মাৰ্ঘেৰিটাৰ নিৰ্দলীয় সদস্যই দেখুৱাইছে খেল!, ২৪ ঘণ্টাতে কংগ্ৰেছ-বিজেপি দুই দলতে যোগদান

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল সংবাদ, মাৰ্ঘেৰিটাঃ ১২৪ নং মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ ভিতৰপাৱৈ গাওঁ পন্ঞ্চায়তৰ ৯ নং ৱাৰ্ডৰ পৰা নিৰ্দ্দলীয় প্ৰাৰ্থী ৰূপে নিৰ্বাচিত অবিনাশ কেৰ্কেতা নামৰ প্ৰাৰ্থী জনে ২৪ ঘন্টাৰ ভিতৰতে প্ৰথমে ভাৰতীয় জাতীয় কংগ্ৰেছ আৰু দ্বিতীয়তে বিজেপিত যোগদান কৰাৰ বাতৰিয়ে ৰাইজৰ মাজত হাঁহিৰ খোৰাক সৃষ্টি কৰিছে । উল্লেখযোগ্য যে অবিনাশ কেৰ্কেতাই ভাৰতীয় জাতীয় কংগ্ৰেছ দলত যোগদান কৰা বুলি ১৪ ডিচেম্বৰত দলটোৱে প্ৰচাৰ চলাইছিল আৰু দলটোৰ শীৰ্ষ নেতাৰ সৈতে ৰাজীৱ ভৱনত তোলা ফটো সামাজিক মাধ্যম ফেচবুকৰ জড়িয়তে প্ৰকাশ কৰিছিল ।

ইয়াৰ বিপৰীতে দেওবাৰে ভিতৰপাৱৈ গাওঁ পঞ্চায়তৰ ৯ নং ৱাৰ্ডৰ নিৰ্দলীয় বিজয়ী প্ৰাৰ্থী অবিনাশ কেৰ্কেতা লগতে ১০ নং ৱাৰ্ডৰ নিৰ্দলীয় বিজয়ী প্ৰাৰ্থী সৰস্বতী তামাংৰ স্বামী ৰাজীৱ লামাই বিধায়ক ভাস্কৰ শৰ্মা আৰু সদৰমণ্ডলৰ সভাপতি ভাদেশ্বৰ মৰাণৰ উপস্থিতিত ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে বুলি প্ৰকাশ কৰি যোগদানৰ ফটো দলটোৱে সামাজিক মাধ্যমত প্ৰকাশ কৰিছে ।

গুৰুত্বপূৰ্ণ কথা অবিনাশ কেৰ্কেতা গেৰুৱা দলটোৰ সদৰ মণ্ডলৰ সভাপতি লৈ যোগদানৰ বাবে আবেদন কৰি লিখা এখন পত্ৰত কালি অতি চতুৰ ভাবে বজাৰলৈ আহি থাকোঁতে কংগ্ৰেছ দলৰ কেইজনমান কৰ্মীয়ে টানি নি তেওঁ লোকৰ দলীয় প্ৰতীক থকা গামোছা ডিঙিত পিন্ধাই সামাজিক মাধ্যমত প্ৰকাশ কৰা বুলি উল্লেখ কৰিছে । উল্লেখযোগ্য যে ১২৪ নং মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ ১৮ খন পঞ্চায়তৰ ভিতৰত তিনি খন পঞ্চায়ত দখল কৰিছিল কংগ্ৰেছ দলে। ইয়াৰ ভিতৰত ভিতৰপাৱৈ গাওঁ পঞ্চায়তৰ অন্যতম ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in