মাৰ্ঘেৰিটা মহকুমাত ডিজেল-পেট্ৰলৰ অবৈধ চিণ্ডিকেটঃ আৰক্ষী প্ৰশাসনে ল’বনে ব্যৱস্থা?…

মাৰ্ঘেৰিটা মহকুমাত ডিজেল-পেট্ৰলৰ অবৈধ চিণ্ডিকেটঃ  আৰক্ষী প্ৰশাসনে ল’বনে ব্যৱস্থা?…

ডিজিটেল সংবাদ, মাৰ্ঘেৰিটাঃ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাত পেট্ৰল -ডিজেল আৰু কেৰাচিন তেলৰ এক বৃহৎ অবৈধ চক্ৰ গঢ়ি উঠাৰ তথ্য পোহৰলৈ আহিছে । বিশেষকৈ ডিগবৈ আৰক্ষী থানাৰ অন্তৰ্গত পাৱৈত থকা একাংশ ধাবাত বহু বছৰৰ পৰা পেট্ৰল ডিজেলৰ চোৰাং বেহা চলি অহাৰ অভিযোগ উত্থাপন হৈছে ।

এই ধৰণৰ কাৰবাৰ চলাই থকা ভগৱান ধাবাৰ পৰা বিজেপিৰ তিনি যুৱনেতাই  ৫০ হাজাৰ টকা দাবী আৰু আদায় কৰি আৰু পাছত বিধায়কৰ ধমকত ঘুৰাই দিব লগা হোৱাৰ দৰে নিলজ্জ্ব ঘটনা ইতিমধ্যে সংঘটিত হৈছে । যাৰ বাবে তিনিওজনেই বহিস্কৃত হব লগা হৈছে । এই  ঘটনাৰ দ্বাৰা এই চোৰাং কাৰবাৰ সম্প্ৰতি চৰ্চালৈ আহিছে ।  প্ৰাপ্ত অভিযোগ  অনুযায়ী – ডিগবৈ স্থিত ভাৰতীয় তেল নিগমৰ অসম সংমণ্ডলৰ তাৰ্মিনেলৰ পৰা জাগুন  অৰুণাচল অভিমুখী তেল টেংকাৰৰ পৰা নিয়মিত প্ৰায় দুশৰ পৰা তিনিশ লিটাৰ পৰ্যন্তু  তেল এই ধাবা সমূহৰ পাছফালে থকা গোদামত  কাটিং কৰি জমা কৰা হয় । পাছত এই তেল ১০/১৫ টকা কমকৈ ট্ৰাক আৰু একাংশ অটো ড্ৰাইভাৰৰ ওচৰত বিক্ৰী কৰা হয় ।

এই তেল চুৰি কাৰ্যত একাংশ অইলৰ সংশ্লিষ্ট বিভাগৰ বিষয়া জড়িত থকাৰ অভিযোগ উঠিছে । যিহেতুকে বিভাগীয় ব্যক্তিৰ সহযোগিতাৰ অবিহনে এই চুৰি কাৰ্য সম্ভৱ নহয় বুলি জনা গৈছে  । ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ তিনিচুকীয়া জিলা সমিতিৰ উপদেষ্টা লক্ষ্যজ্যোতি গগৈ সভাপতি পাপু দত্ত আৰু সম্পাদক উমানন্দমুদৈ মৰাণ আৰু বিজু হাজৰিকাই জানিবলৈ দিয়া মতে –  ভাৰতীয় তেল নিগমৰ তিনিচুকীয়াৰ পৰা ডিগবৈলৈ টাৰ্মিনেলটো স্থানান্তৰ কৰাৰ পৰাই ডিগবৈৰ গোলাই আৰু পাৱৈ অন্ঞ্চলত থকা একাংশ ধাবাত  এটা তেল চোৰ চক্ৰই টেংকাৰ চালকৰ সৈতে বুজাবুজি কৰি তেল কাটিং কৰি অবৈধ বেহা চলাই অহা বুলি অভিযোগ কৰি  ৩১ মে তাৰিখত মহকুমাধিপতিক স্মাৰক পত্ৰ প্ৰদান কৰিছিল ।

উক্ত স্মাৰক খনত এই তেল চুৰি চক্ৰৰ সৈতে ভাৰতীয় তেল নিগম আৰু আৰক্ষী প্ৰশাসনৰ একাংশ বিষয়া জড়িত আছে বুলিও উল্লেখ কৰিছিল । কিন্তু ইয়াৰ পাছতো প্ৰশাসনে কোনো ব্যৱস্থা নললে বুলি জানিবলৈ দি সংগঠনটোৱে আজি প্ৰকাশ কৰা এক প্ৰেছ বাৰ্তাৰ জড়িয়তে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে । অতিশীঘ্ৰে এই সম্পৰ্কত তদন্তপূৰ্বক ব্যৱস্থা লবলৈ প্ৰশাসনক সংগঠনটোৱে দাবী জনাইছে।  উল্লেখযোগ্য যে – সমগ্ৰ মাৰ্ঘেৰিটা মহকুমাটোতে তেল চোৰ চক্ৰৰ লগতে তেল ভেজালীকৰণ চক্ৰ সক্ৰিয় হৈ আছে । অসমৰ তুলনাত কৰ ৰেহাই থকা অৰুণাচললৈ যোৱা তেল  মহকুমাটোৰ কেইবাটাও তেল ডিপোলৈ যোৱাৰ লগতে একাংশ কল মাইনিং কোম্পানীটো ব্যৱহ্নত হোৱাৰ অভিযোগ আছে । 

একাংশ ডিপোত ভেজালীকৰণৰ দৰে অসৎ কামো বহু বছৰৰ পৰা চলি থকাৰ অভিযোগ আছে । একাংশ আৰক্ষীৰ বৰমৃৰীয়া , একাংশ জাতীয় সংগঠনৰ নেতা তথা একাংশ সাংবাদিকক মেনেজ কৰিয়ে মহকুমাটোত এই চুৰি তেলৰ বৃহৎ ব্যৱসায় অসাধু ব্যৱসায়ী চক্ৰটোৱে চলাই আহিবলৈ সক্ষম হোৱা বুলি প্ৰাপ্ত অভিযোগত প্ৰকাশ ।

বিজেপিৰ সদৰ মণ্ডলে এই অবৈধ বেহা উৎখাতৰ বাবে প্ৰশাসনক আহ্বান জনাব বুলি প্ৰকাশ কৰিছে । গুৰুত্বপূৰ্ণ কথা ১৭ আগষ্টৰ দিনা সদ্য বহিস্কৃত বিজেপিৰ যুৱনেতাৰ ধন দাবীয়ে ভগৱান ধাবাৰ পেট্ৰল ডিজেলৰ চোৰাং বেহাৰ কথা উন্মোচিত কৰে যদিও আৰক্ষীয়ে অদ্যপৰিমিত কোনো ব্যৱস্থা লোৱা নাই ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in