ ৭১ বছৰীয়া অৰবিন্দ জগন্নাথ নামৰ ব্যক্তিজনে কোৰোনাৰ দ্বিতীয়টো ড'জ গ্ৰহণ কৰাৰ পিছতে তেওঁৰ দেহত ষ্টিলৰ বিভিন্ন সামগ্ৰীৰ লগতে এটকীয়া আৰু দুটকীয়া খুচুৰা পইছা লাগি ধৰাৰ এক ভিডিঅ' পোহৰলৈ আহিছিল।

অৰবিন্দ জগন্নাথৰ দেহত এইদৰে চুম্বকীয় শক্তি উৎপন্ন হোৱাৰ খবৰৰ চাঞ্চল্য মাৰ নৌযাওঁতেই ছত্তীছগড়টো এনে এক ঘটনা সংঘটিত হোৱাৰ খবৰ প্ৰকাশ পাইছে। ছত্তীছগড়ৰ ৰাজনন্দগাঁৱত এগৰাকী মহিলাৰ লগত এনে ঘটনা সংঘটিত হোৱাৰ খবৰ পোহৰলৈ আহিছে। সুনীতা ফাডনাভিচ নামৰ মহিলাগৰাকীয়ে কোৰোনা ভেকচিনৰ দ্বিতীয় ড'জ গ্ৰহণ কৰাৰ পিছতে তেওঁৰ দেহত ষ্টিলৰ বিভিন্ন সামগ্ৰীৰ লগতে খুচুৰা পইছা লাগি ধৰিছে বুলি খবৰ পোৱা গৈছে। সুনীতা ফাডনাভিচ নামৰ মহিলাগৰাকীয়ে সংবাদ মাধ্যমৰ আগত জনোৱা অনুসৰি ভেকচিন গ্ৰহণ কৰাৰ পিছতে তেওঁৰ হাতত বিষ হোৱাৰ লগতে টোপনি ভালকৈ নহা হৈছে। হাতত বিষৰ উপৰিও মধ্যমা আঙুলি নিষ্টেজ হৈ আছে।

শেহতিয়াকৈ সংঘটিত হোৱা এই ঘটনাৰ পিছতে এতিয়া চাঞ্চল্য সৃষ্টি হৈছে। অৰবিন্দ জগন্নাথৰ লগত এনে ঘটনা সংঘটিত হোৱাৰ পিছতে জয়পুৰত থকা চি এল পাৱাৰ চিকিতৎসালয়ৰ চিনিয়ৰ কনচালটেণ্ট আৰু হোমিওপেথিক মেডিকেল এছ'চিয়েশ্বন অৱ ইণ্ডিয়াৰ সদস্য চিকিতৎসক এন চি পাৱাৰে কয় যে, ভকচিনৰ বাবে এনে ঘটনা সংঘটিত হোৱাটো সম্ভৱ নহয়। কিয়নো এনে ঘটনা সংঘটিত হ'লে এতিয়ালৈকে কিমান মানুহৰ দ্বিতীয়টো ড'জ গ্ৰহণৰ পিছতে এনে সমস্যাৰ সৃষ্টি হ'ল হয় তাৰ হিচাপ নাথাকিল হয়। আন লোকৰ সৈতে এনে ঘটনা সংঘটিত হোৱাটো দেখিবলৈ পোৱা নাই। আন একাংশ চিকিৎসকেও ভেকচিন গ্ৰহণৰ বাবে এনে ঘটনা সংঘটিত হৈছে বুলি কোৱা কথাটো গ্ৰহণযোগ্য নহয় বুলি মন্তব্য কৰিছে। অৱশ্যে অৰবিন্দ জগন্নাথে তেওঁৰ কথা প্ৰমান কৰিবলৈ এক ভিডিঅ' প্ৰস্তুত কৰিছে আৰু সেই ভিডিঅ' প্ৰচাৰ কৰিছে। তেওঁৰ দেহত ষ্টিলৰ বিভিন্ন সামগ্ৰী লাগি ধৰাৰ ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। একেদৰে ছত্তীছগড়ৰ সুনীতা ফাডনাভিচৰ লগত সংঘটিত হোৱাৰ ঘটনাৰ ক্ষেত্ৰতো চিকিৎসকে একেই মনত্ব্য কৰিছে। এই ঘটনাj ভেকচিনৰ লগত কোনো সম্পৰ্ক নাই। তথাপিও কোৰোনা ভেকচিন গ্ৰহণ কৰাৰ পিছতেই মানৱ শৰীৰত চুম্বকীয় শক্তি সৃষ্টি হোৱা বুলি যি দাবী উত্থাপন হৈছে সেই দাবীক গুৰুত্বসহকাৰে লবলৈ সামাজিক মাধ্যমৰ জৰিয়তে আহ্বান জনাইছে দেশৰ বিভিন্ন প্ৰান্তৰ ব্যক্তিয়ে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in