অসমৰ পানমচলাত প্ৰজন্ম ধ্বংসকাৰী মেগনেছিয়াম কাৰ্বনেটঃ ১৬ মাৰ্চত চৰকাৰে উচ্চ ন্যায়ালয়ত দাখিল কৰিব লাগিব প্ৰতিবেদন

অসমৰ পানমচলাত প্ৰজন্ম ধ্বংসকাৰী মেগনেছিয়াম কাৰ্বনেটঃ ১৬ মাৰ্চত চৰকাৰে উচ্চ ন্যায়ালয়ত দাখিল কৰিব লাগিব প্ৰতিবেদন

ডিজিটেল সংবাদ, গুৱাহাটীঃ প্ৰাণঘাটি পান মচলা তথা গুটখাৰ অবাধ বিক্ৰীয়ে অসমত বিশেষকৈ নগৰ অঞ্চলত কেনে এক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে সেয়া দীৰ্ঘদিন ধৰি আলোচনা হৈ আহিছে যদিও অতি কৌশলপূৰ্ণভাৱে ৰাজ্য চৰকাৰে ইয়াক নিষিদ্ধ কৰাৰ পৰিৱৰ্তে ধঁপাত জাতীয় সামগ্ৰী আৰু পানমচলাৰ পেকেট সুকীয়া কৰি বিক্ৰী কৰাৰ পথ উলিয়াই দি বিষাক্ত এই সামগ্ৰী বজাৰত উভৈনদী কৰিহে তুলিছে। অথচ কেমিকেল মিহলি ধঁপাত জাতীয় সামগ্ৰী আৰু পানমচলা মিলাই গুটখা বনোৱাৰ কৌশলী পদক্ষেপে ৰাজ্যৰ যুৱ প্ৰজন্মক কিদৰে মৃত্যুমুখলৈ থেলি দিছে তাৰ এক বিস্তৃত প্ৰতিবেদন 'অসমীয়া প্ৰতদিন'ৰ ডিজিটেল সংস্কৰণত ইতিপূৰ্বে প্ৰকাশ পাইছিল।

আমাৰ প্ৰতিবেদনৰ সত্যতা সোমবাৰে প্ৰতিপন্ন হ'ল খোদ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এই সম্পৰ্কীয় আবেদনৰ এক শুনানিত। অসমীয়া যুৱ মঞ্চৰ হৈ সম্পাদক জিটুল ডেকাই কিছুদিন পূৰ্বে গুৱাহাটী উচ্চ ন্যায়ালয়ত জনোৱা এক ৰাজহুৱা স্বাৰ্থজনিত আবেদনৰ শুনানিত এই কথা স্পষ্ট হৈ পৰে। শুনানি গ্ৰহণ কৰাৰ সময়ত চৰকাৰী পক্ষই বাৰম্বাৰ অসমৰ পানমচলাত ধঁপাতজাতীয় তথা বহিঃৰাজ্যত ব্যৱহৃত মেগনেছিয়াম কাৰ্বনেটৰ দৰে ৰসায়নিক সামগ্ৰীৰ অৱস্থান ধৰা পৰা নাই বুলি অজুহাত দেখুৱাই পূৰ্বৰ কৌশলেৰেই অসমত প্ৰাণঘাটি গুটখাৰ বিশাল বেহাখন অবাধ গতিত চলি থকাৰ পথ প্ৰশস্ত কৰাৰ চেষ্টা চলাই যদিও আবেদনকাৰী পক্ষই হৃদৰোগ আৰু কৰ্কটৰ প্ৰধান কাৰক হিচাপে চিহ্নিত মেগনেছিয়াম কাৰ্বনেট অসমৰ পৰিচিত পানমচলা তথা গুটখাত থকা বুলি স্বাস্থ্য বিভাগৰ পৰীক্ষাত প্ৰমাণিত হোৱাৰ তথ্য দাঙি ধৰে।

লগতে আবেদনকাৰী পক্ষই এই কথাও স্পষ্ট কৰি দিয়ে যে, এনে সামগ্ৰীৰ অৱস্থান ধৰা পৰা বাবেই বিহাৰ, ৰাজস্থান, মহাৰাষ্ট্ৰ আদিত এনেবোৰ সামগ্ৰী কাহানিবাই নিষিদ্ধ কৰা হ'ল যদিও অসমত চৰকাৰ কৌশলী পদক্ষেপেৰে নিৰ্লিপ্ত হৈ আছে। ইয়াৰ ফলত ৰাজ্যত দ্ৰুত হাৰত কৰ্কট, হৃদৰোগ, লিভাৰৰ ৰোগকে ধৰি কম বয়সীয়া লৰা-ছোৱালীৰ মাজত দ্ৰুত হাৰত বৃদ্ধি পোৱা বুলিও আবেদনকাৰী পক্ষই অভিযোগ কৰে। ইফালে আদালতে সোমবাৰৰ শুনানিৰ অন্তত ৰাজ্যৰ বজাৰ সমূহৰ পৰা বিভিন্ন পানমচলাৰ নমুনা সংগ্ৰহ কৰি এইয়া পৰীক্ষা কৰাৰ লগতে ১৬ মাৰ্চত অনুষ্ঠিত হ'ব লগা পৰৱৰ্তী শুনানিত ন্যায়ালয়ক পতিয়নযোগ্য তথ্য দাখিলৰ নিৰ্দেশ দিয়ে। অৱশ্যে ন্যায়ালয়ৰ এই নিৰ্দেশৰ ভিত্তিত চৰকাৰে কিমান দূৰলৈ বিজ্ঞানসন্মত ভাৱে সমূহ পানমচলাৰ নমুনা পৰীক্ষা কৰাৰ পদক্ষেপ গ্ৰহণ কৰে সেইয়া লক্ষণীয় হ'ব।

