বটদ্ৰৱাৰ বালিসত্ৰত সত্ৰীয়া পৰম্পৰাৰে মাঘ বিহু উদযাপন…

বটদ্ৰৱাৰ বালিসত্ৰত সত্ৰীয়া পৰম্পৰাৰে মাঘ বিহু উদযাপন…


ডিজিটেল সংবাদ বটদ্ৰৱাঃ নগাঁও জিলাৰ ঐতিহ্যমণ্ডিত নৰোৱা বালিসত্ৰত পৰম্পৰাগতভাবে মাঘ বিহু উদযাপন কৰা হয় । জগত গুৰু শ্ৰীমন্ত শংকৰদেৱৰ পবিত্ৰ জন্মস্থান বটদ্ৰৱা থানৰ উত্তৰে অৱস্থিত বালিসত্ৰত গুৰুজনাই দেখাই থৈ যোৱা আৰ্হিৰে সত্ৰৰ ৰাইজে ভেলাঘৰ প্ৰস্তুত কৰে। উৰুকাৰ নিশা সত্ৰখনৰ গায়ন বায়নে ভেলাঘৰত সমবেত হৈ সম্পূৰ্ণ সত্ৰীয়া নীতি নিয়মৰ মাজেৰে মাজেৰে খোল প্ৰসংগ কৰি প্ৰসংগৰ অন্তত সমূহীয়া নাম প্ৰসংগ কৰে।

মাঘৰ বিহুৰ দিনা এই ভেলা ঘৰত সত্ৰখনৰসমূহ ভকত বৈষ্ণৱ, আই মাতৃ, যুৱক, যুৱতী সমবেত হৈ থিয় দিহা নাম গাই বছৰটোলৈ সমূহ ৰাইজৰ মংগল কামনাৰে সমূহীয়া আশীৰ্বাদ দিয়া নান্দনিক দৃশ্যই সকলোকে আপ্লুত কৰি তোলে । থিয় দিহা নামৰ অন্তত এই ভেলাঘৰ দাহন কৰা হয় আৰু পিছত ভেলাঘৰৰ পৰা বাট নাম গাই সত্ৰৰ মূল কীৰ্ত্তন ঘৰত নাম প্ৰসংগৰে এই মাঘ বিহুৰ নাম কীৰ্ত্তন সামৰণি মাৰি আহিছে। বালিসত্ৰত এই মাঘ বিহুৰ আনন্দ উল্লাসৰ মাজতে এক আধ্যাত্মিক পৰিবেশ বিৰাজ কৰা দেখিবলৈ পোৱা যায়।

আনহাতে ভকত, ডেকা চামৰ সমানে সমানে সত্ৰৰ চেমনীয়া কন কন লৰা ছোৱালী  বোৰেও মূল ভেলাঘৰৰ কাষতে সৰু সৰুকৈ বহুতো ভেলা ঘৰ সাজি বিহুৰ দিনা এই ভেলাঘৰৰ সন্মুখত গাৱৰ জেষ্ঠ সকলে প্ৰতিটো ঘৰত আগবঢ়োৱা পইচা লবলৈ ৰোমাল পাৰি শাৰী পাতি বহি থকাৰ যি মনোমোহা দৃশ্য সচাকৈ অতুলনীয়। এনেদৰেই বালিসত্ৰ বাসী ৰাইজে প্ৰতি বছৰে পৰম্পৰাগত ভাবে হেপাহৰ উৎসৱ মাঘ বিহু উদযাপন কৰি আহিছ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in