আমি পূৰ্বৰ প্ৰতিবেদনতে উল্লেখ কৰিছিলো যে, কেৱল গুৱাহাটীৰ প্ৰায় ২০ হেজাৰ সৰু-ডাঙৰ পান দোকানত মুকলিকৈয়ে সুকীয়া-সুকীয়াকৈ ধঁপাত আৰু ৰসায়নিক নিচা মিহলি জৰ্দাজাতীয় পেকেট আৰু ধঁপাত নথকাৰ চুপাৰী আৰু মচলাজাতীয় পেকেট বিক্ৰী হয়। এই পেকেটবোৰৰ ভিতৰত আছে চিগনেচাৰ, শিখৰ, পানমচলা, ৰজনীগন্ধা, বিমল, কমলা পচন্দ, ৰাজনিৱাসকে ধৰি কমবয়সীয়া ছাত্ৰ-ছাত্ৰীৰ লগতে আদহীয়া লোকৰো মন পচন্দৰ বিভিন্ন মুখৰোচক মচলাৰ পেকেট। সাধাৰণভাৱে দোকানীয়ে সন্মুখভাগত ৰখা পানমচলাৰ পেকেটৰ ভিতৰফালেই থাকে নিচাজাতীয় ৰসায়নিক সামগ্ৰী তথা ধঁপাতজাতীয় পেকেটসমূহো।

প্ৰতিজন গ্ৰাহকে দুয়োবিধৰ একোটাকৈ পেকেট কিনোতে ১৫ৰ পৰা ৩৫ টকা লৈকে ব্যয় কৰে যদিও চৰকাৰী ভাৱে নিষিদ্ধ অথচ মুকলিকৈ বিক্ৰী হৈ থকা এই সামগ্ৰীবিধৰ বাবদ ৰাজভৰাললৈ এটকাও নাযায়। একাংশ দোকানীৰ মতেই উচ্চ-উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ পৰা ৪০-৪৫ বছৰীয়া মধ্যবয়সীয়া যুৱতী-মহিলাইয়ো অতি আশ্চৰ্যজনকভাৱে একোটা দিনত ৪-৫ যোৰা পৰ্যন্ত পেকেট ক্ৰয় কৰি ১০০ টকাতকৈও অধিক ধন ব্যয় কৰে। সেই হিচাপ অনুযায়ী কেৱল গুৱাহাটীৰ বজাৰতে ২০ হেজাৰ দোকানত দৈনিক ৩ লাখৰ পৰা ৪ লাখ এনে পেকেট বিক্ৰী হয়। যাৰ মুঠ মূল্য প্ৰায় ৬ কোটি টকা।

কেৱল গুৱাহাটী মহানগৰীত দৈনিক ৬ কোটি টকাৰ এই বৃহৎ অবৈধ বজাৰখনৰ সৈতে জড়িত হৈ আছে দিছপুৰৰ প্ৰভাৱশালী চক্ৰও। যাৰ বাবে কোনোদিন খুচুৰা পানদোকানত বা পানমচলাৰ পাইকাৰী দোকানত আবকাৰী, খাদ্য সুৰক্ষা, স্বাস্থ্য, আৰক্ষী অথবা সাধাৰণ প্ৰশাসনে কোনো অভিযান চলোৱা পৰিলক্ষিত হোৱা নাই। ইফালে শেহতীয়াকৈ মহানগৰীলৈ আহিছে টেবলেটজাতীয় ড্ৰাগছ, ইনজেকশ্যন আৰু ডেনদ্ৰাইটৰ লগতে দেখাত কাৰেকশ্যন পেনৰ দৰে মাৰাত্মক কেমিকেল মিহলি ড্ৰাগছ জাতীয় সামগ্ৰী। বিধিমতে শিক্ষানুষ্ঠানৰ বাহিৰত ধঁপাত, পানমচলা আদিৰ দোকান নিষিদ্ধ যদিও কটন বিশ্ববিদ্যালয়ৰ দৰে অনুষ্ঠানৰ দেৱালতে লাগি আছে এনে বহু অবৈধ সামগ্ৰী বিক্ৰী কৰা মুকলি পানদোকান। সেইদৰে পানবজাৰ থানা, কাছাৰীৰ সন্মুখৰ পদপথকে ধৰি দিছপুৰৰ চৌপাশতো আছে এনে অসংখ্য দোকান। দিছপুৰৰ প্ৰভাৱশালী কোনো অজ্ঞাত শক্তিৰ প্ৰভাৱতে এনেদৰে অব্যাহত থকাটো সম্ভৱপৰ হৈছে প্ৰাণঘাটি অবৈধ বেহা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in